Wednesday, May 21, 2025
24 C
Guwahati

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত শনিবাৰে দুপৰীয়া জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ মূল কেন্দ্ৰ হিচাপে প্রতিষ্ঠা কৰাত উদ্যোগটোৱে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।

প্ৰকল্পটোৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো অসম তথা উত্তৰ-পূব ভাৰতৰ বাবে প্রযুক্তিগত বিকাশৰ পথত এটা উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্যোগত টাটা গ্রুপে আৰম্ভ কৰা এই প্রকল্প অসমবাসীৰ বাবে তাৎপৰ্যপূৰ্ণ আৰম্ভণি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে টাটা গ্রুপে অঞ্চলটোৰ চাহ উদ্যোগৰ লগতে চিকিৎসা খণ্ডলৈ আগবঢ়োৱা সেৱাৰ বিষয়েও উল্লেখ কৰে। ৰাজ্যখনত উগ্ৰবাদী সমস্যা প্রতিহত কৰাত চৰকাৰৰ সফলতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ঔদ্যোগিক গোষ্ঠীটোক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল বুলি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, এই প্ৰকল্পটোত ইতিমধ্যে সহস্ৰাধিক অসমীয়া যুৱতীক প্ৰশিক্ষণ দি নিয়োগৰ সুবিধা দিয়া হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি টাটা ছনছৰ চেয়াৰমেন নটৰাজন চন্দ্ৰশেখৰনে কয় যে, জাগীৰোডত স্থাপন কৰা ৰাজ্যৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পত বৈদ্যুতিক গাড়ী, মোবাইল ফোন আৰু চিকিৎসাৰ বিভিন্ন সঁজুলিৰ বাবে প্রয়োজনীয় ৪৮ হাজাৰ মিলিয়ন চিপছ প্রতিদিনে উৎপাদন তথা যন্ত্রাংশ সংযোজন কৰা হ’ব। আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, পীযূষ হাজৰিকা, নন্দিতা গালোচা, যোগেন মহন আৰু মুখ্য সচিব ড০ ৰবি কোটাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ উদ্দেশ্যেৰে অসম চৰকাৰে আজি টাটা গ্রুপৰ সৈতে এখন বুজাবুজিব চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশ লয়।

 

#NewsSource: Akashvani

- Advertisement -

Hot this week

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
overcast clouds
21.8 ° C
21.8 °
21.8 °
97 %
1.6kmh
100 %
Wed
34 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds