বিশ্বনাথ চাৰিআলিনগৰ সমিতিৰ প্ৰাক্তন উপ সভাপতি যতীন শৰ্মাৰ বিয়োগ এঘন্টাৰ বাবে বিশ্বনাথ নগৰ বজাৰ বন্ধৰ ঘোষনা পৌৰপতিৰ

বিশ্বনাথ চাৰিআলিনগৰ সমিতিৰ প্ৰাক্তন উপ সভাপতি যতীন শৰ্মাৰ বিয়োগ এঘন্টাৰ বাবে বিশ্বনাথ নগৰ বজাৰ বন্ধৰ ঘোষনা পৌৰপতিৰ

বিশ্বনাথ চাৰিআলি নগৰ সমিতিৰ প্ৰাক্তন উপ সভাপতি তথা অগপ নেতা যতীন শৰ্মাৰ আজি বামগাৱৰ নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।বিভিন্ন দল সংগঠনৰ লগত জড়িত যতীন শৰ্মাৰ মৃত্যুৰ বয়স আছিল ৭৮বছৰ। বিশ্বনাথ চাৰিআলি নগৰ সমিতিৰ প্ৰাক্তন উপ সভাপতি তথা বিশ্বনাথৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তি,অসম আন্দোলনৰ সক্ৰিয় সদস্য,অসম গণ পৰিষদৰ প্ৰতিষ্ঠাকালৰ নেতা,সদৌ অসম সূৰ্য বৰা একাংশ নাট প্ৰতিযোগিতা সমিতিৰ বিষয়ববীয়া যতীন শৰ্মা সুদীৰ্ঘ কাল ধৰি বহু মুত্ৰ ৰোগত আক্ৰান্ত হৈ আছিল।আজি নিজা বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।শৰ্মাৰ মৃত্যুত বিশ্বনাথৰ বহু দল সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।ইয়াৰ সমান্তৰালকৈ বিশ্বনাথ চাৰিআলি পৌৰ সভাই তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি মৌন প্ৰাৰ্থনা জনায়।পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ,ৱাৰ্ড সদস্য মিলন চন্দ্ৰ বৰা,জুলু শইকীয়া আৰু মুখ্য সহায়ক ভাস্কৰ জ্যোতি বৰা, জীতেন ভাগৱতী,অপূৰ্ব কুমাৰ দাস,কমল ভূঞা,হীৰেন বৰাই যতীন শৰ্মাৰ বামগাঁৱৰ বাসভৱনত উপস্হিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।পৌৰপতিৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত শোক সভাত পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ আৰু ৱাৰ্ড সদস্য মিলন চন্দ্ৰ বৰাই যতীন শৰ্মাৰ কৰ্মময় জীবনৰ ওপৰত আলোকপাত কৰে।শৰ্মাৰ মৃত্যুত শ্ৰদ্ধা জনাই বিশ্বনাথ চাৰিআলি পৌৰসভাই আজি বিয়লি ৫ বজাৰ পৰা ৬ বজালৈ নগৰখনৰ সকলো দোকান বজাৰ বন্ধ ৰাখিবলৈ আহবান জনায়।বিশ্বনাথৰ সমাজ জীৱনৰ লগত জড়িত প্ৰচণ্ড জাতীয়তাবাদী নেতা যতীন বৰাই মৃত্যুৰ সময়ত পত্নীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.