শেহতীয়া আপডেটঃ

সৰ্বদিশে অৱহেলিত ঘগ্ৰাপাৰ ষ্টেচন, ৫ বছৰে পোহৰ নিদিয়া ৫ টাকৈ ফাইট লাইট

● শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ আছু-যুৱ ছাত্র পৰিষদৰ দাবী

■ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰে’ল ষ্টেচন দেশ স্বাধীনতাৰ সময়তে স্থাপন হৈছিল যদিও স্বাধীনতাৰ ৭৫ বছৰ পাছতো সৰ্বদিশতে ষ্টেচনটো অৱহেলিত হৈ আছে বুলি চৰ্চিত হৈছে।

ৰে’ল ষ্টেচনটোত কেইবা দশক পূৰ্বে নিৰ্মিত এটি সাধাৰণ যাত্ৰী জিৰণি চ’ৰা ষ্টেচনটোৰ টিকট ঘৰ সংলগ্নকৈ প্লেটফৰ্ম আছে যদিও বিপৰীত দিশত প্লেটফৰ্ম স্থাপন নহ’ল।ইফালে ষ্টেচনটোৰ উত্তৰ দিশত প্ৰায় চাৰিবছৰ পূৰ্বে ৰে’ল বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই স্থাপন কৰা পাঁচটাকৈ ফাইট লাইটত আজি পৰ্য্যন্ত বিদ্যুৎ সংযোগ কৰি নিদিয়াৰ ফলত এন্ধাৰত বুৰ গৈ থাকে উত্তৰ দিশতো।

যাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলে নিশা নিৰাপত্তাহীনতাত ভুগি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। তদুপৰি যাত্ৰী অনুযায়ী শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ,বেঞ্চৰ অভাৱৰ উপৰি নিশা যাত্ৰীসকলে চৰম হতাশাত ভুগি আহিছে।

বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক গাঁৱৰ ৰে’লযাত্ৰীয়ে নিতৌ ষ্টেছনত উপস্থিত হৈ বিভিন্ন ঠাইলৈ ৰেলেৰে যাত্ৰা কৰে। এইসকল যাত্ৰীৰ পৰা ৰে’ল বিভাগে বৃহৎ পৰিমাণৰ ধন পায় আহিছে যদিও যাত্ৰীসকলে প্ৰয়োজনী সা-সুবিধাতো দূৰৰ কথা এটুপিও বিশুদ্ধ খোৱা পানী খাৱলৈ নাপায় বুলি অভিযোগ উঠিছে।

বিগত দিনত ষ্টেছনটোত সৰু-বৰ কাজিয়া-মাৰপিটকে ধৰি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াভাৱে ষ্টেচনটোত উত্তৰ দিশত নিশা পৰ্য্যন্ত পৰিমাণ পোহৰ নোহোৱাত কেতবোৰ অসামাজিক, কাৰ্য কৰা বাবে সুযোগ গ্ৰহণ কৰি আহিছে যদিও ৰেল বিভাগে উক্ত লাইটসমুহ জ্বলাই দিয়া ব‍্যৱস্থা কৰা নাই দল-সংগঠনে অভিযোগ কৰিছে।

সেয়েহে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি -সম্পাদক,যুৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে উক্ত ষ্টেচনটোৰ সংশ্লিষ্ট সমস্যাসমূহ দুৰ কৰিবলৈ ৰে’লৱে বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.