শেহতীয়া আপডেটঃ

গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ কৰুণ অৱস্থাঃচৈবাৰীৰ দ পুখুৰীত ওৰে নিশা আৱদ্ধ ৬ টা বনৰীয়া হাতী

গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ কৰুণ অৱস্থাঃচৈবাৰীৰ দ পুখুৰীত ওৰে নিশা আৱদ্ধ ছয়টা বনৰীয়া হাতী


মানুহ আৰু বন্যহস্তীৰ সংঘাটে তীব্ৰৰূপ ধাৰণ কৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি দেখা গ’ল এজাক বন্যহস্তীৰ কৰুণ অৱস্থা ৷ 

লক্ষীপুৰৰ চৈবাৰী তৈল খেজুৰ বাগানৰ দ পুখুৰীত যোৱা নিশা পানী খাবলৈ নামি আজি দুপৰীয়ালৈ পুখুৰীটোতে আৱদ্ধ হৈ থাকিল ছয়টাকৈ বন্যহস্তী ৷

উল্লেখ্য যে কালিও এই পুখুৰীটোত আৱদ্ধ হৈ পৰিছিল পাঁচটাকৈ বন্যহস্তী ৷ কালি বন বিভাগে অশেষ কষ্ট কৰি বনৰীয়া হাতী কেইটা উদ্ধাৰ কৰে যদিও যোৱা নিশা পুণৰ আন ছয়টা হাতী পানী খাবলৈ নামি আৱদ্ধ হয় দ পুখুৰীটোত ৷

পুখুৰীটোৰ পাৰ বহু ওখ হোৱাৰ বাবে পানীৰ পৰা উঠি অহাৰ কোনো পথ নেপাই গোটেই নিশা প্ৰাণৰ মমতাত চিঞৰি থাকে হাতীকেইটা ৷

অৱশেষত আজি দুপৰীয়া বন বিভাগে জেচিবি, এক্সেভেলেটৰেৰে পুখুৰীৰটোৰ পাৰ খান্দি হাতী কেইটাক উঠি অহাৰ ব্যৱস্থা কৰি দিয়ে ৷ বন বিভাগৰ এনে তৎপৰতাত একাংশ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে যদিও আন একাংশই সঠিক মতে কৰ্তব্য সম্পাদন নকৰাৰ অভিযোগ তুলিছে বন বিভাগটোৰ বিৰুদ্ধে ৷

ৰাইজে অতি শীঘ্ৰে চৈবাৰী তৈল খেজুৰ বাগানৰ দ পুখুৰী কেইটা পুতি পেলোৱাৰ লগতে বন্যহস্তীৰ সমস্যাটো বিজ্ঞান সন্মত ভাৱে সমাধান কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.