শেহতীয়া আপডেটঃ

অৰ্থনৈতিক স্বাৱলম্বিতাইহে নাৰীক প্ৰকৃতাৰ্থত সবল কৰিব পাৰিব ✒️পল্লবী নেওগ বৰা

✒️পল্লবী নেওগ বৰা

“a woman with her inherent characteristics such as compassion, patience, perseverance, honesty, sensitivity to social issues, constructive approach towards problem solving and hard work, will be able to play a vital role in realising this mission. Such women, when empowered through the democratic process, can collectively produce spectacular results.”— APJ Abdul Kalam.

সৃষ্টিকর্তাৰ অনন্য সৃষ্টি নাৰী৷ নাৰীক কেন্দ্র কৰিয়েই ব্রহ্মাণ্ডখন চলি আহিছে৷ নাৰীৰ হাতত ধৰিয়ে সলনি হৈছে বহু সভ্যতা, ইতিহাসৰ পৃষ্ঠা আৰু সংযোজিত হৈছে অনেক বর্ণিল অধ্যায়ৰ৷ আজিৰ নাৰী আধুনিক, শিক্ষিত, জ্ঞানী ৷ শাৰীৰিকভাৱে পুৰুষতকৈ দুর্বল হ’লেও মানসিকভাৱে বহু সবল৷ ঘোঁৰাত উঠি যুদ্ধ কৰাৰ পৰা আৰম্ভ কৰি মহাকাশলৈ যোৱালৈকে নাৰীয়ে নিজৰ এখন ছবি সমাজত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ কিন্ত্ত সাংখ্যিক দিশৰ পৰা চালে এনে নাৰীৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা যাব। ইয়াৰ প্ৰধান কাৰণ হৈছে পুৰুষৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতা। ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে
পৰিয়ালৰ ভিতৰতে নাৰীগৰাকী অনেক সময়ত পুৰুষৰ সমমৰ্যাদাৰ আৰু সমঅধিকাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় । স্বামীৰ মৃত্যুৰ পাছত অনেক সময়ত নাৰীগৰাকীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰো উদাহৰণ দেখা যায়। আনহাতে, নাৰীগৰাকী যদি অশিক্ষিত বা অৰ্ধশিক্ষিত হয় আৰু নিজৰ কোনো সংস্থাপন নাথাকে তেনেক্ষেত্ৰত তেওঁ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ মানসিকভাৱে বিপৰ্যস্ত হৈ পৰে। এনেধৰণৰ নিৰ্যাতন অনেক সময়ত সমাজৰ চকুত নপৰাকৈয়ে সংঘটিত হৈ থাকে। এনে অর্থনৈতিক বৈষম্যহীনতাৰ বাবে বহু নাৰীয়ে নৰক যন্ত্রণাক জীৱনৰ সংগী কৰি ল’বলৈ বাধ্য হোৱা দেখা যায়৷ আনকি স্বাৱলম্বী বা চাকৰি কৰা মহিলাসকলো এই আগ্রাসনৰ পৰা ৰক্ষা পোৱা নাই৷ উপার্জন, জমা, সঞ্চয়, বিনিয়োগ কৰা ঠিকেই, কিন্তু নিজৰ পছন্দমতে খৰচ কৰিবলৈ অপাৰগ হয়৷ স্বামীৰ পছন্দকেই নিজৰ পছন্দ বুলি মানি ল’বলগীয়া হয়৷ কিয়নো সহণশীলা নাৰীয়ে সংসাৰ ধৰি ৰখাৰ চক্রবেহুত সোমাই নিজৰ চিন্তা–বুদ্ধিক বিসর্জন দি পিতৃ, দাদা, ভাতৃ, স্বামী, মামা, খুৰা, পুত্র আদিৰ অনুগামী হ’বলৈ বাধ্য হৈ পৰে৷ মুখখুলি যুক্তিসংগত কথা এষাৰ কোৱাত অপৰাগ হয়।

এনে নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ হ’লে শৈশৱৰ পৰাই কন্যা শিশুৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। শিক্ষাই নাৰীক সবলীকৰণৰ দিশত আগবঢ়াই নিয়াত সহায় কৰে। গতিকে, শিক্ষাক অগ্ৰাধিকাৰ দিবই লাগিব। ইয়াৰ লগতে বুজিব পৰা বয়সৰ পৰাই কন্যা সন্তানক অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে উৎসাহিত কৰিব লাগিব। । অৰ্থনৈতিক স্বাৱলম্বিতাই মনলৈ আত্মবিশ্বাসৰ ভাৱ অনাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সৈতে অথবা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস যোগায়। তদুপৰি কন্যা আৰু পুত্ৰ সন্তানৰ প্ৰতি সমভাৱ ৰাখিব লাগিব। সম মৰ্য্যাদা প্ৰদান কৰিব লাগিব । কন্যা সন্তানক উপাৰ্জনৰ যোগ্য কৰাৰ পিছতহে বিবাহৰ কথা চিন্তা কৰা উচিত । শিক্ষিত আৰু দক্ষ নাৰীয়ে সবল নাৰী।

“নাৰী সবলীকৰণ” বৰ্তমান সমগ্ৰ বিশ্বৰেই এটা বহুলভাৱে চৰ্চিত বিষয়। ১৯৮৫ চনত নাইজেৰিয়াত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলাৰ সবলীকৰণৰ ধাৰণা প্ৰচলন কৰে। এই সন্মিলনত কোৱা হৈছিল যে মহিলাসকলক সামাজিক ক্ষমতা পুনৰ বিতৰণ কৰা আৰু তেওঁলোকৰ সপক্ষে সম্পদৰ নিয়ন্ত্ৰণ কৰাই হৈছে মহিলাৰ সবলীকৰণ। স্বাধীনতা, সমতা আৰু সামাজিক ন্যায় আদি গণতান্ত্ৰিক আদৰ্শ সমূহ পুৰুষ মহিলা উভয়ে সমানে লাভ কৰিলেহে সুস্থিৰ সামাজিক বিকাশ সম্ভৱ হ’ব। মহিলাসকলৰ যোগ্যতা, সম্ভাৱনা আৰু ক্ষমতাক সমাজত সকলোৱে একেমুখে স্বীকৃতি দিব লাগিব। লিংগ বৈষম্যক সমাজৰ পৰা আতৰ কৰিব লাগিব। লগতে মহিলা সকলেও নিজৰ অন্তৰ্নিহিত যোগ্যতাক চিনাক্ত কৰিব পাৰিব লাগিব। সাহস আৰু সততাৰে আত্ম নিৰ্ভৰশীল হৈ উঠিব লাগিব, তেতিয়াহে পুৰুষৰ সমানে আগবাঢ়িবলৈ সক্ষম হ’ব। এইবাৰ ২০২৪ বৰ্ষৰ নাৰী সবলীকৰণৰ মূলমন্ত্ৰ হৈছে নাৰীৰ ওপৰত ইনভেষ্ট কৰা। সচাঁই এটা কথা সত্য যে এগৰাকী নাৰীক পৰিয়ালত যিমান মৰম আৰু আদৰ কৰিব তেওঁ তাৰ দুগুণ তিনিগুণ আপোনাক দিব। মানে সূতে মূলে ওভতাই দিব। নাৰী এগৰাকীয়ে পুৱাৰ পৰা নিশালৈ পৰিয়ালৰ সকলো সদস্যৰে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি চোৱা চিতা কৰালৈ সকলো দায়িত্ব পালন কৰে, কিন্ত্ত তাৰ প্ৰতিদান নিবিচাৰে। তাৰ সলনি বিচাৰে অলপ মৰম আৰু আদৰ। ঘৰখনত সন্মানেৰে জীয়াই থাকিব বিচাৰে। ৰন্ধা-বঢ়াৰ বাহিৰেও বহুতো নাৰী বোৱা-কটা, চিলাই, হস্তশিল্পজাত সামগ্ৰী নিৰ্মাণত পাৰ্গত থাকে। কিন্ত্ত ঘৰৰ কামৰ বাবেই হওঁক বা সুবিধাৰ অভাৱত তেওঁলোকৰ প্ৰতিভা বা দক্ষতা বিকাশ নোহোৱাকৈ থাকি যায়। সেই বাবেই মহিলাসকলক আগবঢ়াই অনাৰ ক্ষেত্ৰত চৰকাৰেও বিভিন্ন আঁচনিৰে এক প্ৰকাৰৰ বিনিয়োগ বা ইনভেষ্ট কৰিছে। কাৰণ এই সুবিধা সমূহ গ্ৰহণ কৰি যথেষ্ট সংখ্যক মহিলাই পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব অকলেই ল’ব পৰা হৈছে আৰু দেশৰ অৰ্থনৈতিক বিকাশতো হাত আগবঢ়াইছে।

মহিলাসকলে এখন দেশৰ অৰ্থনৈতিক বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিবাহৰ পাছত যিদৰে এগৰাকী নাৰীয়ে নতুন ঘৰ এখন নিজৰ কৰি সংসাৰৰ সকলো দায়িত্ব পালন কৰিব পাৰে ঠিক তেনেদৰে উপাৰ্জনৰ ক্ষেত্ৰতো উৎপাদকৰ পৰা বিক্ৰেতালৈ সকলো ধৰণৰ দায়িত্ব পালন কৰাৰ ক্ষমতা অৰ্জন কৰি ল’ব পাৰে। বৰ্তমান সময় সলনি হৈছে। কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰা মহিলাৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত এতিয়াৰ চৰকাৰখনৰো যথেষ্ট অৰিহণা আছে। প্ৰতি বছৰে যোগ্যতাৰ ভিত্তিত যথেষ্ট সংখ্যক শিক্ষিত মহিলাই বিভিন্ন বিভাগৰ বিভিন্ন পদত যোগদান কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি ন ন চৰকাৰী আঁচনিসমূহে সমাজৰ সকলো শ্ৰেণীৰ মহিলাক সামৰি লৈ উদ্যমিতাৰ দিশত আগবঢ়াই নিয়াত সফল হৈছে।
নাৰী সবলীকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা এখন আঁচনি হ’ল স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ আঁচনি। ১৯৯৯ চনত আৰম্ভ কৰা এই আঁচনিয়ে সমগ্ৰ দেশৰ নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি গঢ়ি তুলিছিল । দাৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ নাৰীৰ স্বৰোজগাৰৰ বাট মুকলি কৰা এই আঁচনিৰ অন্যতম উদ্দেশ্য আছিল । এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বৃহৎ সংখ্যক আত্মসহায়ক গোট গঠন কৰি মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ পৰিল। পাপৰ, বৰ, দুগ্ধজাত সামগ্ৰী, হস্তশিল্পৰ সামগ্ৰী, হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আত্মসহায়ক গোটৰ মহিলাসকলে অৰ্থনৈতিক দিশত নতুন দিগন্তৰ সূচনা কৰিছিল আৰু এই অৰ্থনৈতিক স্বাৱলম্বিতাই তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিলে। আত্মনিৰ্ভৰশীল হৈ পৰিয়াল তথা সমাজত এক সন্মানীয় জীৱন-যাপন কৰিবলৈ সক্ষম হ’ল । নাৰী সবলীকৰণৰ এয়া এক উদাহৰণ। ঠিক সেইদৰে বিহাৰ আৰু ঝাৰখণ্ডৰ গ্ৰামাঞ্চলতো এই আঁচনিয়ে এক বুজন সংখ্যক মহিলাক কৰ্মসংস্থাপন দিছিল। আমাৰ অসমতো স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ আঁচনিৰ অন্তৰ্গত গাঁৱে-ভূঞে বহুতো আত্মসহায়ক গোট স্থাপন হৈছিল । এই গোটসমূহৰ সদস্যসকলে পিঠা-পনা, জাম-জেলি, হস্তশিল্পজাত সামগ্ৰী, হাতে বোৱা বস্ত্ৰ আদি প্ৰস্তুত কৰি উপাৰ্জনৰ পথ উলিয়াই ল’লে । সামান্য মূলধন বিনিয়োগ কৰি তেওঁলোকে উপাৰ্জনৰ এই সুযোগ লাভ কৰি উপকৃত হ’ল।

মহিলা সবলীকৰণৰ আন এখন উল্লেখযোগ্য আঁচনি হ’ল কনকলতা মহিলা সবলীকৰণ আচঁনি, যাক কনকলতা মহিলা সৱলীকৰণ পদক্ষেপ বুলিও কোৱা হয়। মহিলা সবলীকৰণ আৰু সমাজত লিংগ সমতা বৃদ্ধি এই আচঁনিৰ অন্যতম লক্ষ্য। লগতে নাৰীক শিক্ষা, দক্ষতা বিকাশ, উদ্যোগীকৰণ, অৰ্থনৈতিক সবলীকৰণৰ সুযোগ প্ৰদান কৰি উন্নীতকৰণৰ বাবে চেষ্টা কৰাও আন এক উদ্দেশ্য । মহিলাসকলৰ নিয়োগযোগ্যতা আৰু অৰ্থনৈতিক স্বাধীনতা বৃদ্ধিৰ ক্ষেত্ৰত দক্ষতা বিকাশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কনকলতা মহিলা সবলীকৰণ আচঁনিয়ে মহিলাসকলক বজাৰযোগ্য দক্ষতাৰে সজ্জিত কৰিবলৈ বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচী আৰু কৰ্মশালাৰ আয়োজন কৰে। এই কাৰ্যসূচীসমূহে কম্পিউটাৰ সাক্ষৰতা, টেইলাৰিং, হস্তশিল্প, উদ্যোগীকৰণ, আৰু বিত্তীয় ব্যৱস্থাপনা আদি বহুতো ক্ষেত্ৰ সামৰি লয়। এই দক্ষতাসমূহ লাভ কৰি মহিলাসকলে নিয়োগৰ সুযোগ বিচাৰিব পাৰে বা নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে, যাৰ ফলত আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে। তদুপৰি এই পদক্ষেপে লিংগ সমতা, মহিলাৰ অধিকাৰ, আৰু মহিলাক প্ৰভাৱিত কৰা সামাজিক বিষয়সমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ই লিংগভিত্তিক বৈষম্য, মহিলাৰ বিৰুদ্ধে হিংসা, আৰু সমাজত মহিলাসকলে সন্মুখীন হোৱা অন্যান্য প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অভিযান, কৰ্মশালা, আৰু সম্প্ৰদায়ৰ প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। সহায়ক আৰু অন্তৰ্ভুক্ত পৰিৱেশ গঢ়ি তোলা এই আঁচনিৰ আন এক লক্ষ্য হৈছে সমাজৰ বাধাসমূহ ভাঙি পেলোৱা আৰু মহিলাসকলৰ বাবে সম সুযোগৰ প্ৰসাৰ কৰা।

ইয়াৰ উপৰিও চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মহিলা সমৃদ্ধি যোজনাই আত্ম সহায়ক গোটবোৰক ক্ষূদ্ৰ ঋণ প্রদানৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিছিল । ডিজিটেল ভাৰতে সামৰি লোৱা “মহিলা-ই-হাট” যোজনাও মহিলা সবলীকৰণৰ অন্যতম আচনি য’ত মহিলা সকলে ঘৰত বহিয়েই নিজৰ দক্ষতা আৰু যোগ্যতাৰে উপাৰ্জন কৰি আত্মনিৰ্ভৰ হ’ব পাৰে । তাৰোপৰি অৰ্থনৈতিক ভাবে দূৰ্বল নাৰীক সামান্য সকাহ প্ৰদানৰ অৰ্থে স্ব-নিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম আঁচনিখন মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে ২০২০ চনত উদ্বোধন কৰে। প্ৰথম পৰ্যায়ত প্ৰায় ৪ লাখ নাৰী এই আঁচনিৰ দ্বাৰা লাভাম্বিত হ’ল। নাৰী সবলীকৰণৰ উদ্দেশ্য এই আঁচনিখন আৰম্ভ কৰা হৈছিল।

মহিলা সবলীকৰণ আৰু শিশু সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি সময়ে সময়ে ৰূপায়ন কৰা হৈছে। এই আঁচনিৰ জৰিয়তে নাৰীক সুৰক্ষা আৰু স্বাৱলম্বী কৰিবলৈ বিচৰাৰ লগতে শিক্ষিত কৰিবলৈও চেষ্টা কৰা হৈছে। কিন্ত্ত শিক্ষাৰ অভাৱ আৰু আঁচনি সমূহৰ প্ৰতি থকা অজ্ঞতাৰ বাবে বহুত সময়ত মহিলাসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই। সেই বাবেই শিক্ষাৰ অতি প্ৰয়োজন। শিক্ষাই নাৰীক সম্ভাৱনাৰ বাট দেখুৱায়। পৰিৱৰ্তনৰ সৈতে খোজ মিলাই আগুৱাই যাবলৈ শিকায়। ন ন তথ্য আহৰণৰ সম্ভেদ দিয়ে। আমাৰ সমাজ তথা দেশ প্ৰগতিৰ ক্ষেত্ৰত তেতিয়াহে আগবাঢ়িব পাৰিব যেতিয়া এই দেশৰ নাৰী আত্ম নিৰ্ভৰশীল হ’ব।

ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল, “ You can tell the condition of a nation by looking at the status of it’s women” – সচা অৰ্থত মহিলাৰ সবলীকৰণেহে এখন দেশৰ প্ৰগতিৰ ৰথৰ ঘোঁৰাক সঠিক দিশত চালিত কৰিব পাৰে।
মহিলাসকলে বৰ্তমানৰ চৰকাৰী আঁচনিৰ সুবিধা সমূহ গ্ৰহণ কৰি ক্ষূদ্ৰ ব্যৱসায়ৰ জৰিয়তেও নিজকে অৰ্থনৈতিক স্বাৱলম্বী কৰি তুলিব পাৰে। হস্তশিল্প আৰু কাৰিকৰী কৌশল আয়ত্ব কৰি ন ন উদ্যোগ গঢ়িব পাৰে। দক্ষতা বিকাশৰ বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰি ভিন্ন ক্ষেত্ৰত উপাৰ্জনৰ পথ উলিয়াই লোৱাৰ উপৰিও আন মহিলাকো সংস্থাপন দিব পাৰিব। উদ্যমিতাৰ জৰিয়তে সম্পদৰ প্ৰকৃত ব্যৱহাৰ কৰি বজাৰ দখল কৰিব পাৰে। অৱশ্যে এতিয়ালৈকে বহুতো মহিলা উদ্যমীয়ে ঘৰুৱা বজাৰেই নহয় আন্তঃৰাষ্ট্ৰীয় বজাৰতো দপদপাই আছে।
যেতিয়া এগৰাকী মহিলা অৰ্থনৈতিক স্বাৱলম্বী হৈ পৰে তেতিয়া তেওঁৰ সিদ্ধান্ত ল’ব পৰা ক্ষমতাও আহৰণ কৰে। আচলতে, বেছিভাগ পৰিয়ালত পুৰুষ জনক ঘৰৰ প্ৰধান ব্যক্তি হিচাপে গণ্য কৰা হয় কাৰণ পৰিয়ালৰ সকলোৰে ভৰণ পোষণৰ দায়িত্ব তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। কিন্ত্ত যেতিয়া ঘৰখনৰ মহিলা গৰাকীয়ে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে তেতিয়াহে তেওঁৰ সিদ্ধান্তক গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয়। গতিকে নিজৰ ঘৰখনতেই সন্মান সহকাৰে স্বাভিমানেৰে জীয়াই থাকিবলৈও মহিলাসকল অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাটো অতি প্ৰয়োজনীয়। অৰ্থনৈতিক স্বাৱলম্বিতাই মনলৈ আত্মবিশ্বাসৰ ভাৱ অনাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সৈতে অথবা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস যোগায়। সামাজিক, ৰাজনৈতিক আদি ক্ষেত্ৰতো নাৰী সবলীকৰণে বৈষম্যৰ আৱৰ্তত থাকি, নিৰ্যাতন ভোগা নাৰী সমাজক এক সুখময় জীৱন-যাপন কৰাত অৰিহণা যোগায়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.