শেহতীয়া আপডেটঃ

কণিষ্ঠ অভিযন্তা, পৰ্বতাৰোহণকাৰী তথা লেখিকা ৰুবী বৰাৰ সৈতে অন্তৰংগ বাৰ্তালাপত ✒️ দেৱজিত বৰা

‘এজন পৰ্বতাৰোহীয়ে প্ৰকৃতিক নিঃস্বাৰ্থ ভাবে ভালপোৱাৰ সমান্তৰালকে মানুহৰ প্ৰতিও একেই নিঃস্বাৰ্থ ভালপোৱা কঢ়িয়াই ফুৰে’
কণিষ্ঠ অভিযন্তা, পৰ্বতাৰোহণকাৰী তথা লেখিকা ৰুবী বৰাৰ সৈতে অন্তৰংগ বাৰ্তালাপত ✒️ দেৱজিত বৰা

লখিমপুৰ জিলাৰ অন্তৰ্গত দেওতোলাৰ নিবাসী তথা অসম চৰকাৰৰ ডিব্ৰুগড়-লাহোৱাল-চাবুৱা জলসিঞ্চন বিভাগৰ এগৰাকী কণিষ্ঠ অভিযন্তা (junior Engineer) ৰুবী বৰা এগৰাকী উদীয়মান পৰ্বতাৰোহী৷ ২০২১ চনৰ আগষ্ট মাহত অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত আয়োজিত অভিযানত অংশ লৈ তেওঁ উত্তৰাখণ্ডৰ জ’গিন-৩ (২০,০৩১ ফুট) শৃংগ আৰোহণ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ২০২১ চনত ছেপ্টেম্বৰ মাহত অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত পৰ্বতাৰোহণত অংশ লৈ লাডাখস্থিত মাউণ্ট নুন (২২,৫৪৫ ফুট) অভিযানত কেম্প-১(১৭,৬৫০) ফুট পৰ্যন্ত আগুৱাই গৈ প্ৰতিকুল বতৰৰ বাবে অভিযান আধাতে সামৰিবলগীয়া হয়৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ অংশ হিচাবে ছিকিমস্থিত মাউণ্ট ৰিনক শৃংগ (১৬,৫০০ ফুট) আৰোহণ কৰে৷ উল্লেখ্য যে ২০১৬ চনত উত্তৰাখণ্ডৰ ফুলৰ উপত্যকা (valley of flower) ট্ৰেকিং, ২০১৮ চনত হিমাচল প্ৰদেশৰ চিমলাত শ্ৰীখণ্ড মহাদেৱ ট্ৰেকিং, ২০১৯ চনত নৱেম্বৰ-ডিচেম্বৰ মাহত ছিকিমত পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ অংশ হিচাপে ৰাথং হিমবাহলৈকে ট্ৰেকিং, ২০২২ চনত হিমাচল প্ৰদেশৰ লাহল উপত্যকাত ঘেপন ঘাট ট্ৰেকিং, ২০২৩ চনত মে’-জুন মাহত অৰুণাচলত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ অংশ হিচাপে গ’ৰীচেন হিমবাহলৈকে ট্ৰেকিং আদি অভিযান সমুহত তেওঁ অংশ গ্ৰহণ কৰি সফলতা অৰ্জন কৰি আহিছে৷ নিয়মীয়া বাৰ্তা, আমাৰ অসম, দৈনিক জনমভূমি, অসমীয়া খবৰ, অসম আদিত্য, অলিম্পিয়া ক্ৰীড়া আলোচনীকে ধৰি কাকত সমুহত চল্লিছটাতকৈও অধিক পাহাৰ-পৰ্বত আৰু পৰ্বতাৰোহণ সম্পৰ্কত তেওঁৰ লেখা ইতিমধ্যে প্ৰকাশ পাইছে৷ কণিষ্ঠ অভিযন্তা, পৰ্বতাৰোহণকাৰী তথা লেখিকা ৰুবী বৰাক সাক্ষাৎকাৰৰ মজিয়ালৈ আমি স্বাগতম জনাইছো৷ তেওঁৰ সৈতে হোৱা আমাৰ অন্তৰংগ বাৰ্তালাপ সহৃদয় পাঠক-পাঠিকাৰ বাবে আগবঢ়োৱা হ’ল-

সাক্ষাৎ গ্ৰহণঃ দেৱজিত বৰা
দেৱজিত বৰাঃ ট্ৰেকিংৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হৈছিল ৷এই বিষয়ত আনুষ্ঠানিক শিক্ষা তথা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল নে ?

ৰুবী বৰাঃ সৰুৰে পৰা পাহাৰৰ প্ৰতি এক বুজাব নোৱাৰা আকৰ্ষণ অনুভৱ কৰোঁ। আমাৰ ঘৰ অসম অৰুণাচলৰ সীমান্তত হোৱাৰ লগতে পাপাই অৰুণাচলত চাকৰি কৰা বাবে পাহাৰৰ সৈতে সম্পৰ্ক ওচৰ আছিল। কিন্তু পঢ়া শুনাৰ লগত ব্যস্ত হৈ পৰাত সেই সেই ঘনিষ্ঠতা কমি আহিছিল যদিও নিজেই উপাৰ্জন কৰিবলৈ লোৱাৰ পৰা আধৰুৱা সপোনটো আকৌ সাৰ পাই উঠিল। ট্ৰেকিং সম্পৰ্কীয় লেখাবোৰ পঢ়ি বিষয়টোৰ মাজত আকৌ সোমাই পৰিছিলো। এই ক্ষেত্ৰত আবিদ আজাদ দাদাৰ ট্ৰেকিং সম্বন্ধীয় লিখাবোৰে অনুপ্ৰাণিত কৰিছিল। আৰু আবিদ দাৰ সহযোগতে জীৱনৰ প্ৰথমটো ট্ৰেকিং কৰিবলৈ অকলেই গুছি গৈছিলো উত্তৰাখণ্ডৰ ফুলৰ উপত্যকালৈ। ইয়াৰ পিছত অসম পৰ্বতাৰোহণ সন্থাৰ বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণত অংশ লৈ পৰ্বতাৰোহণ বিষয়টোৰ কাষ চাপি গ’লো।
মই প্ৰশিক্ষণ লোৱা পৰ্বতাৰোহণৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান দুটা হৈছে দাৰ্জিলিংস্থিত হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউট(Himalayan Mountaineering Institute Darjeeling) আৰু অৰুণাচলৰ দিৰাংস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং এণ্ড এডভেন্সাৰ স্পৰ্ট্চ(National Institute of Mountaineering and Adventure Sports)।

দেৱজিত বৰাঃ ট্ৰেকিংৰ কি কি বিষয়ৰ ওপৰত আপুনি প্ৰশিক্ষণ গ্ৰহণ কৰিছিল? বিষয় সমুহৰ ওপৰত কেনেদৰে প্ৰশিক্ষণ দিয়া হয়। এই সম্পৰ্কত কওকচোন?

ৰুবী বৰাঃ সাধাৰণ মানুহৰ দৃষ্টিত ট্ৰেকিং(Trekking) আৰু পৰ্বতাৰোহণ (Mountaineering) শব্দ দুটাৰ বিশেষ পাৰ্থক্য নাই যদিও প্ৰকৃততে দুয়োটা শব্দৰ অৰ্থ একে নহয়। পৰ্বতাৰোহণৰ বহল পৰিসৰৰ ভিতৰত ট্ৰেকিং এটা অংশহে। ট্ৰেকিং মানে হৈছে বিশেষ একো কৌশল ব্যৱহাৰ নোহোৱাকৈ কেৱল খোজকাঢ়ি গৈ থকা। ই সমান ঠাইতো হ’ব পাৰে, পাহাৰতো হ’ব পাৰে, মৰুভূমিতো হ’ব পাৰে, সাগৰৰ পাৰতো হ’ব পাৰে। আনহাতে পৰ্বতাৰোহণ বুলি ক’বলৈ হ’লে ট্ৰেকিং, ৰক ক্লাইম্বিং(Rock climbing), স্ন’ ক্ৰাফ্ট(Snow craft),আইচ ক্লাইম্বিং(Ice climbing), ৰিভাৰ ক্ৰছিং(River crossing)আদিকে ধৰি বহুতো বিষয় সাঙুৰ খায় থাকে।
পৰ্বতাৰোহণৰ অভিযান এটাত অংশ ল’বলৈ ইয়াৰ প্ৰশিক্ষণ থকাটো নিম্নতম যোগ্যতা। ভাৰতীয় পৰ্বতাৰোহণ সংস্থা(Indian Mountaineering Foundation)ৰ স্বীকৃতিপ্ৰাপ্ত বহুকেইটা পৰ্বতাৰোহণ প্ৰশিক্ষণ প্ৰতষ্ঠান আছে। দাৰ্জিলিঙত থকা হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউট(HMI) ভাৰতৰ প্ৰথম পৰ্বতাৰোহণ প্ৰশিক্ষণ প্ৰতিষ্ঠান। ইয়াৰ উপৰিও উত্তৰকাশীত নেহেৰু ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং(NIM), মানালীত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং এণ্ড এলাইড স্পৰ্টছ(ABVIMAS), জম্মুত জৱাহৰ ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং(JIM) আৰু আমাৰ নিচেই কাষতে দিৰাঙত আছে নেশ্যনেল ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং এণ্ড এডভেন্সাৰ স্পৰ্টছ(NIMAS)। পৰ্বতাৰোহণ প্ৰশিক্ষণৰ বিভিন্ন পৰ্য্যায় সমূহ হৈছে বেচিক মাউন্টেইনিয়াৰিং ক’ৰ্চ(Basic Mountaineering Course), এড্ভান্স মাউন্টেইনিয়াৰিং ক’ৰ্চ(Advance Mountaineering Course), মেথড অৱ ইনষ্ট্ৰাক্চন(Method of Instruction), চাৰ্চ এণ্ড ৰেচ্কিউ ক’ৰ্চ(search and rescue course)ইত্যাদি। আমাৰ গতানুগতিক শিক্ষা পদ্ধতিত বিভিন্ন বোৰ্ড সমূহে বান্ধি দিয়া পাঠ্যক্ৰমৰ দৰেই পৰ্বতাৰোহণৰো নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে।পৰ্বতাৰোহণ প্ৰশিক্ষণৰ সময়ত কঠোৰ অনুশাসন মানি চলিব লাগে। প্ৰশিক্ষক বা প্ৰতিষ্ঠানৰ উচ্চ স্থানৰ ব্যক্তি সকল বেছিভাগেই ভাৰতীয় স্থল সেনা, নৌ সেনা, বায়ু সেনাৰ পৰা নিয়োজিত ব্যক্তি থাকে।সময়ানুৱৰ্ত্তীতা, নিয়মানুৱৰ্ত্তীতা, কঠোৰ অধ্যৱসায়, কেতিয়াও হাৰ মানিব নোখোজা এটা স্বাস্থ্যকৰ শৰীৰ, মনত সাহস, প্ৰকৃতিৰ সৈতে একাত্মতা, উচ্চ উচ্চতাতো পৰিৱেশৰ লগত-পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লোৱা আদিবোৰ হৈছে পৰ্বতাৰোহণৰ মূল চাবিকাঠি।

দেৱজিত বৰাঃ আপুনি পৰ্বতাৰোহণৰ বাবে পৰ্বতাৰোহণ বিভিন্ন সংস্থাৰ দ্বাৰা সময়ে সময়ে নিৰ্বাচিত হৈ আহিছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰলৈ বিভিন্ন সময়ত কৰা পৰ্বতাৰোহণ সন্দৰ্ভত আৰু এনে যাত্ৰাৰ অভিজ্ঞতা আৰু অনুভৱ বিষদভাৱে কওকচোন ?

ৰুবী বৰাঃ এতিয়ালৈকে হিমালয়ৰ বুকুত প্ৰশিক্ষণৰ লগতে বহুকেইটা অভিযানত মই অংশগ্ৰহণ কৰিছো আৰু প্ৰতিটো খোজতে নতুন নতুন কথা শিকিবলৈ চেষ্টা কৰি আহিছো। প্ৰতিটো অভিযানৰ আভিজ্ঞতা সুকীয়া আৰু অনুভৱবোৰো সুকীয়া।এই ক্ষেত্ৰখনৰ প্ৰয়োজনীয় সম্পদ কেইপদ হৈছে এটা সুস্থ শৰীৰ, মানসিক শক্তি আৰু তীব্ৰ ইচ্ছা শক্তি। প্ৰথমেই ক’ম এই ক্ৰীড়াত উপভোগ কৰিব জানিব লাগিব।দেখাক দেখি বা আন কোনোবাই হাজাৰ সাহস দিয়ক নিজৰ ইচ্ছাশক্তি আৰু সাহস নহ’লে এইক্ষেত্ৰত আগুৱাই যোৱাত অসুবিধা।পিঠিত অতিকমেও ২০ কে.জি. ওজনৰ বেগটো লৈ ওপৰলৈ বগাই যোৱা, অক্সিজেনৰ পৰিমাণ বায়ুমণ্ডলত কমি অহাৰ লগে লগে উশাহবোৰো ঘন ঘন হ’বলৈ আৰম্ভ কৰে, প্ৰখৰ ৰ’দ, কাণ-মূৰ ছিঙি নিয়াৰ উপক্ৰম হোৱা বতাহৰ কোব, বৰফৰ ধুমুহা, তুষাৰপাত হৈ জমা হৈ একাঠু বৰফত খোজকঢ়া, তৰপে তৰপে কাপোৰ পিন্ধিও নিস্তাৰ নোপোৱা ঠাণ্ডা আদিবোৰ সহ্য কৰিবলৈ পাহাৰক সাংঘাতিক ধৰণে ভাল পাব লাগিব। যেতিয়া এই সকলোবোৰ অতিক্ৰম কৰি বগাই অহা পাহাৰবোৰ এটা এটাকৈ তললৈ গৈ থাকে আৰু নিজেই গৈ গৈ পাহাৰৰ টিঙৰ পৰা পাৰ কৰি অহা পাহাৰবোৰ তলত দেখা পাওঁ সেইখিনিয়েই একোজন পৰ্বতাৰোহীৰ প্ৰাপ্তি। পাহাৰে আচলতে আমাক উন্মোক্ত কৰি পেলাই। এভাৰেষ্ট বিজয়ী মুম্বাইৰ যুৱক পাৰ্থ উপাধ্যায়ৰ এষাৰ কথা মই সদায় উপলব্ধি কৰো, “চহৰত তোমাৰ অজস্ৰ টকা পইচা, ধন দৌলত, মান সন্মান থাকিব পাৰে, তুমি এজন প্ৰখ্যাত ব্যক্তি হ’ব পাৰা / তোমাৰ লাখ লাখ অনুৰাগী থাকিব পাৰে। কিন্তু যেতিয়া পাহাৰত থাকিবা, যেতিয়া তোমাৰ ঠাণ্ডা লাগিব, যেতিয়া তোমাক ৰ’দে পুৰিব পাহাৰখনৰ সন্মুখত কেৱল তুমি থাকিবা, প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবা কেৱল ‘তুমি ৷“

দেৱজিত বৰাঃ পৰ্বতাৰোহণৰ ইতিবাচক আৰু নেতিবাচক দিশ সমুহৰ বিষয়ত কি ক’ব ?

ৰুবী বৰাঃ পৰ্বতাৰোহণো এবিধ ক্ৰীড়া গতিকে ক্ৰীড়া জগতখনত আগুৱাই যাব পৰাটো বহুতেই ভাল কথা। পৰ্বতাৰোহণে বিশেষকৈ ব্যক্তি এজনক মানসিক ভাৱে সাংঘাতিক শক্তিশালী কৰি তুলে, জীৱনৰ কঠিনতকৈও কঠিন পৰিস্থিতি অতিক্ৰম কৰাৰ সাহস দিয়ে, এজন পৰ্বতাৰোহীয়ে প্ৰকৃতিক নিঃস্বাৰ্থভাৱে ভালপোৱাৰ সমান্তৰালকে মানুহৰ প্ৰতিও একেই নিঃস্বাৰ্থ ভালপোৱা কঢ়িয়াই ফুৰে। যিকোনো পৰিস্থিতিতে সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়ে। মই পাহাৰৰ পৰা শিকা আটাইতকৈ ডাঙৰ শিক্ষাটো হৈছে বস্তুবাদী পৃথিৱীখনৰ পৰা দুৰত্ব। প্ৰকৃতিৰ সৈতে একাত্ম হৈ প্ৰকৃতিৰ ওচৰত নিজকে সমৰ্পণ কৰিব পাৰিলে পৃথিৱীৰ এনে কোনো শক্তি নাই যিয়েই মানুহক এগালমান ধন সম্পত্তি নাথাকিলেও সুখী হোৱাৰ পৰা বঞ্চিত কৰিব পাৰিব। নিজৰ কৰ্মৰ মাজেৰে সুখ বিচাৰিব জানিলে নিজে সুখী হোৱাৰ লগতে আনকো সুখী কৰি এক শুভবোধেৰে সমাজখন আগবাঢ়ি যোৱাত সহায় কৰিব পাৰি।
নেতিবাচক দিশ বুলি ক’বলৈ গ’লে ট্ৰেকিংৰ নামত আজিকালি বহুতে প্ৰকৃতিৰ অনিষ্ট কৰিবলৈ আৰম্ভ কৰিছে। পাহাৰলৈ গ’লে নিজৰ ’কম্ফৰ্ট জ’ন’ টো ঘৰতে এৰি থৈ যাব লাগে। ট্ৰেকিঙৰ সময়ত ল’বলগীয়া সাৱধানতাৰ সামান্য জ্ঞানকণো নোহোৱাকৈ পাহাৰত গৈ বহুখিনি আহুকালৰ মুখামুখি হয়।মানুহৰ ট্ৰেকিং বিলাসীতাৰ উন্মাদনাত প্লাষ্টিক তথা জাৱৰ আদিৰে ট্ৰেকিঙৰ ঠাইবোৰ ডাষ্টবিনলৈ ৰূপান্তৰিত হৈছে। অত্যধিক জনসমাগমে প্ৰকৃতিৰ স্বকীয়তাত আঘাত হানিছে।

দেৱজিত বৰাঃ অন্যান্য প্ৰান্তৰৰ তুলনাত অসমত ট্ৰেকিং বা পৰ্বতাৰোহণ কিমান জনপ্ৰিয়তা লাভ কৰিছে বুলি আপুনি ভাবে ?
এই সম্পৰ্কত চৰকাৰৰ কি কি কৰণীয় আছে বুলি আপুনি অনুভৱ কৰে ?

ৰুবী বৰাঃ পৰামৰ্শ দিয়াৰ যোগ্য বুলি মই নিজকে নাভাৱো বাৰু।কিন্তু হয় এইক্ষেত্ৰত বহুখিনি কৰিবলগীয়া আছে।আজিৰ দিনত ক্ৰীড়াক্ষেত্ৰখনত যেনেকৈ অসমে আগুৱাই গৈ সুকীয়া পৰিচয় দাঙি ধৰিছে ঠিক দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰখনতো আগুৱাই যোৱাটো বিচাৰো। পৰ্বতাৰোহণ অভিযানবোৰ যথেষ্ট ব্যয়বহুল সেয়ে আৰ্থিক দিশত প্ৰয়োজনীয় সঁহাৰি নাপালে আগুৱাই যোৱাটো কঠিন।
প্ৰাথমিক পৰ্যায়ত বিদ্যালয়-মহাবিদ্যালয় সমূহত এই বিষয়ে কৰিবপৰা বহুখিনি আছে বুলি ভাবো।বন্ধৰ দিনত দুঃসাহসিক শিবিৰ,পৰ্বতাৰোহণৰ বিভিন্ন দিশসমূহৰ ওপৰত মতবিনিময় আদি অনুষ্ঠানৰ আয়োজন কৰি ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ লগতে ব্যক্তিত্ব বিকাশত সহায় কৰিব পাৰি। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এই বিষয়ত কথা পাতিলে দেখো যে বহুতৰে আগ্ৰহ আছে কিন্তু উপযুক্ত পথ প্ৰদৰ্শকৰ অভাৱত বহুতৰে সপোন সপোন হৈয়েই ৰৈছে।বিদ্যালয় সমূহতো গ্ৰীস্মকালীন শিবিৰ-শীতকালীন শিবিৰ ইত্যাদিৰ আয়োজন কৰি এই বিষয় সমূহ অন্তৰ্ভূক্ত কৰিব পাৰে।

দেৱজিত বৰাঃ ভাৰতবৰ্ষৰ পৰ্বতাৰোহণ সংস্থা সমুহৰ সন্দৰ্ভত আগ্ৰহী যুৱক -যুৱতী সকলক এই বিষয়ত শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে কি বাৰ্তা দিব ?

ৰুবী বৰাঃ প্ৰথমে প্ৰকৃতিক বুজিবলৈ চেষ্টা কৰক, ট্ৰেকিং কৰক, প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰক আৰু লাহে লাহে পৰ্বতাৰোহণৰ দিশে আগবাঢ়ক। প্ৰথম প্ৰশ্নৰ উত্তৰত ভাৰতৰ পৰ্বতাৰোহণ প্ৰশিক্ষণৰ প্ৰতিষ্ঠান সমূহৰ বিষয়ে সৱিশেষ কৈছোৱেই গতিকেই সেইমতেই আগবাঢ়িব পাৰে। কিবা জানিবলগীয়া থাকিলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শও ল’ব পাৰে।

দেৱজিত বৰাঃ ট্ৰেকিং (Trekking) আৰু পৰ্বতাৰোহন (Mountaineering) অধিক জনপ্ৰিয় কৰণৰ ক্ষেত্ৰত আপুনি কি কি পৰামৰ্শ আগবঢ়াব বিচাৰে ?

ৰুবী বৰাঃ ট্ৰেকিং জনপ্ৰিয় হৈছেই ইতিমধ্যে। সামাজিক মাধ্যমত ফটো ভিডিঅ’ আদিবোৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আজিকালি প্ৰায়েই সাধ্যানুসাৰে ট্ৰেকিং কৰিবলৈ যায়। তাত পোৱা প্ৰত্যাহ্বান আৰু শাৰীৰিক কষ্টৰ বাবে বহুতে আহি আকৌ নাযাওঁ বুলি কাণতো ধৰে আৰু বহুতেই সেই সময়খিনি উপভোগ কৰি আহি পুনৰবাৰ ঢাপলি মেলে পাহাৰৰ বুকুলৈ। মই যেতিয়াৰ পৰা ট্ৰেকিং তথা পৰ্বতাৰোহণ আৰম্ভ কৰিছো প্ৰতিটো অভিযানৰ পিছত কাকতে পত্ৰই অভিজ্ঞতা বোৰ লিখি আহিছো। বহু যুৱক যুৱতীয়ে জানিবলৈ বিচাৰে কেনেকৈ ক’ত কি কৰি যাব লাগে। গতিকে এই ক্ষেত্ৰখনৰ জনপ্ৰিয়তাৰ বাবে মই ভাবো যুৱ্ক যুৱতী তথা ছাত্ৰ ছাত্ৰীসকলক বিষয়্টোৰ লগত জড়িত কৰাব লাগিব।
অসম পৰ্বতাৰোহণ সন্থাকে ধৰি বহুতো দুঃসাহসিক ক্ৰীড়া সন্থাই সময়ে সময়ে বিভিন্ন দুঃসাহসিক শিবিৰ সমূহৰ আয়োজন কৰি আহিছে য’ত ট্ৰেকিং, কেম্পিং, ৰক ক্লাইম্বিং আদিৰ প্ৰশিক্ষণ দিয়ে।এই প্ৰশিক্ষণ শিবিৰ সমূহত যোগদান কৰিবলৈ উৎসাহিত কৰিব লাগে তেতিয়া তেওঁলোকে নিজক বুজি পোৱাৰ সুবিধা পাব আৰু সেইমতে আগুৱাই যাব পাৰিব।

দেৱজিত বৰাঃ এগৰাকী পৰ্বতাৰোহণকাৰী হিচাবে পৰ্বতাৰোহণৰ ক্ষেত্ৰত কোনকেইটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত অধিক মনোযোগ দিয়া অতি আৱশ্যক বুলি ভাবে ?

ৰুবী বৰাঃ প্ৰথমেই ক’ম পৰ্বতাৰোহণৰ বাবে এটা সুস্থ শৰীৰৰ প্ৰয়োজন। পৰ্বতাৰোহণ অভিযান এটাত অংশ লবলৈ পৰ্বতাৰোহণৰ কাৰিকৰী শিক্ষাৰ লগতে প্ৰস্তুতিত গুৰুত্ব দিব লাগে। দৈনিক দৌৰ, ব্যায়াম, যোগাসন, প্ৰাণায়াম আদি কৰাৰ অভ্যাস থাকিলে পাহাৰত গৈ আন প্ৰত্যাহ্বান বোৰৰ মুখামুখি হ’বলৈ সুবিধা হয়। শিখৰ যাত্ৰা হাজাৰটা প্ৰত্যাহ্বানেৰে ভৰপূৰ, গতিকে স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ বাবে শাৰীৰিক সুস্থতাৰ বাবে নিজৰ খাদ্যাভাষত গুৰুত্ব দিব লাগে। পাহাৰত গুৰুত্ব দিবলগীয়া বিষয়ৰ মূলতে নিৰাপত্তাৰ দিশটোত গুৰুত্ব দিব লাগে।কাৰণ তাত এটা ভুল খোজৰ পৰিণাম মৃত্য পৰ্যন্ত হ’ব পাৰে। শিখৰ আৰোহণ কৰিও সুকলমে ঘৰ আহি নোপোৱালৈকে অভিযান এটাক সফল বুলি কোৱাটো টান। কাৰণ পাহাৰলৈ উঠি যোৱাতকৈও বিপদজনক নামি অহাটো। পাহাৰৰ ওচৰত নিজকে সমৰ্পণ কৰি দিব লাগে।ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট প্ৰকৃতিৰ প্ৰতিকূলতাক সন্মান জনাই যিকোনো সিদ্ধান্ত ল’ব লাগে। মনত কোনো অহংকাৰ বা কৰিমেই বুলি জেদ ভাৱ ৰাখি কৰিলে সফলতা সম্ভৱ নহয়।কাৰণ প্ৰকৃতিৰ ওচৰত আমি তেনেই নগণ্য ৷

দেৱজিত বৰাঃ দুৰ্গম অঞ্চলত পৰ্বতাৰোহণৰ ক্ষেত্ৰত কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় ৷প্ৰত্যাহ্বান সমুহক কেনেদৰে প্ৰতিহত কৰা হয় ৷এই সম্পৰ্কত কি বাৰ্তা দিব?

ৰুবী বৰাঃ প্ৰত্যাহ্বান খোজে খোজে থাকে। ৰ’দ, বতাহ, বৰষুণ, তুষাৰপাত, হাড়কঁপোৱা ঠাণ্ডা, আদিবোৰৰ উপৰিও সূৰ্যৰ ৰশ্মিয়ে চাল পুৰি নিয়া, বৰফত প্ৰতিফলিত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে আহি চকুত আঘাত হানিলে হোৱা দৃষ্টিহীনতা(snow blindness) আদি অনেকটা প্ৰত্যাহ্বান। ইফালে বগাই যাওঁতে নিজক সুৰক্ষাৰ কাৰণে বান্ধি নিয়া ৰছিডাল বিজুতি ঘটিব পাৰে। হিমবাহত(Glacier)ত গৈ থাকোতে টান বৰফত জোটাত লগাই লোৱা ক্ৰেম্পনেৰে খুচি খুচি খোজ দি গিৰিখাদবোৰে সন্তৰ্পণে পাৰ কৰিব লাগে অন্যথা বৰফৰ একেবাৰে তলত পৰিবগৈ লাগিব। আনহাতে হিম্প্ৰপাত (Avalanche)ৰ ভয়াবহতা সকলোৱেই বাতৰিত দেখিছেই। উচ্চতা বাঢ়ি যোৱাৰ লগে অক্সিজেনৰ অভাৱ হয়।নিজক দাঙি নিবলৈও বহুত কষ্ট হয়। পৰ্বতাৰোহণত ব্যৱহৃত পোচাক জোটা আদিবোৰো বেলেগধৰণৰ, পিন্ধিলে নিজৰ হাত ভৰি লৰচৰ কৰাৰ স্বাধীনতাকণো নোহোৱা হৈ যায়। আনহাতে বৰষুণ-তুষাৰপাত আদিৰ সময়ত তিতিবুৰি ঠাণ্ডাটো বাঢ়ি যায়। তুষাৰপাতৰ পিছত জমা হোৱা বৰফত খোজকঢ়াটো সাংঘাতিক কষ্টকৰ। সাৱধানতাৰে সন্তৰ্পণে ধৈৰ্য্য আৰু সাহসেৰে নিজেই নিজক উৎসাহ দি আগবাঢ়ি যাব লাগে। দলীয় সদস্যৰ অৰিহণা ইয়াত বহুত থাকে। ইজনে সিজনৰ সাহস হৈ সফল হোৱাৰ দিশে আগবাঢ়িব লাগে।আপোন মানুহৰ পৰা আঁতৰত, নেটৱৰ্ক নোহোৱা সেই দুৰ্গম ঠাইত দলৰ মানুহখিনিয়েই সৰ্বস্ব হৈ পৰে।

দেৱজিত বৰাঃ ট্ৰেকিং আৰু পৰ্বতাৰোহনৰ ক্ষেত্ৰত ভৱিষ্যতৰ দিনবোৰত আপোনাৰ বিশেষ পৰিকল্পনাৰ বিষয়ে কওকচোন?

ৰুবী বৰাঃ বিশেষ পৰিকল্পনা বুলি তেনেকৈ ক’ব নোৱাৰো আচলতে, সপোন আছে কেইটামান বিশেষ ঠাইত গৈ তললৈ পৃথিৱীখন চোৱাৰ। মই মুঠতে নিজক পাহাৰৰ লগত সংযুক্ত কৰি ৰাখিব বিচাৰো। অহা আগষ্ট মাহতো হিমাচল প্ৰদেশ আৰু লাডাখত হ’বলগা অভিযান এটালৈ যোৱাৰ প্ৰস্তুতি চলাইছো সময়ত দেখা যাব আৰু কি হয়গৈ।যিহেতু মোৰ এই নিচাৰ লগত পেচাৰ সম্পৰ্ক নাই এজন চৰকাৰী কৰ্মচাৰী হিচাবে চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰি যোৱাৰ লগতে যাতে পাহাৰলৈ যাত্ৰা অব্যাহত ৰাখিব পাৰো সেইটোৱেই কামনা কৰো। হিমালয়ৰ চুকে কোণে পিঠিত বেগটো লৈ শিখৰবোৰলৈ যাব খোজো। ২০২৫ চনত অসম পৰ্বতাৰোহণ সন্থাই এক বৃহৎ কাৰ্যসূচী হাতত লোৱাৰ প্ৰয়াস কৰিছে। তাত নিশ্চয় অংশ ল’ম।

দেৱজিত বৰাঃ অতি ব্যস্ততাৰ মাজতো কিছু সময় ব্যয় কৰি আমাক অতি আন্তৰিকতাৰে সাক্ষাৎকাৰটি প্ৰদান কৰাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো৷

ৰুবী বৰাঃ পাহাৰক যেনেকে ভাল পাওঁ, পাহাৰলৈ গৈ ভাল পাওঁ, পাহাৰৰ কথা লিখি-পাহাৰৰ কথা পঢ়ি যেনেকে অত্যন্ত ভালপাওঁ ঠিক তেনেকে পাহাৰৰ কথা কাৰোবাক ক’বলৈ পালেও মোৰ খুৱ ভাল লাগে। কিমান কাহিনী থাকে এই পাহাৰৰ সৈতে জড়িত হৈ। পাহাৰৰ বিষয়ে কথাখিনি ক’বলৈ এইকণ সুযোগ দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.