শেহতীয়া আপডেটঃ

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা অসম বাৰ্তাজীৱী সংঘৰ সভাপতি, সম্পাদকক ফুলাম গামোচাৰে আদৰণি জনায় সম্পাদক শ্ৰীমন্ত দাস আৰু প্ৰাক্তন সম্পাদক দিগন্ত কুমাৰ দাসে।

অসম খবৰ বিহালী ১৫ জুন :

ৰাজ্য খনৰ কৰ্মৰত সাংবাদিক সামৰি শীঘ্ৰেই স্বাস্থ্য বীমা আঁ‌চনি ৰূপায়ণ কৰক -এই দাবী অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাৰ । দেওবাৰে বেদেতীত অনুস্থিত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশ গ্ৰহণ কৰি নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়াই শৰ্মাই কয় যে, ‘অসম বাৰ্তাজীৱী সংঘই দীৰ্ঘ দিন ধৰি সাংবাদিকৰ ন্যায্য প্ৰাপ্তিৰ বাবে মাত মাতি আহিছে আৰু ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব’ । বেদেতীৰ উদ্দীপ্ত চ’ৰাৰ কাৰ্য্যালয়- অমিয় ভৱনত দিনজোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ পতাকা উত্তোলন কৰে সভাপতি নগেন শইকীয়াই।

১০-৩০ বজাত স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে বিহালীৰ জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেলে । অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহক সদস্য, ধেমাজিৰ অশ্বিনী কুমাৰ দুৱৰা আৰু লক্ষীমপুৰৰ প্ৰশান্ত মোদক পৰ্যবেক্ষক হিচাপে উপস্থিত থকা বিষয়- বাছনি সভা খনত আগন্তক কাৰ্যকালৰ বাবে দীপক শৰ্মাক সভাপতি, হেমন্ত শইকীয়াক কাৰ্যকৰী সভাপতি, দিগন্ত কুমাৰ দাস আৰু ৰমেন বৰাক উপ সভাপতি, মহেন্দ্ৰ প’গাগক সম্পাদক, অমৰ শৰ্মা আৰু অভিজিৎ দাসক সহকাৰী সম্পাদক, হেমন্ত কাকতিক প্ৰচাৰ সম্পাদক, হিৰণ্য বৰঠাকুৰক সাংগঠনিক সম্পাদক, মৃদুল বৰাক পত্ৰিকা সম্পাদক, ৰাম কটকীক বিত্ত সম্পাদকৰ লগতে ভুৱন লুইটেল, সীমান্ত দাস, সুৰেশ বৰা, কৰণ শইকীয়া প্ৰমুখ্যে আন ৯ গৰাকীক কাৰ্যকৰী সদস্য হিচাপে লৈ একৈশ জনীয়া বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যকৰী সমিতি গঠন কৰা হয় ।
বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ বিদায়ী সভাপতি নগেন শইকীয়াৰ সভাপতিত্বত দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাৱে অংশ গ্ৰহণ কৰি অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিয়ে নিজৰ বক্তব্যত কয় যে, ‘চৰকাৰে সাংবাদিকৰ কল্যাণৰ বাবে বিভিন্ন আচঁনি গ্ৰহণ কৰিছে যদিও সকলো আঁ‌চনি আজিও সফল ৰূপায়ণ হোৱা নাই। যাৰ বাবে অসম বাৰ্তাজীৱী সংঘই এই আঁচনি সমূহৰ সঠিক ৰূপায়ণৰ বাবে সৱল ভাৱে মাত মাতি আহিছে আৰু ভৱিষ্যতেও আপোচহীন ভাৱে সাংবাদিকৰ স্বাৰ্থত মাত মাতি যাব’ ।
বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক দীপক শৰ্মা আৰু দিগন্ত দাসে আঁত ধৰা সভাখনত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠাপক সদস্য তথা জ্যেষ্ঠ ও প্ৰাক্তন সাংবাদিক, কবি-সাহিত্যিক বেদেতীৰ প্ৰদীপ কুমাৰ শৰ্মাক চেলেং, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় । একেটা অনুষ্ঠানতে, অলপতে মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেশ্যন-শ্ব’ প্ৰতিযোগিতাৰ কীডচ শাখাত বিহালীৰ আঠ বছৰীয়া বাৰ্বী নাৰ্জাৰীয়ে প্ৰথম স্থান লাভ কৰি বিহালী তথা বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই অনাত তেওঁক আদৰণি জনোৱা হয়। সভা খনত অনুস্কা দুৱৰা আৰু বাৰ্বী নাৰ্জাৰীয়ে নৃত্য পৰিৱেশন কৰে । সভাত জনগোষ্ঠীয় সংস্কৃতিক যুৱ ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি ডম্বৰুধৰ দাস, বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাস, বিহালী প্ৰেছ ক্লাৱৰ উপ-সভাপতি খগেন মটক, মহম্মদ আলি হুচেইন, ধৰণী বৰা, দিলীপ বৰা, লোহিত চন্দ্ৰ ভাগৱতী, প্ৰমুখ্যে বহু কেইগৰাকী ব্যক্তি উপস্থিত আছিল। বিহালী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা অসম বাৰ্তাজীৱী সংঘৰ সভাপতি, সম্পাদকক ফুলাম গামোচাৰে আদৰণি জনায় সম্পাদক শ্ৰীমন্ত দাস আৰু প্ৰাক্তন সম্পাদক দিগন্ত কুমাৰ দাসে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.