শেহতীয়া আপডেটঃ

জামছেদপুৰক বিধ্বস্ত কৰি চমকপ্ৰদ প্ৰত্যাৱৰ্তন নৰ্থ ইষ্ট ইউনাইটেডৰ

নৰ্থ ইষ্ট ইউনাইটেডঃ ৫ [আলাউদ্দিন ৫, ৯০ মিনিট, পাৰ্থিৱ ৪৪, ৫৫ মিনিট, নিকছন ৮২ মিনিট]
জামছেদপুৰ এফ চিঃ ০

গুৱাহাটীঃ চাৰিখন মেচৰ দুৰ্ভাগ্যৰ অন্ত পেলাই জয়ৰ ছন্দলৈ উভতিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল]ৰ শনিবাৰে অনুষ্ঠিত প্ৰথম মেচত গুৱাহাটীৰ দলটোৱে ৫-০ গলত পৰাস্ত কৰে জামছেদপুৰ এফ চিক৷

উল্লেখ্য যে গৃহ ষ্টেডিয়ামত চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডৰ এয়া প্ৰথম জয়ৰ সফলতা৷ দলৰ এই চমকপ্ৰদ জয়ৰ নায়ক হ’ল অসম সন্তান পাৰ্থিৱ গগৈ আৰু মৰক্কোৰ তাৰকা আলাউদ্দিন আজাৰাই৷ উভয়ে দুটাকৈ গল কৰাৰ বিপৰীতে আনটো গল কৰে নিকছনে৷

পূৰ্বৰ হতাশা পাহৰি আত্মবিশ্বাসৰে খেলিবলৈ আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডক খেলৰ পাঁচ মিনিটতে গল কৰি অগ্ৰগতি দিয়ে আলাউদ্দিনে৷ ক্ৰমাগত প্ৰথম ছখন মেচত গল কৰাৰ গৌৰৱ যাত্ৰা অব্যাহত ৰাখিলে আজাৰায়ে৷ ইফালে, ২৯ মিনিটত জামছেদপুৰৰ ষ্টিফেনে ৰঙা কাৰ্ড হোৱাত দল বিপদত পৰে৷ ইয়াৰ সুযোগ লৈয়ে প্ৰথমাৰ্ধৰ পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি ২-০ কৰে অসম সন্তান পাৰ্থিৱ গগৈ [৪৪ মিনিট]য়ে৷

দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত পাৰ্থিৱে [৫৫ মিনিট] দ্বিতীয়টো গল কৰি দলৰ জয় নিশ্চিত কৰি দিয়ে৷ অন্তিম দহ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডে আৰু দুটা গল কৰিবলৈ সক্ষম হয়৷ ৮২ মিনিটত নিকছনে গল কৰি ব্যৱধান ৪-০ কৰাৰ পাছত আলাউদ্দিনে ৯০ মিনিটত দ্বিতীয়টো গল কৰিবলৈ সক্ষম হয়৷

ডুৰাণ্ড কাপৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডে ছখন মেচ খেলাৰ পাছত আঠ পইণ্ট লাভ কৰিলে৷ উল্লেখ্য যে দলে এখন মেচত জয় অৰ্জন কৰাৰ পাছত¸ দুখনকৈ মেচত পৰাজয় তথা ড্ৰ খেলিছিল৷ আজিৰ চমকপ্ৰদ জয়ে দলক পুনৰ লীগলৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰালে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে আশাৰ খবৰ হ’ল দলে আটাইকেইখন মেচতে প্ৰথমে গল কৰাৰ পৰম্পৰা অব্যাহত ৰাখিছে৷

ইফালে, জামছেদপুৰ দলৰ আত্মবিশ্বাস তুংগত আছিল যদিও আজি ছন্দ বিচাৰি নাপালে৷ দহজনৰে খেলিব লগা হোৱাত দলে আক্ৰমণ কৰিবলৈ সক্ষম নহ’ল৷ পূৰ্বৰ পাঁচখন মেচৰ চাৰিখনতে জয়লাভ কৰি বাৰ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত আছিল দল৷ গুৱাহাটীত দলে ছিজনৰ দ্বিতীয় পৰাজয়ৰ সন্মুখীন হ’ল৷

উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইউনাইটেডে লীগৰ পৰৱৰ্তী মেচখনো ঘৰত খেলিব৷ অহা তিনি নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আবেলি পাঁচ বজাত হ’বলগা মেচত দলে ওড়িছা এফ চিৰ বিৰুদ্ধে খেলিব৷

ইফালে, জামছেদপুৰ এফ চিয়েও লীগৰ পৰৱৰ্তী মেচখন ঘৰত খেলিব৷ অহা চাৰি নৱেম্বৰত জামছেদপুৰৰ টাটা ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত হ’বলগা মেচত দলে চেন্নাইয়ান এফ চিৰ মুখামুখি হ’ব৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.