গণেশ বৰ্মণক বাঘমৰা মণ্ডল বিজেপিৰ এ চি মৰ্চাৰ সভাপতি দায়িত্ব

গণেশ বৰ্মণক বাঘমৰা মণ্ডল বিজেপিৰ এ চি মৰ্চাৰ সভাপতি দায়িত্ব ::

বিহালী ২৯ মে :

ভাৰতীয় জনতা পাৰ্টি, বাঘমৰা আৰু বিহালী মণ্ডল উদ্যোগত আজি অনুষ্ঠিত হোৱা এখনি সভাত বিহালী সমষ্টিৰ বাঘমাৰী বিশিষ্ট সমাজ কৰ্মী তথা সংগ্ৰামী যুৱক গণেশ বৰ্মণক ভাৰতীয় জনতা পাৰ্টীৰ বাঘমৰা মণ্ডল বিজেপিৰ এ এচি মৰ্চাৰ সভাপতি দায়িত্ব অৰ্পণ কৰে দলে।

 


উল্লেখযোগ্য যে এই সভাতে অহা ৩০ মে পৰা ৩০ জুন লৈকে হ’বলগীয়া “মহা জনসম্পৰ্ক অভিযান” সম্পৰ্কে আলোচনা কৰা লগতে কাৰ্য্যসূচী দিন ঘোষণা কৰে সভাই। কাৰ্যসূচী অনুসৰি অহা ৪ জুন তাৰিখে বিহালী বিধান সভা সমষ্টিৰ ভিত্তিত ভাৰতীয় জনতা পাৰ্টি,সংযুক্ত মৰ্চা সন্মিলন ৰতোৱাস্হিত ৰংগমঞ্চত অনুষ্ঠিত হ’ব সেই সম্পৰ্কে সকলো মৰ্চা নিজৰ নিজৰ পৰামৰ্শ আগবঢ়াই কেনেদৰে সফল কৰিব পাৰি তাৰ ওপৰত মন্তব্য আগবঢ়াই সভাত উপস্থিত দলীয় কৰ্মী সকলে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.