Friday, May 16, 2025
27.3 C
Guwahati

বিশ্বনাথ নিৰ্বাচনী জিলাৰ শুভংকৰ ‘বৰটোকোলা’ জিলাখনৰ তিনিও গৰাকী বিধায়কে মুকলি কৰিলে নিৰ্বাচনী শুভংকৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ নিৰ্বাচনী জিলাৰ শুভংকৰ ‘বৰটোকোলা’

জিলাখনৰ তিনিও গৰাকী বিধায়কে মুকলি কৰিলে নিৰ্বাচনী শুভংকৰ

বিশ্বনাথ চাৰিআলি, ২৩ ফেব্ৰুৱাৰীঃ_ বিশ্বনাথ নিৰ্বাচনী জিলাৰ শুভংকৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বিশ্বনাথ জিলা আয়ুক্তৰ সন্মিলন কক্ষত আজি বিয়লি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ তিনিও গৰাকী বিধায়কে নিৰ্বাচনৰ এই শুভংকৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখ্য যে বিশ্বনাথ নিৰ্বাচনী জিলাৰ শুভংকৰ হৈছে এটা ‘বৰটোকোলা’।

গহপুৰ মহকুমাৰ এগৰাকী ছাত্ৰী হিমশিখা ভূঞাই তৈয়াৰ কৰা নিৰ্বাচনী জিলাখনৰ এইবেলিৰ শুভংকৰটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ক্ৰমে বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই ।আজিৰ নিৰ্বাচনী শুভংকৰ মুকলি কৰা অনুষ্ঠানটিত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে নিৰ্বাচনত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচী, যাক এছভিইইপি(SVEEP) বুলি জনা যায়, তাৰ লগত সম্পৰ্কিত শুভংকৰ একোখন নিৰ্বাচনী জিলাই মুকলি কৰে বুলি উল্লেখ কৰি বিশ্বনাথ নিৰ্বাচনী জিলাত ‘বৰটোকোলা’ চৰাইক শুভংকৰ হিচাপে নিৰ্বাচন কৰা হৈছে বুলি উল্লেখ কৰে। জিলাখনৰ তিনিও গৰাকী বিধায়কৰ লগতে ৰাজনৈতিক দল সমুহৰ বিষয়ববীয়া তথা প্ৰতিনিধিৰ উপৰিও অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, এছভিইইপি(SVEEP) ৰ নোডেল বিষয়া জ্ঞানদীপ মহন্ত প্ৰমুখ্যে বিষয়া কৰ্মচাৰীসকল আজিৰ অনুষ্ঠানত উপস্থিত আছিল।

 

প্ৰনিধানযোগ্য যে, এছভিইইপি (SVEEP) হৈছে ভোটাৰ শিক্ষা, ভোটাৰ সজাগতা বৃদ্ধি আৰু ভাৰতত ভোটাৰ সাক্ষৰতা বৃদ্ধি কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ অন্যতম্ মুখ্য কাৰ্যসূচী।

- Advertisement -

Hot this week

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সংবাদমেল

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাই...

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ...

The Cliffs of Moher Reach 1 Million Visitors Every Year Since 2014

Find people with high expectations and a low tolerance...

Program Will Lend $10M to Detroit Minority Businesses

Find people with high expectations and a low tolerance...

Topics

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds