শেহতীয়া আপডেটঃ

শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ

May be an image of 8 people, crowd and text

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত আজি শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপি প্রার্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়।

May be an image of 8 people, temple and text

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্রিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ সকলোকে আহ্বান জনায় ৷ আনহাতে, বিত্তমন্ত্রী অজন্তা নেওগে যোৰহাটত সমষ্টিটোৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত আজি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই সভাকেইখনত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ উপৰি বিজেপি আৰু অসম গণ পৰিষদৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই অংশ লয়। ইপিনে, যোৰহাট সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ ব্যাপক প্ৰচাৰ অব্যাহত আছে।

May be an image of 1 person, flute, crowd and templeMay be an image of 1 person and crowdMay be an image of 1 person and crowd

আজি প্ৰাৰ্থীৰ্গৰাকীয়ে সমষ্টিটোৰ ছখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ চিকাৰীগাঁও আৰু নতুন বজাৰ তিনিআলিত প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিটোৰ প্ৰাৰ্থীৰ্গৰাকীয়ে আজি নাজিৰা আৰু শিৱসাগৰৰ কেইবাখনো পঞ্চায়ত এলেকাত প্ৰচাৰ চলায়। ইপিনে, মন্ত্রী পীযূষ হাজৰিকাই আজি যোৰহাট সমষ্টিৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ সোণাৰি বিধানসভা সমষ্টিৰ লংপটীয়া, বেঙেনাবাৰী, নগাহাট, বৰহাট, আৰু চাহ বাগিচা অঞ্চলত প্ৰচাৰ চলায়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্রার্থী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নাহৰকটীয়া বিধানসভা সমষ্টিত প্ৰচাৰ চলায়।

May be an image of 1 person, crowd and temple

মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত ত্রয়োদশ শতিকাতে স্বৰ্গদেউ চুকাফাই বিভিন্ন জাতি-উপজাতিসমূহকলৈ বৰ অসম গঢ় দিয়াৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সবকা সাথ, সবকা বিকাশ নীতিৰে দেশখনক আগুৱাই লৈ গৈছে বুলি মত প্ৰকাশ কৰে। চিৰাং জিলাৰ বিভিন্ন অঞ্চলত আজি কোকৰাঝাৰ সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মটৰ চাইকেল সমদল উলিওৱা হয়। দলৰ কার্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সমদলত অংশ লয়। তামুলপুৰ জিলাৰ গোৰেশ্বৰত আজি কংগ্ৰেছ, বিপিএফকে ধৰি বিভিন্ন দলৰ কেইবাগৰাকী সদস্যই ইউপিপিএলত যোগ দিয়ে। তৃতীয় পৰ্যায়ত নির্বাচন হ’বলগীয়া বৰপেটা সমষ্টিত আজি চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে প্ৰচাৰ অভিযান চলায়। তদুপৰি, কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই আজি ডিফুত দলৰ সমৰ্থকসকলক সাক্ষাৎ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.