শেহতীয়া আপডেটঃ

শ্ৰদ্ধাঞ্জলি কাননত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” ব্যতিক্ৰমী কাৰ্যসূচী

গুৱাহাটীঃ পুৰণি বছৰক বিদায় আৰু নতুনক আদৰাৰ এই গুৰুত্বপূৰ্ণ আৰু উৎসৱমুখৰ সময়ত অসমত যাতে কোনো পথ-দুৰ্ঘটনা সংঘটিত নহয় আৰু দুৰ্ঘটনাত কোনো লোক নিহত হ’বলগীয়া নহয় তাৰবাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজপথত ব্যাপক অভিযান চলাইছে। ইফালে ৰাজপথৰ সুৰক্ষাৰ বাবে প্ৰথমে বাহনসমূহ সুৰক্ষিত তথা বৈধ কৰি ৰখাৰ বাবে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত মহানগৰ জিলাৰ সমজিলা সমূহত অব্যাহত আছে “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” ব্যতিক্ৰমী সেৱা কাৰ্যসূচী৷ নতুন বছৰটোলৈ মাজত মাত্ৰ আৰু এটা দিন থকা অৱস্থাত আজি এই বিশেষ সেৱা কাৰ্যসূচীৰ অধীনত মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত বয়োজ্যেষ্ঠ নাগৰিক আৰু মহিলাসকলৰ বাহন চালনা আৰু যানবাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যাৰ থিতাতে সমাধান কৰা হয়৷

অনুষ্ঠানত উপস্থিত থাকি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে “যানবাহনৰ নথিপত্ৰসমূহ সঠিক হৈ থাকিলেহে সুৰক্ষিত যাতায়াত সম্ভৱ। কিয়নো সুৰক্ষিত যাতায়াতৰ প্ৰথম আৰু প্ৰধান চত্তটোৱে হৈছে নথিপত্ৰসমূহ সঠিক কৰি ৰখা। কোনো দুৰ্ঘটনা সংঘটিত হ’লে আপোনাৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, বাহনৰ কৰ পৰিশোধ আদি বিভিন্ন নথিপত্ৰসমূহ যদি সঠিক হৈ নাথাকে তেন্তে আপোনালোক চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা পাবলগীয়া ক্ষতিপূৰণৰ পৰা বঞ্চিত হ’ব৷” সেয়ে ৩১ডিচেম্বৰৰ আগতে প্ৰতিগৰাকী যানবাহন ব্যৱহাৰকাৰীকে বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লৈ আগন্তুক নৱবৰ্ষত সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হ’বলৈ তেওঁ আহ্বান জনায়৷

সমাজৰ এইসকল সন্মানীয় লোকক নিজৰ লৰা-ছোৱালী, নাতি-পুতিৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰতে পথ সুৰক্ষাৰ সজাগতাক এক সংস্কৃতি আৰু জনআন্দোলন হিচাপে গঢ়ি তুলিবলৈয়ো পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে আহ্বান জনায়। অনুষ্ঠানত প্ৰাক্তন জিলা পৰিবহণ বিষয়া দ্বীজেন দাস উপস্থিত থাকি পৰিবহণ বিভাগে পদূলিমুখতে আহি আগবঢ়োৱা পৰিবহণৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ লাভ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্ত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখ্য যে বহুসংখ্যক জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰা আজিৰ এই জনসেৱা কাৰ্যসূচীত দীৰ্ঘদিনে সমাধান কৰিব নোৱৰা বাহনৰ নথিপত্ৰ বিষয়ক ওজৰ-আপত্তি পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে নিমিষতে সমাধান কৰি দিয়াত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে ৷ ইফালে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা দহবজাৰ পিছত বাহনৰ সুৰাসক্ত চালকক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগক দিয়া নিৰ্দেশত সন্তোষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। কিয়নো সুৰাসক্ত চালকৰ কাৰণে পথত চলাচল কৰাটো বয়োজ্যেষ্ঠ নাগৰিক সকলৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰা বুলি জ্যেষ্ঠ নাগৰিকসকলে ব্যক্ত কৰে৷ আজিৰ জনসেৱা কাৰ্যসূচীত জ্যেষ্ঠ যানবাহন পৰিদৰ্শক অচিন্ত্য সেনৰ নেতৃত্বত পৰিবহণৰ সহায়কাৰী বিষয়াৰ দলে যানবাহনৰ নথিপত্ৰ বিষয়ক শতাধিক সমস্যাৰ থিতাতে সমাধান কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.