Tuesday, July 8, 2025
26.8 C
Guwahati
TOP NEWS:

বিশ্বনাথত জিলা পৰ্যায়ৰ বান প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা বৈঠক অনুষ্ঠিত

- Advertisement -

বিশ্বনাথত জিলা পৰ্যায়ৰ বান পপৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা বৈঠক অনুষ্ঠিত

বিশ্বনাথত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দল

 

বিশ্বনাথ চাৰিআলি, ৪ জুলাই_ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নোডেল বিষয়া ড০ কৃপালজ্যোতি মজুমদাৰ (প্ৰকল্প বিষয়া), জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ মুকুন্দ উপাধ্যায় নেতৃত্বাধীন দলটোৱে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(ডিপিঅ আৰু এফঅ)ৰ বিষয়ববীয়াসকলৰ সৈতে আজি বিশ্বনাথত জিলা পৰ্যায়ৰ বান প্ৰস্তুতি সম্পৰ্কে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। বিশ্বনাথৰ মহকুমাধিপতিৰ সন্মিলন কক্ষত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা সভাত সভাপতিত্বত কৰে অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে।গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লুকুমনি বৰাৰ উপৰিও সহকাৰী আয়ুক্ত সকল, বিশ্বনাথআৰু গহপুৰ মহকুমাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলেও এই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। পৰ্যালোচনা সভাখনিত অংশ গ্ৰহণ কৰা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দলটিয়ে বানপানীৰ বাবে জিলাখনৰ প্ৰস্তুতিৰ স্থিতি পৰ্যালোচনা কৰে আৰু এক কাৰ্যকৰী ব্যৱস্থাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ সংশ্লিষ্ট বিভাগ সমুহক পৰামৰ্শ দিয়ে।পৰ্যালোচনা সভাখনিত সভাপতি তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিভিন্ন মতামত সম্পৰ্কে বিভাগসমুহেও তেওঁলোকৰ মন্তব্য দাঙি ধৰে।উল্লেখযোগ্য যে, কাইলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দলটোৱে গহপুৰ মহকুমা পৰিদৰ্শন কৰিব আৰু পূৰ্ব চিনাক্ত সাহাৰ্য্য শিবিৰত প্ৰস্তুতিৰ স্থিতি নিৰীক্ষণ কৰাৰ লগতে দলটোৱে পাকে আৰু লোহিতমুখত বানপানীৰ দুৰ্যোগ প্ৰৱনতা মূল্যায়ন কৰিব বুলি জানিব পৰা গৈছে।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
29 ° C
29 °
29 °
79 %
3.5kmh
98 %
Tue
29 °
Wed
29 °
Thu
33 °
Fri
33 °
Sat
33 °