শেহতীয়া আপডেটঃ

বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালাই ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ কথা উল্লেখ কৰিছে

বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালাই অসমৰ বিশ্বৰ মেগা বেচিন হোৱাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰেএডভান্টেজ আছাম ২.০ত বিনিয়োগৰ প্ৰতি সমৰ্থন

গ্ৰুপ কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে অঞ্চলটোত তেল আৰু গেছৰ অন্বেষণ আৰু উৎপাদনত ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ কথা উল্লেখ কৰিছে

 

গুৱাহাটী২৫ ফেব্ৰুৱাৰী২০২৫: বেদান্ত গ্ৰুপৰ অংশ তথা ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত অইল এণ্ড গেছ উৎপাদক কেয়াৰ্ন অইল এণ্ড গেছে গুৱাহাটীত ৰাজ্যখনৰ বিশ্বব্যাপী বিনিয়োগ সন্মিলনত তেল আৰু গেছৰ অন্বেষণ আৰু উৎপাদনত ৫০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। এই বিনিয়োগৰ জৰিয়তে অসমত বিশ্বমানৰ তেল আৰু গেছ অন্বেষণ আৰু উৎপাদন (ই এণ্ড পি)ৰ সুবিধা স্থাপনৰ লগতে কৰ্পৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ)ৰ বিস্তৃত পদক্ষেপ যেনে অধিক আধুনিক অংগনবাদী স্থাপন কৰা, হস্ততাঁত দক্ষতা কেন্দ্ৰ সম্প্ৰসাৰণ কৰামহিলা আৰু শিশুৰ বাবে ডিজিটেল শ্ৰেণীকোঠা নিৰ্মাণ কৰাআৰু অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে এক উজ্জ্বলঅধিক সৰ্বাংগীন ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে ক্ৰীড়াৰ প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব।

সন্মিলনত উপস্থিত থকা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীঅসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  আৰু অন্যান্য ব্যক্তিৰ উপস্থিতিত বেদান্ত গ্ৰুপৰ অধ্যক্ষ শ্ৰীযুত অনিল আগৰৱালে ৰাজ্যখনৰ প্ৰগতিৰ প্ৰতি তেওঁৰ কোম্পানীৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰে।

তেওঁ অসমৰ কৌশলগত অৱস্থানবিনিয়োগ সমৰ্থক নীতি আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণভাৰতৰ বৃদ্ধিত ইন্ধন যোগোৱাৰ মূল কাৰক হিচাপে আলোচনা কৰে। তেওঁ ৰাজ্যখনক মেগা বেচিনআৰু ভাৰতৰ শক্তি উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।  অসমক আকৰ্ষণীয় বিনিয়োগৰ গন্তব্যস্থান আখ্যা দি তেওঁ ৰাজ্যখনৰ দীৰ্ঘম্যাদীবহনক্ষম বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে নিজৰ কোম্পানীৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

ভাৰতৰ তেল উদ্যোগৰ জন্মস্থান হিচাপে চহকী  অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বেদান্ত লিমিটেডৰ অধ্যক্ষ শ্ৰী অনিল আগৰৱালাই কয়, “অসম প্ৰাকৃতিক সম্পদৰ প্ৰচুৰ আৰু বিশ্বৰ মেগা বেচিন হোৱাৰ সম্ভাৱনা আছে। আমি অসমৰ বহনক্ষম বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছো। ৫০,০০০ কোটি টকাতকৈ অধিক বিনিয়োগেৰে আমি অসমৰ পৰা প্ৰতিদিনে এক লাখ বেৰেল তেল আৰু গেছ উৎপাদন কৰিম – যাৰ ফলত ই এক প্ৰধান হাইড্ৰ’কাৰ্বন হাব হৈ উঠিব, একে সময়তে ১ লাখ যুৱক-যুৱতীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হ’ব।”

অসমত কাম-কাজৰ জৰিয়তে কোম্পানীটোৱে জৈৱ বৈচিত্ৰ্য ৰক্ষা, স্থানীয় সংস্কৃতি সংৰক্ষণ, আৰু জাতিৰ বৃদ্ধিত ইন্ধন যোগাবলৈ শক্তি উৎপাদনৰ লক্ষ্য ৰাখিছে।

অসমৰ আৰাকান অৱবাহিকাত কেয়াৰ্নৰ ৭৬৫০ কিলোমিটাৰ একৰ মাটি আছে আৰু ইয়াৰ কাষত ১৫টা অন্বেষণ ব্লকৰ কৌশলগত পৰ্টফলিঅ’ অন্তৰ্ভুক্ত কৰা হৈছেয’ত মুক্ত একৰ লাইচেন্সিং পলিচি (অ’এএলপি)ৰ অধীনত ১২টা ব্লক আৰু ৩টা আৱিষ্কৃত সৰু ক্ষেত্ৰ (ডি এছ এফ) আছে। কোম্পানীটোৱে ২০২৩ চনৰ পৰা অসমৰ হাজাৰিগাঁও ক্ষেত্ৰৰ পৰা উৎপাদন কৰি আহিছে তথা  উত্তৰ-পূৰ্বাঞ্চলত উৎপাদনৰ প্ৰথম ডি এছ এফ ব্লক ইয়াৰ আওতালৈ আহিছে। ইয়াৰ দ্বাৰা চুবুৰীয়া চাহ বাগিচাসমূহলৈ গেছ যোগান হৈ আহিছেযাৰ ফলত অঞ্চলটোৰ চাহ উৎপাদন বৃদ্ধি পাইছে আৰু কৃষকসকলে ব্যয়বহুল কয়লা ভিত্তিক শক্তিৰ উৎসৰ পৰা পৰিষ্কাৰ গেছলৈ পৰিবৰ্তন কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ স্বচ্ছ শক্তিৰ পদক্ষেপক সহায় কৰি গুৱাহাটীৰ ১০০খন চি এন জি বাছত ইন্ধন যোগান ধৰাতো হাজাৰিগাঁও ক্ষেত্ৰৰ পৰা স্থানীয়ভাৱে উৎপাদিত গেছে প্ৰধান অৰিহণা যোগায়।

কেয়াৰ্নে অসম ৰাজ্যিক জীৱিকা গ্ৰাম্য অভিযান (এ এছ এল আৰ এম)ৰ সহযোগত অসমৰ মহিলা শিপিনীসকলক বহনক্ষম জীৱিকাৰ সুযোগৰ জৰিয়তে সহায় কৰি আহিছে।  হেণ্ডলুম চেণ্টাৰ মুকলি কৰাৰ লগে লগে কোম্পানীটোৱে ৩০০০ৰো অধিক মহিলাক আৰ্থিক স্বাধীনতা প্ৰদান কৰি আহিছে।

উক্ত বুজাবুজি চুক্তিয়ে অসমৰ ঔদ্যোগিক আৰু অর্থনৈতিক শক্তিৰ স্থিতি লালন-পালন কৰিবভাৰতৰ বিশ্বব্যাপী নেতা হোৱাৰ দৃষ্টিভংগীত যথেষ্ট অৰিহণা যোগাব তথা  অসমৰ ৰূপান্তৰ আৰু ভাৰতৰ ঔদ্যোগিক বিৱর্তনত সহায়ক হিচাপে কোম্পানীৰ দৃঢ় ভূমিকা পালন কৰিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.