শেহতীয়া আপডেটঃ

গহপুৰত বাহন সহ 4 টা ড্ৰাগছ সৰবৰাহকাৰীক আটক

 

বিশ্বনাথ, ১৫ অক্টোবৰ : গহপুৰত চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে হাতে-লোটে কৰায়ত্ব কৰে ৷ ইয়াৰ পাচতে গহপুৰৰ ঘাঁহিগাঁও আৰক্ষীক ৰাইজে খবৰ দিয়ে আৰু আটাইকেইজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আৰক্ষীক গতাই দিয়ে ৷


স্থানীয় লোক সদৰী কৰা মতে, ড্ৰাগছ আদান-প্ৰদান কৰি থকাৰ সময়তে যুৱক কেইজনক আটক কৰে ৰাইজে ৷ ইয়াৰ লগতে AR-01F-7076 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে ৷ গহপুৰৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ইটাপাৰাৰ পৰা আটক কৰা হয় যুৱক কেইজনক ৷
যুৱক কেইজনৰ নাম ক্ৰমে, জিচকেল তানা, তাদ বাটে, বিনয় কৰ্মকাৰ আৰু ভোলা মিশ্ৰ ৷ জিচকেল তানা আৰু তাদ বাটে নামৰ যুৱক দুজন অৰুণাচল প্ৰদেশৰ বুলি জানিবলৈ দিয়ে ৰাইজে ৷ ঘাঁহিগাঁও আৰক্ষীয়ে চাৰিজনকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, ভোলা মিশ্ৰয়ে অৰুণাচলৰ বান্দৰদেৱাৰ পৰা প্ৰায়ে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে ৷ ইফালে, জিচকেল তানা অৰুণাচলৰ আৰক্ষী বিভাগৰ 4th IRBN ৰ জোৱান বুলি জানিব পৰা গৈছে ।

 

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.