শেহতীয়া আপডেটঃ

গহপুৰত এজাক বৰষুণত বুৰিল গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল। হাহাকাৰ পৰিস্থিতি

গহপুৰত এজাক বৰষুণত বুৰিল গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল। হাহাকাৰ পৰিস্থিতি

বিশ্বনাথ ১১ জুন:

সমাগত বাৰিষা । বাৰিষা বুলি কলেই মনলৈ আহে বানপানী। কাৰণ প্ৰতি বছৰ বাৰিষাত
বানপানী সৃষ্টি হোৱা ফলত হাজাৰ হাজাৰ লোকৰ ক্ষতিগ্ৰস্ত হয় ৰাজ্যত।ৰাজ্য বিভিন্ন প্ৰান্ত লগতে শোণিতপুৰ জিলাটো বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় কৃষকৰ।
ইফালে দেওবাৰে অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত হঠাৎ বানত বুৰিল শোণিতপুৰ জিলাৰ গহপুৰ মহকুমা গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল এই বানপানী ফলত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা গ’ল।

উল্লেখযোগ্য যে গহপুৰ নগৰত বছৰটোৰ প্ৰথমটো বান ।
এই বানপানীত বুৰ গ’ল নগৰ খনৰ অধিকাংশ অঞ্চল।
গুৰুত্বপূৰ্ণ কথাটো হ’ল
নগৰ খনৰ মাজেদি বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা চত্ৰং নদীয়ে দীৰ্ঘদিনধৰি নগৰ খনৰ ৫ নং ৱাৰ্ড
৪ নং ৱাৰ্ডৰ লগতে ৬ নং ৱাৰ্ড আৰু ধেনুধৰা, মধ্যচত্ৰং,ডেল হাউচি আদি গাঁৱৰ ৰাইজক জলা কলা খুৱাই অহাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথলৈও ভাবুকি কঢ়িয়াই আনিছে নৈখনে।

ইফালে চত্ৰং নদীৰ বান্ধৰ নামত জলসম্পদ বিভাগে ১৫ কোটি টকাৰ এক আচঁনি গ্ৰহণ কৰিছে যদিও বৰ্তমান সময়লৈকে এই আচঁনি জড়িয়তে বান্ধ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই যাৰ ফলত এতিয়া এজাক সাধাৰণ বৰষুণ দিলেই গহপুৰ নগৰত বানপানী সৃষ্টি হয়। আনহাতে দেওবাৰে পুৱাৰ পৰা দিয়া নেৰানেপাৰ বৰষুণৰ ফলত হঠাৎ নগৰ খনত বানপানী সৃষ্টি হোৱাত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়।
এই বানপানী ফলত গহপুৰ সমষ্টিৰ গহপুৰ নগৰত বহু কেইটা ৱাৰ্ডৰ লগতে ব্যৱসায়ী সকলৰ মাজত
এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। বিশেষকৈ এই বানপানী ফলত নগৰ খনৰ অধিকাংশ ব্যৱসায়ী প্ৰতিষ্ঠান
ক্ষতিগ্ৰস্ত হোৱা লগতে গহপুৰ নগৰৰ পথ, চিকিৎসালয়লৈ যোৱা পথটো জলমগ্ন হৈ পৰে। আনহাতে আজি দিনৰ ভাগত গহপুৰ বিভিন্ন দল সংগঠন গৰজি উঠে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থা DCC ( Dhatarwal Construction Company Pvt.ltd) বিৰুদ্ধে।

ৰাইজ তথা দল সংগঠনৰ অভিযোগ DCC নামৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাটোৱে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণত কিছু বিসংগতি কৰা ফলত পূৰ্বৰ তুলনাত অধিক গহপুৰ নগৰত বানপানী সৃষ্টি হোৱা লগতে ভৱিষ্যতে গহপুৰ নগৰত ভয়াবহতা ৰূপ ধাৰণ কৰিব বুলি প্ৰকাশ কৰে দল সংগঠনে।
আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাটোৰ বিৰুদ্ধে বিভিন্ন সময়ত গহপুৰ দল সংগঠনে প্ৰশাসনক অভিযোগ দি আহিছে যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে।

এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদ এই DCC নামৰ পথ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিজ ইচ্ছা মতে কাম কৰিছে সেইটো ডাঙৰ প্ৰশ্ন ৰাইজৰ ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.