শেহতীয়া আপডেটঃ

India’s Presidential Election 2022 :ৰাষ্ট্ৰপতি নিৰ্বাচনৰভোটদান আৰম্ভ

India’s Presidential Election 2022 :ৰাষ্ট্ৰপতি নিৰ্বাচনৰভোটদান আৰম্ভ ::

 

আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচন ।নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশৰ সাংসদ ,বিধায়কে আজি ভোটদান প্ৰদান কৰিব ।

 

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুুৱা ১০ বজাত আৰম্ভ হ’ব দেশৰ ৰাজ্য সমূহত।

India’s Presidential Election Asom khobor

ৰাজ্যসমূহৰ বিধানসভা আৰু সংসদ ভৱনত হ’ব এই ভোটগ্ৰহণ আৰম্ভ হৈছে পুৱা ১০ বজাৰ পৰা। উল্লেখযোগ্য যে দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ এনডিএই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে যশৱন্ত সিনহাই।

এই ভোটদানৰ ফলাফল ঘোষণা ২১ জুলাইত হোৱাৰ পিছত ২৫ জুলাইত শপতগ্ৰহণ কৰিব নতুন ৰাষ্ট্ৰপতিয়ে।
সংসদ ভৱনৰ প্ৰথম মহলাত ৬৩নং কোঠাত হ’ব ভোটগ্ৰহণ ।
পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইতিমধ্যে দেশৰ ৰাজ্য সমূহৰ বিধায়ক সাংসদ সকলে নিজৰ নিজৰ পছন্দ প্ৰাৰ্থী গৰাকীক ভোটদানৰ কৰিছে।

ভাৰতৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৪০০০ৰো অধিক সাংসদ আৰু বিধায়কে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব বিয়লি ৫ বজাৰলৈ।

কেইবাটাও আঞ্চলিক দলে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক নিজৰ সমৰ্থন দিয়াৰ লগতে সংখ্যা স্পষ্ট ৰূপত এনডিএ প্ৰাৰ্থীৰ পক্ষত আছে। এই দলসমূহৰ ভিতৰত আছে উদ্ধৱ থাকৰেৰ নেতৃত্বৰ শিৱসেনা, ওড়িশাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কৰ দল বীজু জনতা দল (BJD), নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড (JDU), শিৰোমণি আকালী দল, মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টী (BSP), AIADMK, টিডিপি, ৱাইএছআৰচিপি আৰু চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টী (ৰামবিলাস)।

আনহাতে, যশৱন্ত সিনহাক কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এনচিপি, ভাৰতীয় কমিউনিষ্ট পাৰ্টী, সমাজবাদী পাৰ্টী, নেচনেল কনফাৰেন্স, AIMIM, ৰাষ্ট্ৰীয় জনতা দল আৰু এআইইউডিএফে সমৰ্থন আগবঢ়াইছে।

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়েও বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন দিয়াৰ ঘোষণা কৰিছে ইতিমধ্যে।
আনহাতে দেশৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশ।আজি পুৱা ১০ বজা পৰা অৰুণাচল প্ৰদেশতো সাংসদ বিধায়ক সকলে নিজৰ ভোটদানৰ প্ৰদান কৰিছে।

মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুয়ে নিজৰ ভোট জনজাতি পক্ষত দিয়া বুলি উল্লেখ কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.