শেহতীয়া আপডেটঃ

কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচিত প্ৰথমখন গল্প সংকলন কেফ’ আজিন্তাক

“কেফ’ আজিন্তাক” নামটোৰ মাজতেই যেন এক ৰহস্য লুকুৱাই আছে। নামটো শুনাৰ লগে লগে নামটোৰ অৰ্থ কি জানিবলৈ মনত হেঁপাহ জাগি উঠে। “কেফ’ আজিন্তাক” শব্দটোৰ অৰ্থ হৈছে কাকবাঁহৰ তমাল। “কেফ’ আজিন্তাক” গ্ৰন্থখন মূলত এখন গল্প সংকলন। এই গ্ৰন্থখন ৰচনা কৰিছে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ/লেখক অজয় কুমাৰ বৰাই। সম্পূৰ্ণ কাৰ্বি জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ সামৰি লেখক বৰাই গ্ৰন্থখনৰ প্ৰতিটো গল্প অতি মনোগ্ৰাহী হোৱাকৈ সন্নিবিষ্ট কৰিছে। লেখক বৰাৰ গল্প সংকলন খনত সৰ্বমুঠ ১৩ টা গল্প সন্নিবিষ্ট কৰিছে। অসমত বসবাস কৰা জনগোষ্ঠী সমূহৰ ভিতৰত এক অন্যতম জনগোষ্ঠী কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচনা কৰা “কেফ’ আজিন্তাক” হৈছে প্ৰথমখন গল্প সংকলন। কাৰ্বি জনগোষ্ঠীৰ সামাজিক নীতি-নিয়ম, কাৰ্বিভূমিত আন্দোলনৰ সময়ৰ কাহিনী, বিভিন্ন পূজা-পাতালৰ নিয়ম আদি অতি সূক্ষ্মভাৱে সুকীয়া সুকীয়াকৈ প্ৰতিটো গল্পতে লেখক অজয় কুমাৰ বৰাই সুন্দৰ আৰু পাঠকৰ মনোগ্ৰাহী হোৱাকৈ উপস্থাপন কৰিছে। “কেফ’ আজিন্তাক” নামটোৰ অসমীয়া অৰ্থ হৈছে “কাকবাঁহৰ তমাল”। কাৰ্বি জনগোষ্ঠীৰ মূল ভাষা কাৰ্বি ভাষাৰ বহু শব্দৰ অসমীয়া অনুবাদ গল্পকাৰ বৰাই এই গল্প সংকলন খনত ধুনীয়াকৈ উপস্থাপন কৰিছে। অজয় কুমাৰ বৰাৰ গল্প সংকলন “কেফ’ আজিন্তাক”ত সন্নিবিষ্ট কৰা প্ৰথম গল্পটোৰ নাম হৈছে ল’দেপ। ল’দেপৰ অসমীয়া অৰ্থ হৈছে “দেওধনী”। ল’দেপ মানে আচলতে কি ইয়াৰ সম্পূৰ্ণ বিৱৰণ গল্পকাৰ বৰাই গল্পটোৰ জৰিয়তে বৰ ধুনীয়াকৈ উপস্থাপন কৰিছে। কাৰ্বি লোকসকলৰ বাবে ল’দেপ হৈছে একপ্ৰকাৰৰ ধৰ্মীয় পৰম্পৰা। যি পৰম্পৰা কাৰ্বি লোকসকলৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই প্ৰচলিত হৈ আহিছে। এই পৰম্পৰা সবিশেষ জানিবলৈ হলে পাঠক সকলে গল্পটো সম্পূৰ্ণৰূপে পঢ়িব লাগিব। দ্বিতীয় গল্পটো হৈছে “হেমপ্ৰেক”। হেমপ্ৰেকৰ অসমীয়া অৰ্থ হৈছে পৃথক ঘৰ। গল্পটোৰ শিৰোনাম দিবলৈ ব্যৱহাৰ কৰা কাৰ্বি ভাষাৰ এই শব্দটোৱে এক বিশেষ উৎসুকতাৰ সৃষ্টি কৰে। হেমপ্ৰেকনো আচলতে কি, কাৰ্বি সমাজত হেমপ্ৰেকৰ প্ৰভাৱ কেনেকুৱা এই সকলোবোৰ বিষয় গল্পকাৰ বৰাই এই গল্পটোৰ জৰিয়তে সুন্দৰভাৱে উপস্থাপন কৰিছে। তৃতীয় গল্পটো হৈছে ফৰং কেটেং। ফৰং কেটেং শব্দটোৰ অসমীয়া অৰ্থ হৈছে “সৰগ পূজাৰ প্ৰস্তুতি”। চতুৰ্থটো গল্পৰ শিৰোনাম হৈছে ছেৰ আৰণান। ইয়াৰ অসমীয়া অনুবাদ হৈছে সোণৰ আঙুঠি। পঞ্চমটো গল্পৰ শিৰোনাম হৈছে জেৰয় আনকবে। ইয়াৰ অসমীয়া অৰ্থ হৈছে ৰাজ্যৰ বীৰ। ষষ্ঠ গল্পটোৰ শিৰোনাম হৈছে “কেফ’ আজিন্তাক”। যিটো নাম গল্প সংকলনত ব্যৱহাৰ কৰা হৈছে। সপ্তম গল্পটোৰ শিৰোনাম হৈছে টেকে হম মাৰ্জ‍্ং। ইয়াৰ অসমীয়া অৰ্থ হৈছে কোদো। অষ্টম গল্পটোৰ শিৰোনাম হৈছে কাংহন। ইয়াৰ অসমীয়া অৰ্থ হৈছে মৰম। নৱম গল্পটোৰ শিৰোনাম হৈছে মেং। ইয়াৰ অসমীয়া অৰ্থ হৈছে মেকুৰী। দশম গল্পটোৰ শিৰোনাম হৈছে মুনিত লাংন’। ইয়াৰ অসমীয়া অৰ্থ হৈছে বেয়া মানুহ।

একাদশ গল্পটোৰ শিৰোনাম হৈছে চমাংকান। ইয়াৰ অসমীয়া অৰ্থ হৈছে শ্ৰাদ্ধ। দ্বাদশ গল্পটোৰ শিৰোনাম হৈছে কাংতুং। ইয়াৰ অসমীয়া অৰ্থ হৈছে কামনা। ত্রয়োদশ কুৰ কাংঠুৰ। ইয়াৰ অসমীয়া অৰ্থ হৈছে জাতত তোলা। প্ৰতিটো গল্পৰ শিৰোনাম সমূহ যিদৰে অতি মনোগ্ৰাহী ঠিক একেদৰে গল্পকাৰ বৰাই গল্পৰ ভিতৰভাগটো পাঠকৰ মনোগ্ৰাহী হোৱাকৈ কাৰ্বি জনগোষ্ঠীৰ প্ৰতিটো স্তৰৰ লোককক চুই যোৱাকৈ বিষয়বস্তু সমূহ উপস্থাপন কৰিছে। গল্প সংকলন খনত গল্পকাৰে যিহেতু তেৰটা গল্প সন্নিবিষ্ট কৰিছে গতিকে প্ৰতিটো গল্পৰে বিষয়বস্তু পৃথকে পৃথকে বিশ্লেষণ কৰিলে সেয়া বহু দীঘলীয়া হৈ পৰিব। গতিকে প্ৰতিটো গল্পৰ শিৰোনাম আৰু ইয়াৰ অসমীয়া অৰ্থ সমূহ পাঠকৰ সহায় হোৱাকৈ সন্নিবিষ্ট কৰা হৈছে। গল্পৰ শিৰোনামৰ বাবে ব্যৱহাৰ কৰা প্ৰতিটো কাৰ্বি ভাষাৰ শব্দ আচলতে পাঠক সমাজৰ মনত উৎসুকতা সৃষ্টি কৰিব পৰা একোটা শব্দ। শব্দ সমূহ চকুত পৰা পিছত প্ৰায় প্ৰতিগৰাকী পাঠকৰে মন যাব যে গল্পকাৰ বৰাই আচলতে গল্পটোৰ ভিতৰভাগত কিনো বৰ্ণনা আগবঢ়াইছে এবাৰ পঢ়ি চাওঁ বুলি। কাৰ্বি জনগোষ্ঠীৰ বিষয়ে নজনা বহু কথাৰ যে উমান অজয় কুমাৰ বৰাৰ এই গল্প সংকলন খনৰ পৰা পাঠক সকলে লাভ কৰি সেয়া নিশ্চিত। নজনা কথা সমূহৰ উপৰিও কাৰ্বি সমাজত প্ৰচলিত বহু জনা অথবা শুনা বহু নীতি নিয়ম আৰু কৰ্মৰ বিষয়েও পাঠক সমাজে বহু নতুন নতুন তথ্য লাভ কৰিব পাৰিব এই গল্প সংকলন খনৰ পৰা। কাৰ্বি সমাজৰ পটভূমিত ৰচনা কৰা গল্পকাৰ অজয় কুমাৰ বৰাৰ “কেফ’ আজিন্তাক” নামৰ এই গল্প সংকলন খন ভৱিষ্যতৰ দিনত এক তথ্য সমৃদ্ধ গ্ৰন্থ হিচাপে ব্যৱহাৰ কৰিব পৰা যথেষ্ট সম্ভাৱনীয়তা আছে। গল্পকাৰে নিজে কাৰ্বি সমাজক প্ৰতিনিধিত্ব নকৰিলেও কিন্তু কাৰ্বি সমাজৰ প্ৰতিটো দিশ এই গল্প সংকলন খনৰ মাজেদি উপস্থাপন কৰাটো গল্পকাৰৰ এক মহৎ প্ৰচেষ্টা বুলি কব লাগিব। গল্পৰ মাজেদি পাঠকৰ মনোগ্ৰাহী হোৱাকৈ কিছুমান কাহিনী সৃষ্টি কৰি নিজে প্ৰতিনিধিত্ব নকৰা অন্য এটা জনগোষ্ঠীৰ বিষয়ে এনেদৰে উপস্থাপন কৰাটো অতিকৈ কঠিন কাম। কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন দিশ সামৰি এখন গল্প সংকলন প্ৰকাশ কৰাৰ সদিইচ্ছাই গল্পকাৰ অজয় কুমাৰ বৰা যে এক উদাৰ মনৰ অধিকাৰী সেয়া প্ৰমাণ কৰিছে।

🖋️ দেবর্ষি গৌতম
গাঁও – বনগাঁও
ডাকঘৰ – বনগ্ৰাম
থানা – বেলশৰ
ডাক সূচাংক – ৭৮১৩০৩
জিলা – নলবাৰী
দূৰভাষ – ৬৯১৩৯ ৩০৮২৯

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.