শেহতীয়া আপডেটঃ

ঐতিহাসিক বিশ্বনাথ ঘাট নাট্য মন্দিৰত সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান/বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অংশগ্ৰহণ

ঐতিহাসিক বিশ্বনাথ ঘাট নাট্য মন্দিৰত সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান/বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অংশগ্ৰহণ

অসম খবৰ বেদেতী, ১৮ জুলাইঃ ঐতিহাসিক বিশ্বনাথ ঘাটত আজি সত্ৰীয়া নৃত্যৰ বিনামূলীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ।
বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ অন্তৰ্গত বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত, জিলা সমিতিৰ সহযোগত আৰু ‘ৱাৰিয়ৰ্ছ’ স্বেচ্ছাসেৱী সংগঠনৰ সৌজন্যত চাৰিদিনীয়াকৈ অনুষ্ঠিত বিনামূলীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি উপলক্ষ্যে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিশ্বনাথ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাখী দাসে । অনুষ্ঠান পৰিচালনাৰ লগতে আঁ‌ত ধৰে বিশ্বনাথ আঞ্চলিকৰ সম্পাদক নৱজ্যোতি দাস আৰু সাংস্কৃতিক সম্পাদক কবিন দাসে ।


আজিৰ অনুষ্ঠানত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেৱকান্ত গগৈ, উপ-সভাপতি, কলাশ্ৰী বিনোদ খনাল, প্ৰধান সম্পাদক প্ৰহ্লাদ মিলি, সাংস্কৃতিক সম্পাদক চামিয়া শ্যাম, সাংগঠনিক সম্পাদক প্ৰীতি ৰঞ্জন বৰুৱা, জনগোষ্ঠীয় যুৱ ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি ডম্বৰুধৰ দাস, বিশ্বনাথ জিলা সমিতিৰ সম্পাদক দিগন্ত কুমাৰ দাস, বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। স্বেচ্ছাসেৱী সংগঠন ‘ৱাৰিয়ৰ্ছ’ৰ বাঘমৰা আৰু বুঢ়ীগাং আঞ্চলিকৰ বিষয় ববীয়া আদি গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
উপস্থিত সকলৰ ফালৰ পৰা
বিনোদ খনাল, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক , নৃত্য বিশাৰদ, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি পলাশ জ্যোতি কোঁ‌চ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, যুৱ ঐক্য মঞ্চৰ সভাপতি ডম্বৰু ধৰ দাস, কেন্দ্ৰীয় সমিতিৰ ৰেৱ কান্ত গগৈ, প্ৰহ্লাদ মিলি, প্ৰীতি ৰঞ্জন বৰুৱা, চামিয়া শ্যাম আদিয়ে শংকৰী সংস্কৃতিৰ অন্যতম উপাদান সত্ৰীয়া নৃত্যৰ এনে কৰ্মশালা তথা চৰ্চ্চাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় ।
প্ৰহ্লাদ মিলি আৰু চামিয়া শ্যামে ঐক্য মঞ্চৰ শীৰ্ষ গীত ‘আমি বৰভেটি ৰাখিমেই’ আৰু বিষ্ণু ৰাভা দেৱৰ একোটিকৈ গীত পৰিৱেশন কৰে ।

কৰ্মশালাৰ অংশগ্ৰহণ কাৰী সকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
বিনোদ খনালে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা আজিৰ
অনুষ্ঠানৰ আৰম্ভণিতে ঝুমুৰা পৰিৱেশনেৰে মঞ্চ মুকলি কৰে নন্দন প্ৰতীম গগৈয়ে । সত্ৰীয়া নৃত্য পৰিৱেশন কৰে প্ৰশিক্ষক পলাশ জ্যোতি কোঁ‌চ আৰু অংকিতা দাসে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.