৫ সমষ্টিৰ উপ-নিৰ্বাচন : ৮ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, ৩১ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা :

 

 

৫ সমষ্টিৰ উপ-নিৰ্বাচন :
৮ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, ৩১ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা :

ডিজিটেল ডেস্কঃ ১৬ অক্টোবৰ;

অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা কেইবাজনো প্ৰাৰ্থীয়ে প্ৰত্যাহৰ কৰিলে মনোনয়ন।

৫ টা সমষ্টিৰ বাবে মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ৰূপে বিবেচিত হোৱাৰ পিছত শনিবাৰে ইয়াৰ ৮ জন প্ৰাৰ্থীয়ে প্ৰত্যাহৰ কৰিছে মনোনয়ন।
মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা ৩ গৰাকী,
গোসাইগাঁও সমষ্টিৰ পৰা ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে।
ইয়াৰ ফলত ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মুঠ ৩১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.