হঠাৎ কান্দি কান্দি ক্ষোভ উজাৰিলে এজন শিক্ষকে

পাপ্যৰ পৰা বঞ্চিত লখিমপুৰৰ আৱাসিক বিদ্যালয় শিক্ষক :

কান্দি কান্দি ক্ষোভ উজাৰিলে শিক্ষকে ।


আমাক মাথোঁ অলপ জীয়াই থকাত সহায় কৰক অনুৰোধ চৰকালৈ আৱাসিক শিক্ষক সকলৰ ।


অন্যথা আমাক আন্দোলন কৰিবলৈ বাধ্য নকৰিব বুলি চৰকাৰৰ নিজৰ ক্ষোভ প্ৰকাশ কৰিলে লক্ষীমপুৰৰ আৱাসিক বিদ্যালয়ৰ শিক্ষক সকলে ।

মুখ্যমন্ত্রীৰ বাসগৃহৰ সম্মুখত নিজৰ জীৱন দিবলৈয়ো কুন্ঠাবোধ নকৰাৰ সংকল্পৰে নিজৰ ক্ষোভ উজাৰিলে শিক্ষক সকলে ।

কান্দি কান্দি ক্ষোভ ওজাৰিলে আৱাসিক বিদ্যালয় শিক্ষকে লক্ষীমপুৰত।

সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্রৰ কৰ্মী সকলে চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিত আজিও নিজৰ পাপ্যৰ পৰা বঞ্চিত হৈ হতাশাত ভূগিছে এই সকল শিক্ষকে ।

উল্লেখ্য যে প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন – সকলোৰে বাবে শিক্ষা,সকলোৱে পঢ়োঁ, সকলোৱে আগবাঢ়ো শ্লোগানটো বাস্তৱ ৰূপ দিবলৈ বহু কষ্টৰে ২০০৩ চনৰ পৰাই এই সকল শিক্ষকে আধাতে বিদ্যালয় ত্যাগ কৰা, মানুহৰ ঘৰত বন কৰা হিচাপে থকা, ফুটপাতত ভিক্ষা মাগি থকা, শিলৰ কুৱেৰিত শিল ভঙ্গা, চাহ হোটেল, গেৰেজত নিয়োজিত হৈ থকা শিশু সকলৰ ঘৰে ঘৰে গৈ অভিভাৱক সকলৰ লগত আলোচনা কৰি আৱাসিক কেন্দ্ৰ লৈ আনি শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছিল এই আৱাসিক কৰ্মী সকল।

কিন্তু দুভাগ্যজনক জনক কথাটো হ’ল আজি পৰ্যন্তে এই দুৰ্ভগীয়া শিক্ষক কৰ্মী সকলে নাপালে শিক্ষকৰ মৰ্য্যদা ।

তাৰ ওপৰিও অসম চৰকাৰে অহা ২০২২ চনৰ ৩১ মাৰ্চত বন্ধ কৰি দিব বুলি পত্ৰ প্ৰেৰণ কৰিছে এই আৱাসিক কেন্দ্ৰ সমূহত তাঅ লৈ এতিয়া বিপাঙত পৰিছে শিক্ষক সকলক।

এতিয়া প্ৰশ্ন হয়, কি হ’ব এই শিক্ষক কৰ্মী সকলৰ ভৱিষ্যত?

কিয় হেতালী খেলিছিল এই সকল শিক্ষকৰ জীৱনক লৈ চৰকাৰে ।
আনহাতে শিক্ষক সকলকৰ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান আমাক জীয়াই থকাৰ সুবিধা অলপ দিয়ক আমাক সংস্থাপন দিয়ক, আমাক ভাতে নামাৰিব বুলি কান্দি কান্দি এই দৰে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক অনুৰোধ জনালে।

নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.