চৰাইদেউৰ বিষয়ে একলম

যোৱা এপ্ৰিল মাহৰ ১৬ তাৰিখে চৰাইদেউত উপস্থিত হৈছিলোঁ। পৰ্য্যটকৰ বাবে বৰ্তমান এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু চৰাইদেউ। পোন প্রথম জনা আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাই অভয়পুৰ, হাবুং, লিগিৰী গাওঁ, শিমলুগুৰি আদি ভিন্নবোৰ ঠাইত অস্থায়ী ৰাজধানী স্থাপন কৰিছিল। যদিও শেষত তেওঁ চৰাইদেউত ১২৫৩ খ্রীষ্টাব্দত স্থায়ী ৰাজধানী স্থাপন কৰে। এই স্থায়ী ৰাজধানীৰ ৰাজ কাৰেং বা ৰাজপ্রাসাদ শিল-ইটাৰে নিৰ্মাণ কৰিছিল। সেই সময়ৰ পৰাই হয়তো শিল ইটাৰ ব্যৱহাৰ ক্ৰমাৎ বাঢ়ি গৈছিল।


চৰাইদেউত চুকাফাই ৰাজধানী স্থাপন কৰাৰ পৰৱৰ্তী সময়ত সেই ঠাইকেই পাছলৈ আহোম ৰজা সকলৰ সমাধিক্ষেত্ৰ কৰিছিল। অসম বুৰঞ্জীত উল্লেখ্য যে, এই পৱিত্ৰ ঠাইত সকলো বিপ্লৱীয়ে শপত গ্রহণ কৰি দেশ উদ্ধাৰ কৰিম বুলি প্রতিজ্ঞা কৰিছিল। শেষলৈ তেজী নামৰূপ আৰু গেলেকী প্রধান ঘাটি হৈছিল। বন্দুক-বৰটোপ, ধেনু-কাঁড়, দা-যাঠী-তৰোৱাল আদি অস্ত্র-শস্ত্ৰৰে সাজু হ’ল। খাছীয়া ৰজা ছিয়েম টিকসিঙে পোনপটীয়াকৈ সহায় কৰিবলৈ মত দিছিল। বিপ্লৱী সকলৰ ভিতৰত জন্মি, খামতি বুঢ়াগোহাঁই, দেউৰাম দিহিঙ্গীয়া ফুকন, ৰূপচন্দ্ৰ কোঁৱৰ, চিকন ঢেকিয়াল ফুকন, বেনুধৰ গোহাঁই, বেনুধৰ কোঁৱৰ, দহা ফুকন, বগা কোঁৱৰ আদিও আছিল বুলি উল্লেখ আছে।

চৰাইদেউতেই ৰাজকীয় লোকৰ মৃত্যুৰ পিছত শিল-ইটাৰে পকীকৈ মৈদামবোৰো ৰজাই নিৰ্মাণ কৰিছিল। কিন্তু নিৰ্দিষ্টকৈ মৈদামসমূহ নামকৰণ কৰা নাছিল। যাৰ বাবে বৰ্তমান সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত হোৱাৰ পিছতো সঠিকভাৱে মান নিৰূপণ কৰাত কিছু অসুবিধা ৰৈ গৈছে বুলি বিভাগীয় লোকৰ পৰা জানিব পৰিছিলোঁ।




