শেহতীয়া আপডেটঃ

বিশ্বনাথ নিৰ্বাচনী জিলাৰ শুভংকৰ ‘বৰটোকোলা’ জিলাখনৰ তিনিও গৰাকী বিধায়কে মুকলি কৰিলে নিৰ্বাচনী শুভংকৰ

বিশ্বনাথ নিৰ্বাচনী জিলাৰ শুভংকৰ ‘বৰটোকোলা’

জিলাখনৰ তিনিও গৰাকী বিধায়কে মুকলি কৰিলে নিৰ্বাচনী শুভংকৰ

বিশ্বনাথ চাৰিআলি, ২৩ ফেব্ৰুৱাৰীঃ_ বিশ্বনাথ নিৰ্বাচনী জিলাৰ শুভংকৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বিশ্বনাথ জিলা আয়ুক্তৰ সন্মিলন কক্ষত আজি বিয়লি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ তিনিও গৰাকী বিধায়কে নিৰ্বাচনৰ এই শুভংকৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখ্য যে বিশ্বনাথ নিৰ্বাচনী জিলাৰ শুভংকৰ হৈছে এটা ‘বৰটোকোলা’।

গহপুৰ মহকুমাৰ এগৰাকী ছাত্ৰী হিমশিখা ভূঞাই তৈয়াৰ কৰা নিৰ্বাচনী জিলাখনৰ এইবেলিৰ শুভংকৰটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ক্ৰমে বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই ।আজিৰ নিৰ্বাচনী শুভংকৰ মুকলি কৰা অনুষ্ঠানটিত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে নিৰ্বাচনত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচী, যাক এছভিইইপি(SVEEP) বুলি জনা যায়, তাৰ লগত সম্পৰ্কিত শুভংকৰ একোখন নিৰ্বাচনী জিলাই মুকলি কৰে বুলি উল্লেখ কৰি বিশ্বনাথ নিৰ্বাচনী জিলাত ‘বৰটোকোলা’ চৰাইক শুভংকৰ হিচাপে নিৰ্বাচন কৰা হৈছে বুলি উল্লেখ কৰে। জিলাখনৰ তিনিও গৰাকী বিধায়কৰ লগতে ৰাজনৈতিক দল সমুহৰ বিষয়ববীয়া তথা প্ৰতিনিধিৰ উপৰিও অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, এছভিইইপি(SVEEP) ৰ নোডেল বিষয়া জ্ঞানদীপ মহন্ত প্ৰমুখ্যে বিষয়া কৰ্মচাৰীসকল আজিৰ অনুষ্ঠানত উপস্থিত আছিল।

 

প্ৰনিধানযোগ্য যে, এছভিইইপি (SVEEP) হৈছে ভোটাৰ শিক্ষা, ভোটাৰ সজাগতা বৃদ্ধি আৰু ভাৰতত ভোটাৰ সাক্ষৰতা বৃদ্ধি কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ অন্যতম্ মুখ্য কাৰ্যসূচী।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.