শেহতীয়া আপডেটঃ

সমিধানৰ কেৰিয়াৰ হাতপুথি (Xomidhan’s Career Handbook)

সমিধানৰ কেৰিয়াৰ হাতপুথি (Xomidhan’s Career Handbook)

      এটা কথা জানিব পাৰি  ভাল লাগিছে যে  সমিধানে (www.xomidhan.org) ইয়াৰ প্রথমখন  মুদ্রিত কেৰিয়াৰ হাতপুথি ২০২২ চনৰ ১ জানুৱাৰীত প্রকাশ কৰিছে । কিতাপখন দ্বিভাষিক, অসমীয়া আৰু ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থী সকলৰ বাবে উপযুক্ত।  পুথিখনত যোৱা ১২ বছৰৰ সমিধানৰ ডাটাবেচৰ তথ্য অনুসৰি উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা সঘনাই সোধা ৪৫ টা কেৰিয়াৰৰ প্ৰশ্নৰ উত্তৰ আছে। ইয়াত চাৰিখন কেৰিয়াৰ ৱেবিনাৰৰ প্ৰতিলিপিও আছে য’ত  জুবিন গাৰ্গ, ৰীমা দাস, তৰালী শৰ্মা, আৰণ্যক শইকীয়া, বিপাশা কলিতা, ঝৰ্ণা পাটগিৰি আদিয়ে শিক্ষাৰ্থীসকলক কেৰিয়াৰৰ বিকল্পৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছে। হাতপুথিখনত শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ  কথা মনত ৰাখি  ১৮ টা  কেৰিয়াৰ বিষয়ৰ   প্ৰবন্ধ অন্তৰ্ভুক্ত  কৰা হৈছে । কেইটামান লেখা হ’ল – মনজিৎ নাথ আৰু ৰাছিকা শইকীয়াৰ ‘Self-Assessment and Career Selection’; ড° প্রাঞ্জল কলিতাৰ ‘Transition from College to Career’; ড° মঞ্জিল পি শইকীয়াৰ ‘Mathematics as a Career Path’; ড° পুনম আগৱালাৰ ‘An Overview of Study Abroad Program’; ড° স্বৰ্ণালী দত্তৰ ‘Research as Career’; ড° মানবেন্দ্ৰ চহৰীয়াৰ ‘Tips for Undergraduate Researchers’; ড° হিমাদ্রী বৰ্মণৰ ‘Career in Information Technology and Recent Trends’; ড° ঈশানী চক্ৰৱৰ্তীৰ ‘Unconventional Career Options’; নিকিতা শইকীয়াৰ ‘Career at NGO Sector’; কবিতা জিতানীৰ ‘Law as a Career’; দিশা শৰ্মাৰ ‘Mass Communication : Career Options, How to Prepare’ ; খিম্পী দত্তৰ ‘How to Write an Impressive CV?’; অংশুমান দত্তৰ ‘How to Scout for Scholarship’; ড° বুলজিৎ  বুঢ়াগোহাঁইৰ ‘হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনবোৰ বিষয় অধ্যয়ন কৰিব পাৰি ?’; ডা: বৰ্ণালী ডেউৰীৰ ‘চিকিৎসা আৰু চিকিৎসা সম্বন্ধীয় সংস্থান’; অবন্তি পৰাশৰ ‘বৃত্তিগত দৃষ্টিৰে সংগ্রাহালয় ’; অমৰজ্যোতি শইীয়াৰ ‘কৰ্মসংস্থাপন আৰু প্রত্যাহ্বান’। হাতপুথিখন  উন্মোচন  কৰা ভিডিঅ’  আগ্রহী সকলে লিংকৰ পৰা চাব পাৰে https://www.youtube.com/watch?v=l0f4-L2F8zs । কেৰিয়াৰ হাতপুথিখন আমাজনত উপলব্ধ । পুথিখন মূল্য হৈছে ২৪০ টকা। কেৰিয়াৰ হাতপুথিখন পাঠক সমাজলৈ আগবঢ়োৱা বাবে মূখ্য সম্পাদক ড° প্রাঞ্জল কলিতা তথা সম্পাদকদ্বয় খিম্পী দত্ত আৰু অনিন্দিতা ডেকাক ধন্যবাদ জনাইছো।

ড° বুলজিৎ বুঢ়াগোহাঁই,

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়,

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.