আগিয়া গেন্দাবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এক

আগিয়া গেন্দাবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এক

গোৱালপাৰা জিলাত পুণৰ বন্যহস্তীৰ আক্ৰমণত নিহত এজন ৷ নিহত লোক জন আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত গেন্দাবাৰীৰ বিন্দুৰাম ৰাভা ৷ বয়স ৩৫ বছৰ ৷ জানিব পৰা মতে, যোৱা নিশা এজাক বন্যহস্তীয়ে খাদ্যৰ সন্ধানত অসম-মেঘালয় সীমান্তৰ গেন্দাবাৰীত গাঁৱত প্ৰৱেশ কৰে ৷ তেনে সময়তে বাহিৰলৈ ওলাই অহা বিন্দুৰাম ৰাভাক নিজ বাসগৃহৰ কাষতে আক্ৰমণ চলাই নিহত কৰে বন্যহস্তীয়ে ৷

 

প্ৰায় নিশা ১ বজাত কৃষ্ণাই বন বিভাগ আৰু আগিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,গোৱালপাৰা জিলাত ধাৰাবাহিক বনৰীয়া হাতীৰ আক্ৰমণে সাধাৰণ জনতাক আতংকিত কৰি তুলিছে।

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.