বিশ্বনাথত পুণৰ চুৰি কাণ্ড চুৰি কাৰ্য ৰোধ কৰাত ব্যৰ্থ বিশ্বনাথ আৰক্ষী

বিশ্বনাথত পুণৰ চুৰি কাণ্ড চুৰি কাৰ্য ৰোধ কৰাত ব্যৰ্থ বিশ্বনাথ আৰক্ষী

বিশ্বনাথ ৫ অক্টোবৰ

বিশ্বনাথ চাৰিআলিৰ চাৰিওটা পথত যান বাহন চালকৰ অনুজ্ঞাপত্ৰ তথা বাহনৰ নথি পত্ৰ পৰীক্ষা কৰি জৰিমনা লিখাত ব্যস্ত থকা বিশ্বনাথ আৰক্ষীৰ চকুত ধুলি দি বিশ্বনাথৰ বিভিন্ন স্হানত চোৰে চলাই আছে চুৰি কাৰ্য। যাৰ বাবে এতিয়া অসুৰিক্ষত হৈ পৰিছে জিলাখনৰ ৰাইজ। আজিও বিশ্বনাথত সংঘটিত হ’ল আন এক চুৰি কাণ্ডI বিগত কেইটামান দিনত চহৰ তথা গ্ৰামাঞ্চলৰ কেইবাটাও ঘৰত চোৰে চাফাই অভিযান চলোৱাৰ পিছত এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিল এখন হাৰ্ডৱেৰ দোকান I বিশ্বনাথ নগৰৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰ মান উত্তৰে পাভৈ পথত থকা মাতা হাৰ্ডৱেৰ নামৰ দোকানত কালি নিশা চোৰে চলালে চুৰিকাণ্ড। দোকানৰ চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰা চোৰে লৈ গল দুটা লেপটপ, চি চি টিভিৰ ডি ভি আৰ দুটা আৰু জিঅ’ ৱাইফাই I ইয়াৰ পূৰ্বেও চাৰিবাৰকৈ দোকানত হৈছিল চুৰিকাণ্ড I ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ দল উপস্হিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.