Thursday, June 19, 2025
25.2 C
Guwahati
TOP NEWS:

গহপুৰত এজাক বৰষুণত বুৰিল গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল। হাহাকাৰ পৰিস্থিতি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গহপুৰত এজাক বৰষুণত বুৰিল গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল। হাহাকাৰ পৰিস্থিতি

বিশ্বনাথ ১১ জুন:

সমাগত বাৰিষা । বাৰিষা বুলি কলেই মনলৈ আহে বানপানী। কাৰণ প্ৰতি বছৰ বাৰিষাত
বানপানী সৃষ্টি হোৱা ফলত হাজাৰ হাজাৰ লোকৰ ক্ষতিগ্ৰস্ত হয় ৰাজ্যত।ৰাজ্য বিভিন্ন প্ৰান্ত লগতে শোণিতপুৰ জিলাটো বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় কৃষকৰ।
ইফালে দেওবাৰে অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত হঠাৎ বানত বুৰিল শোণিতপুৰ জিলাৰ গহপুৰ মহকুমা গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল এই বানপানী ফলত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা গ’ল।

উল্লেখযোগ্য যে গহপুৰ নগৰত বছৰটোৰ প্ৰথমটো বান ।
এই বানপানীত বুৰ গ’ল নগৰ খনৰ অধিকাংশ অঞ্চল।
গুৰুত্বপূৰ্ণ কথাটো হ’ল
নগৰ খনৰ মাজেদি বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা চত্ৰং নদীয়ে দীৰ্ঘদিনধৰি নগৰ খনৰ ৫ নং ৱাৰ্ড
৪ নং ৱাৰ্ডৰ লগতে ৬ নং ৱাৰ্ড আৰু ধেনুধৰা, মধ্যচত্ৰং,ডেল হাউচি আদি গাঁৱৰ ৰাইজক জলা কলা খুৱাই অহাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথলৈও ভাবুকি কঢ়িয়াই আনিছে নৈখনে।

ইফালে চত্ৰং নদীৰ বান্ধৰ নামত জলসম্পদ বিভাগে ১৫ কোটি টকাৰ এক আচঁনি গ্ৰহণ কৰিছে যদিও বৰ্তমান সময়লৈকে এই আচঁনি জড়িয়তে বান্ধ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই যাৰ ফলত এতিয়া এজাক সাধাৰণ বৰষুণ দিলেই গহপুৰ নগৰত বানপানী সৃষ্টি হয়। আনহাতে দেওবাৰে পুৱাৰ পৰা দিয়া নেৰানেপাৰ বৰষুণৰ ফলত হঠাৎ নগৰ খনত বানপানী সৃষ্টি হোৱাত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়।
এই বানপানী ফলত গহপুৰ সমষ্টিৰ গহপুৰ নগৰত বহু কেইটা ৱাৰ্ডৰ লগতে ব্যৱসায়ী সকলৰ মাজত
এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। বিশেষকৈ এই বানপানী ফলত নগৰ খনৰ অধিকাংশ ব্যৱসায়ী প্ৰতিষ্ঠান
ক্ষতিগ্ৰস্ত হোৱা লগতে গহপুৰ নগৰৰ পথ, চিকিৎসালয়লৈ যোৱা পথটো জলমগ্ন হৈ পৰে। আনহাতে আজি দিনৰ ভাগত গহপুৰ বিভিন্ন দল সংগঠন গৰজি উঠে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থা DCC ( Dhatarwal Construction Company Pvt.ltd) বিৰুদ্ধে।

ৰাইজ তথা দল সংগঠনৰ অভিযোগ DCC নামৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাটোৱে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণত কিছু বিসংগতি কৰা ফলত পূৰ্বৰ তুলনাত অধিক গহপুৰ নগৰত বানপানী সৃষ্টি হোৱা লগতে ভৱিষ্যতে গহপুৰ নগৰত ভয়াবহতা ৰূপ ধাৰণ কৰিব বুলি প্ৰকাশ কৰে দল সংগঠনে।
আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাটোৰ বিৰুদ্ধে বিভিন্ন সময়ত গহপুৰ দল সংগঠনে প্ৰশাসনক অভিযোগ দি আহিছে যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে।

এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদ এই DCC নামৰ পথ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিজ ইচ্ছা মতে কাম কৰিছে সেইটো ডাঙৰ প্ৰশ্ন ৰাইজৰ ।

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °