শেহতীয়া আপডেটঃ

ৰাজস্থান, মধ্যপ্রদেশ, ছত্তিশগড় আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা সমাপ্ত

◊ ৰাজস্থান, মধ্যপ্রদেশ, ছত্তিশগড় আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হৈছে। ৰাজস্থান, মধ্যপ্রদেশ, ছত্তিশগড় বিজেপি, চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ বিপৰীতে তেলেংগানাত কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা লাভ কৰিছে। আনহাতে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি সম্পন্ন হ’ব। ৰাজস্থানত বিজেপিয়ে ১৯৯ খন আসনৰ ভিতৰত ১১৫ খন আসনতে বিজয় সাব্যস্ত কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত কংগ্ৰেছে ৬৯খন আসন, ভাৰত আদিবাসী পাৰ্টীয়ে তিনিখন আৰু বহুজন সমাজপাৰ্টীয়ে দুখন, তথা ৰাষ্ট্ৰীয় লোক দলৰ লগতে ৰাষ্ট্ৰীয় লোক তান্ত্ৰিক পার্টীয়ে এখনকৈ আসন দখল কৰে। ৮গৰাকী নিৰ্দলীয় প্রার্থীয়েও নিৰ্বাচনত বিজয়ী হয়। মুখ্যমন্ত্রী অশোক গেহলটে সদৰপুৰা বিধানসভা সমষ্টিত জয়লাভ কৰিছে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গোৱিন্দ সিং দোতাচাৰৰ লগতে দলীয় নেতা শচীন পাইলট আৰু শান্তি ধাড়ীৱালেও নিজৰ আসন সুৰক্ষিত কৰে। বিজেপি নেত্রী তথা প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে ঝালৰাপটন সমষ্টিৰ পৰা জয়লাভ কৰে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৭ গৰাকী বিজেপি সাংসদৰ ভিতৰত ৰাজ্যবর্ধন সিং ৰাথোৰকে ধৰি ৪ গৰাকীয়ে জয়লাভ কৰাৰ বিপৰীতে আন এগৰাকী পৰাজিত হয়। ইপিনে, মধ্যপ্রদেশত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ১৬৩ খন আসন দখলেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ৰাজ্যখনত কংগ্ৰেছে ৬৬ খন আসন কৰাৰ বিপৰীতে অন্যান্যই এখন আসন দখল কৰে।

মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে ১ লাখতকৈও অধিক ভোট লাভ কৰি অভিলেখ সংখ্যকভাৱে বুদনি বিধানসভা সমষ্টিত জয়লাভ কৰে। ছত্তিশগড়ত ৫ বছৰৰ অন্তত বিজেপিয়ে পুনৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে৷ দলটোৱে ৰাজ্যখনত ৫৪ খন আসন দখল কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত কংগ্ৰেছ দলে ৩৫ খন আসন দখল কৰে। ভূপেশ বাঘেল নেতৃত্বাধীন চৰকাৰৰ ৯ গৰাকী মন্ত্ৰী নিৰ্বাচনত পৰাজিত হোৱাৰ বিপৰীতে ৩ গৰাকী মন্ত্ৰী বিজয়ী হয়। ভূপেশ বাঘেলে পাটান আসন দখল কৰাৰ বিপৰীতে উপ মুখ্যমন্ত্রী টি এছ সিংদেও অম্বিকাপুৰ সমষ্টিত পৰাজিত হয়। তেলেংগানাত ১১৯ খন আসনৰ ভিতৰত কংগ্ৰেছে ৬৪ খনত জয়লাভ কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত বি আৰ এছ দলে ৩৯ খন আসন লাভ কৰিছে। আনহাতে বিজেপিয়ে ৮ খন আসন, এ আই এম আই এমে ৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে চি পি আই দলে কংগ্ৰেছ মিত্ৰজোঁটৰ সৈতে এখন আসন দখল কৰিছে।

মুখ্যমন্ত্রী কে চন্দ্ৰশেষৰ ৰাওৱে গাজৱেল সমষ্টিৰ পৰা জয়লাভ কৰাৰ বিপৰীতে বিজেপি নেতা এটেলা ৰাজন্দৰে প্রতিদ্বন্দ্বিতা কৰা দুয়োটা সমষ্টিতে পৰাজিত হৈছে। পি চি চিৰ সভাপতি ৰেবানাথ ৰেড্ডীয়ে কদাংগাল সমষ্টিৰ পৰা আৰু বিজেপিৰ ভেংকটাৰমণ ৰেড্ডীয়ে কামাৰেড্ডী সমষ্টিত জয়লাভ কৰিছে। ৰাজ্যখনত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৬ গৰাকী সাংসদৰ ভিতৰত উত্তম কুমাৰ ৰেড্ডী, ৰেবা নাথ ৰেড্ডী আৰু কে ভেংকট ৰেড্ডীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ সাংসদ বান্দী সঞ্জয়, ধৰ্মপুৰী অৰবিন্দ আৰু ছয়াম বাপুৰাও পৰাজিত হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.