শেহতীয়া আপডেটঃ

আজিৰ পৰা ডাকঘৰ-এটিএম কাৰ্ড আৰু লেনদেনকে ধৰি একাধিক নিয়ম সলনি…

"নতুন নিয়মসমূহ ১ অক্টোবৰৰ পৰা অৰ্থাৎ আজি শুক্ৰবাৰৰ পৰা কাৰ্যকৰী হ'ব"

● কি কি নিয়ম সলনি কৰা হৈছে সবিশেষ তথ্য চাওঁক
নতুন দিল্লীঃ আপোনাৰ ডাকঘৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ব্যৱস্থা থাকিবও পাৰে বা নাথাকিবও পাৰে। কিন্ত এটা কথা ঠিক যে, চৰকাৰী যিকোনো কাম-কাজৰ সৈতে ওতঃপ্ৰোত ভাৱে আপুনি ভাৰতীয় ডাকসেৱা বিভাগৰ সৈতে জড়িত হ’বলগা হয়। ঠিক একেদৰে ডাকঘৰত একাউণ্ট থাকিলে আজিৰ এই বিশেষ খবৰটো জনাটো আপোনাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ৷

ডাকঘৰৰ সঞ্চয় বা চেভিং একাউণ্টৰ (ডাকঘৰত পৰিৱৰ্তন নতুন নিয়ম) সৈতে সম্পৰ্কিত নিয়মসমূহ সলনি হৈছে। নতুন নিয়মসমূহ ১ অক্টোবৰৰ পৰা অৰ্থাৎ আজি শুক্ৰবাৰৰ পৰা কাৰ্যকৰী হ’ব। এই বিষয়ে আপোনাক অৱগত কৰি ডাকঘৰে এখন জাননী জাৰি কৰিছে৷

ডাকঘৰে এতিয়াৰ পৰা প্ৰতি মাহে এটিএম কাৰ্ডৰ দ্বাৰা লেনদেন সীমিত কৰি দিব।

সবিশেষ তথ্য, কি কি পৰিৱৰ্তন কৰা হৈছে-

১. ডাকঘৰৰ এটিএম কার্ডত নতুন এটিএম মাচুল বহন কৰিব লাগিব।

File photo

১ অক্টোবৰৰ পৰা, ডাকঘৰৰ এটিএম/ডেবিট কাৰ্ডৰ বাৰ্ষিক তত্বাৱধান মাচুল হ’ব ১২৫ টকাৰ সৈতে জিএছটি। মাচুল ১ অক্টোবৰ ২০২১ ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২২ লৈ প্ৰযোজ্য হ’ব।

২. এছ.এম.এছ. এলাৰ্ট বাবে আপুনি চাৰ্জ ভৰিব লাগিব।

ইণ্ডিয়া পোষ্ট বা ভাৰতীয় ডাকসেৱা বিভাগে এতিয়াৰ পৰা গ্ৰাহকসকললৈ প্ৰেৰণ কৰা এছএমএছ এলাৰ্টৰ বাবে ১২ টকা + জিএছটি আদায় দিব লাগিব।

৩. যদি আপুনি এটিএম হেৰুৱায়, তেতিয়া তাৰ বাবে আপুনি মাচুল পৰিশোধ কৰি নতুন কাৰ্ড ল’ব লাগিব।

যদি আপুনি ডাকঘৰৰ এটিএম কাৰ্ড ব্যৱহাৰ কৰে, এইটো জানি লওক যে যদি আপুনি ১ অক্টোবৰৰ পৰা ডাকঘৰ এটিএম কাৰ্ড হেৰুৱায়, তেতিয়া আপুনি নতুন ডেবিট কাৰ্ডৰ বাবে ৩০০ টকা + জিএছটি মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে, যদি এটিএম পিন হেৰাই যায়, আপুনি আন এটা পিনৰ বাবে ৫০ টকা+ জিএছটি মাচুল পৰিশোধ কৰিব লাগিব।

File photo

৪. নিম্নতম বেলেন্স বা টকা ৰাখিব লাগিব

গ্ৰাহকসকলে এতিয়াৰ পৰা নিম্নতম বেলেন্স নিজৰ একাউণ্টত জমা ৰাখিব লাগিব। সঞ্চয় বা চেভিং একাউণ্টত কম বেলেন্সৰ বাবে এটিএম আৰু পিঅ’এছ লেনদেন বাতিল কৰা হ’ব। গ্ৰাহকসকলে ইয়াৰ বাবে ২০ টকাসহ+ জিএছটি পৰিশোধ কৰিব লাগিব।

৫. সীমিত কৰা হৈছে বিনামূলীয়া লেনদেন

প্ৰযোজ্য হোৱা নতুন নিয়ম অনুসৰি, মৌলিক সঞ্চয় বা চেভিং একাউণ্ট সুবিধা মতে মাহত ৫ বাৰ লেনদেন কৰিব পাৰিব যাৰ বাবে কোনো মাচুল দিব নালাগে। তাৰ পিছত, যদি টকা উলিওৱা হয়, অৰ্থাৎ ৫ বাৰতকৈ অধিক আপুনি লেনদেন কৰে তেতিয়া ১০টকা+ জিএছটি মাচুল পৰিশোধ কৰিব লাগিব।

  • এইয়াই আছিল আপুনি ব্যৱহাৰ কৰা ভাৰতীয় ডাকসেৱা বিভাগৰ নতুন নীতি-নিয়ম।
Source:News18
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.