শেহতীয়া আপডেটঃ

বিৰ্ছা কমাণ্ডু আৰু আলনা ফেক্সন গ্ৰুপৰ প্ৰাক্তন কেডাৰ বিদ্ৰোহী সংগঠনৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ

বিৰ্ছা কমাণ্ডু আৰু আলনা ফেক্সন গ্ৰুপৰ প্ৰাক্তন কেডাৰ বিদ্ৰোহী সংগঠনৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ

বিশ্বনাথ ১ আগষ্ট

কেন্দ্ৰ আৰু অসম চৰকাৰ মাজত অসমৰ ৮টা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে যোৱা
১৫ ছেপ্তেম্বৰ, ২০২২ নতুন দিল্লীত এক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে। এই শান্তি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত আছিল গৃহমন্ত্ৰী অমিত শ্বাহ।
সেই অনুষ্ঠানত অসমৰ আদিবাসী সংগঠনৰ প্ৰায় ১১০০ ব্যক্তিয়ে অস্ত্ৰ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছিল।
কিন্তু সেই শান্তি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল উক্ত অনুষ্ঠানত।

উল্লেখযোগ্য যে শান্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ১০ বছৰৰ পাছত ৮ টা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল। উক্ত শান্তি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৮ টা বিদ্ৰোহী সংগঠন । তাৰে ভিতৰত আছিল বিৰছা কমাণ্ডো ফ’ৰ্চ (BCF), আদিবাসী পিপলছ আৰ্মী (APA), সদৌ আদিবাসী নেচনেল লিবাৰেচন আৰ্মি (AAANLA), আদিবাসী কোব্ৰা মিলিটাৰী অৱ অসম (ACMA) আৰু ছান্থালি টাইগাৰ ফৰ্চ (STF)। আন তিনিটা সংগঠন ক্ৰমে BCF, ANLA আৰু ACMAৰ পৰা বিচ্ছিন্ন হৈ যোৱা গোট।
উল্লেখ্য যে ১৯৯৬, ১৯৯৮ আৰু ২০১৪ চনত ৰাজ্যখনত সংঘটিত জনগোষ্ঠীয় সংঘৰ্ষত ক্ষতি হোৱা আদিবাসী লোক সকলৰ পৰিয়ালক এক লাখকৈ টকা ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে আদিবাসী সকলৰ ভূমিৰ অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি চুক্তিত উল্লেখ কৰিছিল।
লগতে জনগোষ্ঠীটোৰ লোক সকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে এজন কেবিনেট মন্ত্ৰীৰ নেতৃত্বত এখন কমিটী গঠন কৰিছিল।
উক্ত কমিটীখনে সমগ্ৰ বিষয়টো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব৷ সেই অনুসৰি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব৷

জনগোষ্ঠীটোৰ ভাষা, কলা-সংস্কৃতি সুৰক্ষাৰ বাবেও চুক্তিখনত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে৷
ইফালে জনগোষ্ঠীৰ উন্নয়ন বাবে বিশেষ ভাৱে শিক্ষা ক্ষেত্ৰত যাতে আগুৱাই যাব পাৰে জনগোষ্ঠীৰ তাৰ বাবে তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰ, বাক্‌সা, কাৰ্বি আংলং, চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাত আদিবাসী অঞ্চলত মডেল স্কুল খোলা কথা ঘোষণা কৰিছিল লগতে কোকৰাঝাৰ, শোণিতপুৰ আৰু গোলাঘাটতদক্ষতা বিকাশ কেন্দ্ৰ খোলা কথা চুক্তিত উল্লেখ কৰিছিল।

আনহাতে এই শান্তি চুক্তিখন জৰিয়তে বিদ্ৰোহী সংগঠনৰ প্ৰাক্তন কেডাৰ সংস্থাপন কথা উল্লেখ কৰিছিল।
কিন্তু সকলো থিকেই হৈ গ’ল ৮ টা আদিবাসী বিদ্ৰোহী সংগঠনৰ ভিতৰত দুটাকৈ বিদ্ৰোহী সংগঠনৰ প্ৰাক্তন কেডাৰ সকলে সংস্থাপনৰ পৰা বঞ্চিত হোৱা অভিযোগ উত্থাপন কৰিছে । মঙলবাৰে বিয়লি বিশ্বনাথ জিলাৰ বিৰছা কমাণ্ডো ফ’ৰ্চ (BCF
আৰু (ANLA )আলনা ফেক্সন গ্ৰুপৰ প্ৰাক্তন কেডাৰ সকলে বিশ্বনাথৰ জপৌবাৰীত সংবাদ মেল আয়োজন কৰি বিভিন্ন দাবী উত্থাপন কৰে।
ইফালে এই সংবাদমেল কেডাৰ সকলে কয় আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ খন মাত্ৰ 16 জন সদস্যকলৈ গঠন কৰা অসমৰ আদিবাসী জনগোষ্ঠী বসবাস কৰা অঞ্চলৰ উন্নয়নৰ বাবে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ সদস্য পদ চৰকাৰী সৃষ্টি কৰিব লাগিছিল বুলি উল্লেখ কৰে। লগতে চৰকাৰে যি বিদ্ৰোহী সংগঠনৰ প্ৰাক্তন কেডাৰ সকলক তিনিটা পৰ্যায়ত সংস্থাপনৰ ব্যৱস্থা কৰা কথা কৈছে সেই কথা কেতিয়াও সংগঠনৰ কেডাৰ সকলে মানি নল ও বুলি কয়।

লগতে কয় যিহেতু ৮ টা আদিবাসী সংগঠনৰ সৈতে একে লগে সংগ্ৰাম কৰি শান্তি চুক্তি আৰু অস্ত্ৰ সম্বৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে তেনে ক্ষেত্ৰত সকলো কেডাৰৰ একে সময়তে একেলগে সংস্হাপনৰ ব্যৱস্থা কৰিব লাগিব বুলি উল্লেখ কৰে। আনহাতে আদিবাসী বিদ্ৰোহী সংগঠন সমূহে আদিবাসী নামেৰে শান্তি চুক্তি কৰিছিল কিন্তু বৰ্তমান সময়ত অসম চৰকাৰে সংগঠন কেইটা লগত কোনো আলোচনা নকৰাকৈ AWDC নিজাবৱীয়াকৈ Welfare of tea tribes নামেৰে এটা বিভাগ চৰকাৰে সৃষ্টি কৰাটো বিৰোধীতা কৰি শীঘ্ৰে কৰ্তন কৰাৰ বাবে দাবী জনায় সংগঠনটোৰ কেডাৰ সকলে ।

 

লগতে কেডাৰ সকলে দাবী জনাই উক্ত বিভাগটোৰ সলনি welfare of Adivas নামেৰে বিভাগটো সন্নিবিষ্ট কৰিবলৈ দাবী জনাই চৰকাৰক ।এই দাবী সমূহ শীঘ্ৰে চৰকাৰে পুৰন নকৰিলে তাৰ বিৰোদ্ধে গণতান্ত্ৰিক আন্দোলন কৰা হুংকাৰ দিয়ে কেডাৰ সকলে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.