শেহতীয়া আপডেটঃ

কিশোৰ-কিশোৰীৰ বৌদ্ধিক উত্তৰণৰ এখন হাতপুথি ‘কত যে কথা জনা নজনা’ –ড° বুলজিৎ বুঢ়াগোহাঁই

ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, এগৰাকী নীৰৱ চিন্তাশিল্পী তথা সংগীতশিল্পী ড° বনজিত ভট্টৰ বিভিন্ন কাকত-আলোচনীত প্রকাশিত ৰচনাৰাজি সমাজ চেতনাৰ স্পৃহাবে সংপৃক্ত। তেওঁৰ কথকতাত নৱ-প্ৰজন্মক প্রত্যুৎসাহিত কৰাৰ আকুলতা বিৰাজমান। এগৰাকী অনাতাঁৰ কণ্ঠশিল্পী হোৱাৰ উপৰিও গীতিকাৰ, সুৰকাৰ তথা অভিনেতা হিচাপেও এক সুকীয়া পৰিচয় আছে। ড° বনজিত ভট্টদেৱে প্রণয়ন কৰা ‘কত যে কথা জনা নজনা’ পুথিখন হৈছে কিশোৰ-কিশোৰীৰ বৌদ্ধিক উত্তৰণৰ এখন হাতপুথি।
লেখকৰ একাষাৰ… ‘জপনামুখৰ স্বীকাৰোক্তি’ত এনেদৰে লিখিছে “……বিভিন্ন সময়ত ভিন্ ভিন্‌ উৎসৰ পৰা সংগৃহীত গোটাচেৰেক তথ্যগত বিষয়ক নিজস্ব দৃষ্টিভংগীৰে উপস্থাপন কৰাৰ সামান্য প্রয়াসহে -এই ক্ষুদ্র পুথি।…..”


গ্রন্থখনৰ “আগকথা”ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড°গোপাল চন্দ্ৰ হাজৰিকাই উল্লেখ কৰিছে “…পুথিখনৰ নামটোৱেই কয় অনেক কথা। এৰা, কত যে কথা আছে পৃথিৱীজুৰি। কিছু জনা, তাতোকৈ অধিক নজনা। ক’ত আছে সেইবোৰ? আমাৰ ঘৰখনত, চৌহদৰ বাৰীখনত, ফুলনিখনত, চুবুৰীটোত, গাঁওখনত, নগৰখনত, ভূ-ভাৰস্তত, মহাকাশত, বিশ্বব্রহ্মাণ্ডত। এৰা, ঠাহ খাই আছে জনা-নজনা অযুত-নিযুত কথা। … ব্যক্তি বিশেষৰ মন-মগজুত অভিজ্ঞতালব্ধ কথাবোৰ আনক জনাবলৈ এক সাধাৰণ কৌতূহল থাকে, সবাৰে। পিছে, প্রকাশভংগীমাত আটাইৰে নাথাকিবও পাৰে সমান দক্ষতা। এগৰাকী গুণী শিক্ষক হোৱাৰ সুবাদত ড°ভট্টই সহজতে আয়ত্ত কৰি পেলাইছে এক ব্যতিক্রমী উপস্থাপন শৈলী। পুথিখনৰ মাজেৰে ভট্টই কি ক’ব বিচাৰিছে? ভাতৰ লগত পানী খোৱা, সেই পানীৰ অজস্ৰ নজনা কথা, চকুৰ পলক এটাত থকা ৰহস্যৰ কথা, গাখীৰকণৰ কথা, জ্বৰৰ কথা, জ্বৰৰ জলপটিৰ কথা, ধানখেতিৰ কথা, মৎস্যনিদ্ৰাৰ কথা, ইত্যাদি ইত্যাদি। তেওঁৰ লেখনিত উদ্ধৃতি পাইছে গুরুপ্রসাদ দাস, বিক্রম বাত্রা, চক্রেটিছ, অৰুণিমা সিন্‌হা, আলফ্রেড নোবেল, শর্মিষ্ঠা প্রীতম আদিবোৰে।…”


পুথিখনত থকা লেখাসমূহ হ’ল – এটি এটি ক্ষণ যেন মুকুতাৰে ধন ; সু-শ্রী, সাফল্য; বলিদান; খং নামে চণ্ডাল ; Home the sweet home; গণ-চিন্তা; চক্রেটিছ ; বচন ; Yes, …I can; মৃত্যু শিল্প; হাতী আৰু ৰচী; পকা তুল তুল বিলাহী; দৃঢ়তা;জীৱন; বিচাৰ; নিগনি সংবাদ; সৌন্দৰ্য্য ;দুৰ্যোগ বনাম সুযোগ; Self worth; বালিচাহি কাব্য; কিতাপৰ স্বাস্থ্য;অমৰত্ব; ঘটনা-দুৰ্ঘটনা; প্রত্যাহ্বান; এযোৰা সাধু;ঈর্ষা;জ্বৰত জলপটি;গ্রিটিংচ কাৰ্ড আৰু পৰিবেশ মিত্রহীনতা;সুগন্ধি বিবাহ; মৎস্যনিদ্রা; ধুনুৰ গাখীৰ গিলাচটো আৰু…;প্রাচুৰ্য,পানী: বিন্দুতে সিন্ধু য’ত;ৰতন; অসমীয়াৰ লাজ;সাবধান! বাহিৰত চোকা ৰ’দ;বিশ্বাস;ওঁঠৰ হাঁহিটি;সংসাৰ;উৰুকাৰ ভোগ;মনোবল;জিনিয়া;পাপ-পুণ্য; কেঁচা গাখীৰ নাখাব; ধানৰ পথাৰত বিজ্ঞান, অর্থনীতি, ৰাজনীতি ইত্যাদি;জীৱাণু;সাধাৰণ জ্বৰ নে মেলেৰিয়া;বৰষুণ আৰু ভেকুলীৰ টোৰটোৰণি; জোনাকী মনৰ যুৱতীজনীৰ পক্ষত;ডিঙিৰ চৰ্চৰণি; শিক্ষা-শিক্ষক-শিক্ষকতা আৰু জীৱ গঠনৰ একক: কোষ।
“Take care of your body. It’s the only place you have to leave”ৰ দৰে সুন্দৰ মুখশুদ্ধিৰে লেখাসমূহৰ সামৰনি মাৰিছে। এই পুথিখন প্রকাশ কৰিছে-গ্রন্থবার্তা, গুৱাহাটী ক্লাব, গুৱাহাটী-৭৮১০০৩, টি.চি. চৰকাৰী উঃ মাঃ বিদ্যালয়ৰ বিপৰীতে, ফোন-৯৯৫৭৭০৬২০০ আৰু ইয়াৰ মূল্য ২২০টকা। গ্রন্থখনত মুঠ ১২৮ পৃষ্ঠা আছে। পুথিখনৰ প্রচ্ছদ শিল্পী হোমেন শইকীয়া। এই ‘কত যে কথা জনা নজনা’পুথিখন কিশোৰ-কিশোৰীসকলৰ বাবে এখন সংৰক্ষণযোগ্য পুথি।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.