Guwahati Airport : 🛫আদানী গ্রুপৰ হাতলৈ গ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

■ ✈️ আদানী গ্ৰুপৰ হাতলৈ গ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ, মাজনিশা ঢোল-পেঁপা বজাই হস্তান্তৰ দায়িত্ব
বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ (LGBI Airport) আজিৰে পৰা হ’ল আদানী গ্ৰুপ (Adani Group)ৰ। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (AAI) যোৱা নিশা ১২ বজাত হস্তান্তৰ কৰে আদানী এয়াৰপোৰ্ট লিমিটেডৰ হাতত।

নিশা ১২ বজাত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়ববীয়া সকলে আনুষ্ঠানিকভাৱে আদানী গ্ৰুপৰ হাতত চমজাই দিয়ে বৰঝাৰ বিমানবন্দৰৰ ছাবিকাঠি। বিমানবন্দৰৰ ভিতৰচোৱাত নিশাৰ ভাগত অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি প্ৰদর্শন কৰি দায়িত্ব ভাৰ গ্ৰহণ কৰে আদানী এয়াৰপোৰ্ট লিমিটেডে।

আজিৰে পৰা আদানী গ্রুপৰ হাতত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ যাৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বহু কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰি আজিৰ দিনটো অসম তথা ভাৰত বৰ্ষৰ বাবে আজিৰ দিনটো ক’লা দিন হিচাবে পালন কৰে।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধীনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰেও ১৯৫৮ চনৰ পৰাই সেৱা আগবঢ়াই আহিছিল। এতিয়া আদানী গ্ৰুপৰ হাতত বৰঝাৰ বিমানবন্দৰ ৫০ বছৰৰ বাবে গতাই দিয়াত দুখ প্ৰকাশ কৰি ক’লা দিৱস হিচাবে পালন কৰে বহু সংখ্যক কৰ্মচাৰীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.