শেহতীয়া আপডেটঃ

গােসাঁইগাঁৱত ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ সমৰ্থনত আয়ােজিত নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

অগণন জনতাৰ অংশগ্রহণে গােসাঁইগাঁও সমষ্টিত ইউ পি পি এল দলৰ প্রার্থী বিজয়ী হােৱাটো নিশ্চিত কৰিছেঃ মুখ্যমন্ত্রী

■ চৰকাৰে লােৱা জনকল্যাণকামী আৰু জনমুখী আঁচনিয়ে উপ নির্বাচনত গােসাঁইগাঁৱকে ধৰি আনকেইটা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্রার্থীকেইগৰাকীৰ বিজয় নিশ্চিত কৰিব। আজি গােসাঁইগাঁৱত বিজেপি, ইউ পি পি এল আৰু অসম গণ পৰিষদৰ যুটীয়া নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। উল্লেখ্য যে গােসাঁইগাঁও বিধানসভা সমষ্টিৰ উপ-নির্বাচনত ইউ পি পি এল দলৰ প্রার্থী জিৰণ বসুমতাৰীয়ে প্রার্থিত্ব প্রদান কৰিছে।

জনাকীর্ণ নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বি টি আৰত সুদীর্ঘ দিন ধৰি হিংসা আৰু সন্ত্রাসে ৰাজত্ব চলাইছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বি টি আৰ চুক্তি সম্পাদন কৰি এই অঞ্চলটোলৈ স্থায়ী শান্তি ঘুৰাই আনিবলৈ সক্ষম হৈছে। এতিয়া বি টি আৰত হিংসাৰ সলনি প্রগতিৰ গতি ত্বৰান্বিত হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিজেপি আৰু ইউ পি পি এলৰ মিত্ৰজোঁটে বি টি আৰত ক্ষীপ্র উন্নয়ন সাধন কৰিব আৰু এই অঞ্চলটোক ৰাজ্যখনৰ ভিতৰতে এক অগ্রণী বিকাশৰ অঞ্চল হিচাপে গঢ়ি তুলিব। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগন্তুক পাঁচ বছৰৰ ভিতৰতে বি টি আৰৰ স্থায়ী বাসিন্দাসকলৰ ভূমি সম্বন্ধীয় সকলাে বিষয় নিষ্পত্তি কৰা হ’ব। বড়াে আৰু আদিবাসীৰ সংঘাতৰ দ্বাৰা ক্ষতিগ্রস্ত সকলাে জনসাধাৰণলৈ পুনৰ সংস্থাপন প্রদান কৰাৰ দিশত বৰ্তমানৰ চৰকাৰখন বদ্ধপৰিকৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই হিংসাৰ ফলত নিহত হােৱা ব্যক্তিসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ’ব।

ৰাজ্যখনৰ ১ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক নিয়ােগ প্রদান সন্দৰ্ভত বৰ্তমানৰ চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি এই বছৰৰ নৱেম্বৰৰ পৰা ৰাজ্যখনৰ মাইক্রফাইনেন্সৰ ঋণ গ্রহণ কৰা ১১ লাখ মহিলালৈ তিনিটা পর্যায়ত ৰাজ্য চৰকাৰে ঋণ ৰেহাইৰ ব্যৱস্থা কৰিছে। বি টি আৰৰ তথা গােসাঁইগাঁও সমষ্টিৰ সৰ্বাংগীন বিকাশৰ বাবে জিৰণ বসুমতাৰীক বিপুল ভােটদানেৰে জয়যুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

কেন্দ্ৰ আৰুৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে সন্মিলিতভাৱে কাম কৰি প্ৰগতিৰ গতি ত্বৰান্বিত কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছ, বি পি এফ আৰু এ আই ইউ ডি এফৰ লেখীয়া দলৰ প্রার্থীক ভােট দিয়া মানে প্রগতিৰ গতিধাৰা বিঘ্নিত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিজেপিয়ে আগন্তুক দিনতাে সদায়ে ইউ পি পি এলৰ সৈতে মিত্রতা অব্যাহত ৰাখিব।

আজিৰ এই নির্বাচনী সভাত ৰাজ্য চৰকাৰৰ মন্ত্রী ক্রমে অশােক সিংহল, ইউ জি ব্রহ্ম, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমােদ বড়ােৰ উপৰি মিত্ৰজোঁটৰ দলসমূহৰ শীর্ষ নেতাৰ লগতে গােসাঁইগাঁও সমষ্টিৰ প্রার্থী জিৰণ বসুমতাৰীয়ে অংশগ্রহণ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.