শেহতীয়া আপডেটঃ

বিশ্বনাথত এগৰাকী প্ৰাক্তণ আলফা সৈনিকৰ কৰুণ কাহিনী ; অনাঅসমীয়া চাহ কলঘৰৰ মালিকে দৰ্মহা নিদিয়াকৈ খেদিলে চাকৰিৰ পৰা…

◼️ বিশ্বনাথত এগৰাকী প্ৰাক্তণ আলফা সৈনিকৰ কৰুণ কাহিনী ; অনাঅসমীয়া চাহ কলঘৰৰ মালিকে দৰ্মহা নিদিয়াকৈ খেদিলে চাকৰিৰ পৰা.
◼️কৰ্তৱ্যৰত অৱস্থাত কুকুৰে কামোৰাৰ পিছতো বহন নকৰিলে চিকিৎসাৰ ব্যয় …
◼️ পুত্ৰক অভিযন্টা হিচাপে গঢ়িৱলৈ চাকৰি কৰিছিল চাহ কলঘৰত;
◼️ মা কামাখ্যা চাহ উদ্যোগৰ মালিক তথা ফেক্টৰী গুণ্ডা মনোজ আগৰৱলাৰ বিৰূদ্ধে শ্ৰমিক শোষণৰ অভিযোগ

ডিজিটেল ডেস্ক ২৫ ছেপ্টেম্বৰ

◼️ বিশ্বনাথ জিলাৰ গহপুৰৰ টেটুনবাৰীৰ এগৰাকী প্ৰাক্তণ আলফা সৈনিক বাবুক কোঁৱৰৰ বলি হৈছে অনাঅসমীয়া পুঁজিপতি অত্যাচাৰৰ বলি ৷ বাবুল কোঁৱৰে জীৱন যৌৱনৰ ভৰপক সময়ছোৱাত স্বাধীন অসম নিৰ্মাণৰ স্বপ্ন বিভোৰহৈ ৮০ দশকৰ মধ্যভাগত যোগ দিছিল আলফাত৷ পৰৱৰ্তী সময়ত অস্ত্ৰ ত্যাগ কৰি মুলসুঁতিলৈ ঘূৰি আহি সাংসাৰিক জীৱনৰ পাতনি মেলিলে বাবুল কোঁৱৰে ৷ প্ৰাক্তণ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত
সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি মুলসুঁতিলৈ ওভটি অহা বাবুল কোঁৱৰে চৰকাৰে প্ৰতি প্ৰাক্তন আলফা সৈনিকক আগবঢ়োৱা ২ লাখ টকাৰ ৰাজসাহাৰ্য গ্ৰহণ নকৰি আৰম্ভ কৰিলে স্বাভাৱিক জীৱন ৷
নিজৰ পিতৃৰ মাটি কেইডৰাতে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আহিছিল বাবুল কোঁৱৰে
সৌসিদিনালৈকে বাবুল কোঁৱৰৰ দৈনন্দিন জীৱনটো স্বাভাৱিক গতিত চলি আছিল ৷ লাহে লাহে সংসাৰ বহল হ’ল ,ব্যয় বাঢ়িল জীৱন সংসাৰৰ৷ এডেমা দুডামাকৈ সন্তান ডাঙৰ হ’ল৷ বৰ্তমানে বাবুল কোঁৱৰৰ পুত্ৰ মৰিগাওঁৰ পলিটেনিক্ ইঞ্জিনীয়াৰিঙ কলেজত ইঞ্জিনীয়াৰিঙ বিভাগৰ অন্তিম বৰ্ষৰ ছাত্ৰ হিচাপে অধ্যয়নৰত৷ পুত্ৰ অধ্যয়নৰ ব্যয়ৰ খৰচ খেতি বাতিৰ পৰা যোগাৰ কৰিব নোৱাৰি নিজ প্ৰাক্তণ আলফা সৈনিক বাবুল কোঁৱৰে বিশ্বনাথৰ টকৌবাৰীস্থিত ” মা কামাখ্য চাহ উদ্যোগ”-ত বিগত ২০২২ চনৰ ১ জুলাইত ”গেট কিপাৰ” হিচাপে চাকৰিত যোগদান কৰিছিৱ৷ কিন্তু; বাবুলৰ চাকৰিৰ জীৱনকাল এবছৰ নৌহওঁতেই চাহ উদ্যোগটোৰ স্বত্বাধিকাৰী মনোজ আগৰৱলা নামৰ গুণ্ডা প্ৰকৃতিৰ লোকজনে দীৰ্ঘদিনৰে পৰা অভৱ্য গালি-গালাজ পাৰি শ্ৰমিক হিচাপে কৰ্মৰত বাবুল কোঁৱৰৰ ওপৰত মানসিক অত্যাচাৰ চলাই অৱশেষত জুলাই মাহৰ ১ তাৰিখে কোনো কাৰণ নদৰ্শোৱাকৈ চাকৰিৰ পৰা খেদি পঠায় ৷

তথ্যমতে- অনাঅসমীয়া চাহ উদ্যোগটোৰ স্বত্বাধিকাৰীজনে চাহ উদ্যোগটোত কৰ্মৰত থলুৱা শ্ৰমিক-কৰ্মচাৰীক চাকৰিৰ পৰা খেদাৰ চক্ৰান্ত কৰি অসভ্যালি আচৰণ কৰি ইতিমধ্যে প্ৰায় ১০ গৰাকী শ্ৰমিক-কৰ্মচাৰীক চাকৰিৰ পৰা বহিস্কাৰ কৰিছে৷ তদুপৰি ,উদ্যোগটোত কৰ্মৰত অৱস্থাত বাবুল কোঁৱৰক কুকুৰে কামোছিল যদিও চাহ উদ্যেগটোৰ স্বত্বাধিকাৰীয়ে নকৰিলে উপযুক্ত চিকিৎসা ৷ ফলত নিজ গাঁঠি ধনৰে বেজি পৰ্যন্ত ল’ৱ লগা হ’ল শ্ৰমিক তথা প্ৰাক্তণ আলফা সৈনিক বাবুল কোঁৱৰে ৷ আনকি মা কামাখ্যা চাহ উদ্যোগটোৰ স্বত্বাধিকাৰীয়ে শ্ৰমিক সকলক শ্ৰমিক আইন অনুসৰি দা-দৰ্মহা, দৈনিক মজুৰি ,ভাট্টা প্ৰদান নকৰাৰ অভিযোগ উঠিছে৷ এক অভিযোগমতে ,বিশ্বনাথ শ্ৰম পৰিদৰ্শণ বিভাগৰ বিষয়াক মেনেজ কৰি চলাই আহিছে অবাধ শ্ৰমিক লুণ্ঠন ৷ তদুপৰি মা কামাখ্যা চাহ উদ্যোগটোৰ স্বত্বাধিকাৰী মনোজ আগৰৱালাই ”লেৱাৰ ৱেজ এক্ট” ভংগ কৰি শ্ৰমিকক শোষণ চলাই অহাই নহয় থলুৱা শ্ৰমিকৰ ওপৰত চলাই আহিছে অভৱ্য আচৰণ ৷

  • উল্লেখ্য যে- হত্যা- হিংসা পথ ত্যাগ কৰি মুলসুঁতিলৈ ঘূৰি অহা আলফা সৈনিক বাবুল কোঁৱৰ আজি অনাঅসমীয়া বনীয়াৰ হাতত লুণ্ঠিত ,বঞ্চিত আৰু শোষণৰ বলি হ’ব লগা হোৱা ঘটনাটো চৰম দূৰ্ভাগ্যজনক ঘটনা ৷ সম্প্ৰতি অতিকষ্টৰে দৈনিক মজুৰি কৰি অহা বাবুলে একমাত্ৰ পুত্ৰক অভিযন্টা গঢ়াৰ সপোনো দেখা পথ ৰুদ্ধ হোৱাৰ উপক্ৰম হৈছে৷ একমাত্ৰ ”মা কল্যানী চাহ উদ্যোগ” নাম চাহ উদ্যোগত চাকৰি কৰি পুত্ৰক মানুহ কৰাৰ সপোন দেখিছিল বাবুলে ৷ কিন্তু হৰ্ঠাৎ মালিক পক্ষৰ অসমীয়া বিৰোধী কূট কৌশলৰ বলিহৈ চাকৰিৰ পৰা খেদা খাই মূৰে কপালে হাত দিব লগাত পৰিছে ৷ লক্ষণীয় বিষয়টো হ’ল বে-আইনীভাৱে চাকৰিৰ পৰা খেদাৰ ওপৰিও প্ৰাপ্যৰ পৰা বঞ্চিত কৰা থলুৱা বিৰোধী গুণ্ড মনোজ আগৰৱালাৰ বিৰূদ্ধে জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ’ব ৷ অতিস্পৰ্শকাতৰ বিষয়টো হ’ল- স-শস্ত্ৰ সংগ্ৰাম এৰি মুলসুঁতিলৈ অহা বাবুল কোঁৱৰক চাহ উদ্যোগটোত কুকুৰে কামোৰিছিল ৷ কুকুৰে কৰ্মৰত অৱস্থাত কামোৰাৰ পিছতো চাহ উদ্যোগটোৰ স্বাত্বাধিকাৰী মনোজ আগৰৱালাই উপযুক্ত চিকিৎসা ব্যৱস্থা নকৰিলে সমান্তৰালভাৱে বাবুল কোঁৱৰৰ এবাৰো সৌজন্যমুকভাৱে খা-খবৰ নল’লে৷ ইমানেই নহয়, প্ৰতিমাহে ৮ হেজাৰ টকা মজুৰিত দৈনিক ১২ ৰো অধিক শ্ৰমদান দিব লগা হয় মা কামাখ্যা চাহ উদ্যোগটো ৷ ৮ হেজাৰ টকাৰৰ ১ হেজাৰ টকা প্ৰতিমাহে খোৱা-বোৱাৰ নামত কৰ্তন কৰে কৰ্তৃপক্ষই ৷ আন এক অভিযোগমতে চাহ উদ্যোগটোত কৰ্মৰত শ্ৰমিক সকলে দৈনিক ১২ ঘন্টাকৈ কাম কৰিব লগা হয় ৷ এই সমস্ত কাণ্ডকাৰখানা বিশ্বনাথৰ শ্ৰম পৰিদৰ্শক বিভাগৰ বিষয়া কৰ্মচাৰী অৱগত যদিও নিয়মিতভাৱে উদ্যোগ পৰিদৰ্শণৰ বাবে অহা শ্ৰম বিষয়াই প্ৰকৃততে শ্ৰমিক সকলৰ কল্যাণৰ বাবে কাম নকৰি পুঁজিপতি স্বত্বাধিকাৰী সকলৰ হাতত মেনেজহৈ চাহ-মিঠাই খাই মালিক পক্ষত শ্ৰমিকৰ জীৱন ,শ্ৰম লুণ্ঠনৰ চাৰ্টিফিকেটড প্ৰদান কৰি আহিছে৷ প্ৰশ্ন হ’ল প্ৰাক্তণ আলফা নেতা বাবুল কোঁৱৰক বে-আইনীভাৱে চাকৰিৰ পৰা খেদাৰ ওপৰিও চিকিৎসা ব্যয় বহন নকৰা চাহ উদ্যোগটোৰ স্বত্বাধিতাৰী মনোজ আগৰৱালাৰ বিৰূদ্ধে জিলা প্ৰশাসনে আইনগত ব্যৱস্থা গ্ৰহণ কৰিৱলৈ সাহস কৰিবনে৷ নে বিশ্বনাথ শ্ৰম বিভাগৰ বিষয়াৰ দৰে মিলিজুলি শ্ৰমিক জীৱন কটোৱা প্ৰাক্তণ আলফা সৈনিকজনক ন্যায়ৰ পৰা বঞ্চিত কৰিব। ইফালে এই অভিযোগৰ সন্দৰ্ভত অসম খবৰ তৰফৰ পৰা  চাহ উদ্যোগটোৰ স্বত্বাধিতাৰী পৰা সঘনাই যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও যোগাযোগ নহ’ল পৰবৰ্তী সময়ত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে  চাহ উদ্যোগটোৰ স্বত্বাধিতাৰী গৰাকীয়ে সেইটো লক্ষ্যণীয় হ’ব।
  • আনহাতে এনেদৰে এজন প্ৰাক্তণ আলফা সৈনিক অনঅসমীয়া হাতত  অত্যাচাৰৰ বলি হৈ চাকৰি হেৰুৱালে এই ক্ষেত্ৰত  ভুক্তভোগী বাবুল কোঁৱৰ ন্যায় পোৱা ক্ষেত্ৰত প্ৰাক্তন আলফা ঐক্য মঞ্চই  কি পদক্ষেপ গ্ৰহণ কৰিব সেইটো হ’ব লক্ষ্যণী।
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.