Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

ৰঙিয়া জিলা কাৰাটেৰ সন্থাৰ উদ্যোগত আন্তঃক্লাৱ কাৰাটে প্ৰতিযোগিতা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ৰঙিয়া জিলা কাৰাটেৰ সন্থাৰ উদ্যোগত আন্তঃক্লাৱ কাৰাটে প্ৰতিযোগিতা

 

ৰঙিয়া,১৯ আগষ্ট

অসম অলিম্পিক সন্থাৰ অন্তৰ্গত অসম কাৰাটে সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ্যোগত অহা ২১ আগষ্ট দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে এখনি আন্তঃক্লাৱ কাৰাটে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

অতি আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা প্ৰতিযোগিতাখনিত ৰঙিয়া জিলা কাৰাটে সন্থাৰ অন্তৰ্গত প্ৰায় ২০ টা ক্লাৱৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব৷বিজয়ী প্ৰতিযোগী সকলক মেডেলসহ মানপত্ৰ আৰু অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ দিয়া হ’ব৷

উক্ত প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলে আগন্তুক ৰাজ্যিক ভিত্তিত অনুস্থিত হ’ব লগা প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷
প্ৰতিযোগিতাখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে ইতিমধ্যে নিপন ভূঞা আৰু দুদুল শালৈক ক্ৰমে সভাপতি আৰু সম্পাদক হিচাবে লৈ এখন উচ্চস্তৰীয় অভ্যৰ্থনা সমিটি গঠন কৰা হৈছে।

ৰঙিয়াৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰাঙ্গণত অনুস্থিত হ’ব লগা প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাৰ বাবে ৰঙিয়া জিলা কাৰাটে সন্থাৰ সভাপতি,স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সম্পাদক,আন্তৰাষ্ট্ৰীয় খেলুৱৈ তথা প্ৰশিক্ষক চৈয়দ মাজহাৰুল ইছলামে সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া এখনি সাংস্কৃতিক সমাৰোহৰো আয়োজন কৰা হৈছে,য’ত জনপ্ৰিয় কণ্ঠশিল্পী বিকুল শইকীয়া আৰু বনশ্ৰী দেৱীয়ে গীত পৰিবেশন কৰিব বুলি উদ্যোক্তাসকলে জনাইছে ।

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °