শেহতীয়া আপডেটঃ

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত শনিবাৰে দুপৰীয়া জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ মূল কেন্দ্ৰ হিচাপে প্রতিষ্ঠা কৰাত উদ্যোগটোৱে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।

প্ৰকল্পটোৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো অসম তথা উত্তৰ-পূব ভাৰতৰ বাবে প্রযুক্তিগত বিকাশৰ পথত এটা উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্যোগত টাটা গ্রুপে আৰম্ভ কৰা এই প্রকল্প অসমবাসীৰ বাবে তাৎপৰ্যপূৰ্ণ আৰম্ভণি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে টাটা গ্রুপে অঞ্চলটোৰ চাহ উদ্যোগৰ লগতে চিকিৎসা খণ্ডলৈ আগবঢ়োৱা সেৱাৰ বিষয়েও উল্লেখ কৰে। ৰাজ্যখনত উগ্ৰবাদী সমস্যা প্রতিহত কৰাত চৰকাৰৰ সফলতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ঔদ্যোগিক গোষ্ঠীটোক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল বুলি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, এই প্ৰকল্পটোত ইতিমধ্যে সহস্ৰাধিক অসমীয়া যুৱতীক প্ৰশিক্ষণ দি নিয়োগৰ সুবিধা দিয়া হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি টাটা ছনছৰ চেয়াৰমেন নটৰাজন চন্দ্ৰশেখৰনে কয় যে, জাগীৰোডত স্থাপন কৰা ৰাজ্যৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পত বৈদ্যুতিক গাড়ী, মোবাইল ফোন আৰু চিকিৎসাৰ বিভিন্ন সঁজুলিৰ বাবে প্রয়োজনীয় ৪৮ হাজাৰ মিলিয়ন চিপছ প্রতিদিনে উৎপাদন তথা যন্ত্রাংশ সংযোজন কৰা হ’ব। আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, পীযূষ হাজৰিকা, নন্দিতা গালোচা, যোগেন মহন আৰু মুখ্য সচিব ড০ ৰবি কোটাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ উদ্দেশ্যেৰে অসম চৰকাৰে আজি টাটা গ্রুপৰ সৈতে এখন বুজাবুজিব চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশ লয়।

 

#NewsSource: Akashvani

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.