শেহতীয়া আপডেটঃ

গোৰ্খা ভৱনৰ টকা আত্মসাৎ সচাকৈয়ে কৰিছিল নে ? গোৰ্খা নেতা দিলীপ গজুৰেলে । Video

গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিলীপ গজুৰেলে গোৰ্খা ভৱনৰ টকা আত্মসাৎ সচাকৈয়ে কৰিছিল নে ?

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ২৬ ডিচেম্বৰ :

বিশ্বনাথৰ বিহালীৰ কুঁহিয়াৰবাৰীত স্থাপন কৰা গোৰ্খা ভৱনটি নিৰ্মাণৰ কাম সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিলীপ গজুৰেলৰ দায়িত্বত আছিল ৷ এই ভৱনটি সম্পূৰ্ণ হৈ নুঠাত একাংশ লোকে টকা আত্মসাৎ কৰা বুলি এক ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি জনমানসত হেয় প্ৰতিপন্ন কৰা বুলি দিলীপ গজুৰেলে সংবাদমেল যোগে জানিবলৈ দিয়ে ৷ ভৱনটি বনোৱাৰ দায়িত্ব লোৱাৰ সময়ৰ পৰাই কৰোণাই সংহাৰী ৰূপ ধাৰণ কৰাত কাম বন্ধ ৰাখিব লগা হয় ৷

আনহাতে নিৰ্মাণ কাৰ্যৰ ওপৰৰে বিদ্যুৎ পৰিবাহী তাৰ বিপদজনক হৈ আছিল ; এই বিষয়ে বিভাগীয় লোকক খবৰ দিয়া হৈছিল যদিও গুৰুত্ব দিয়া নাছিল আৰু ভৱন বনোৱা স্থানটি এখন পিটনি হোৱাত বাৰিষাৰ সময়ত নিৰ্মাণৰ কাৰ্য কৰাত যথেষ্ট অসুবিধাজনক হৈ আছিল বুলি উল্লেখ কৰে গজুৰেলে ৷ সেয়েহে কাম বন্ধ হৈ আছিল যদিও বৰ্তমান গোৰ্খা ভৱনটিৰ নিৰ্মাণৰ কাম পুৰ্ণ গতিত চলি আছে আৰু অহা তিনিমাহৰ ভিতৰত ভৱনটি সম্পুৰ্ণ হৈ উঠিব বুলি দিলীপ গজুৰেলে সংবাদমেল যোগে জানিবলৈ দিয়ে ৷ লগতে একাংশলোকে তেওঁৰ ওপৰত ভিক্তিহীন অভিযোগ আনি জনমানসত হেয় পতিপন্ন কৰাৰ চেষ্টা কৰা কাৰ্যক গৰিহণা দিছে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.