
বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ,
২ আগষ্ট ঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ কৰা , চাহ শ্ৰমিক সকলৰ হাজিৰা বৃদ্ধি , ভুমি পট্টা প্ৰদান কৰা , আদিবাসী জাতীয় মঞ্চক জাতিগত প্ৰমানপত্ৰ প্ৰদান কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা , চাহ বাগিচা অধ্যুষিত অঞ্চলত শিক্ষাৰ মানদণ্ড উন্নত কৰা , চাহ বাগিচা উচ্ছেদ বন্ধ কৰাকে ধৰি একাধিক সমস্যাদি সমাধানৰ দাবীৰে ২ ঘন্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে । আছা জিন্দাবাদ , আমাক জনজাতিকৰণ লাগিবই , আদি বিভিন্ন শ্ল’গানেৰে মুখৰিত কৰি তোলা সংগঠনটিয়ে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উক্ত কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমিত কিণ্ড সম্পাদিকা ৰূপালি গড় তথা জিলা সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Leave a Reply Cancel reply