বিশ্বনাথত আজিৰে পৰা আৰম্ভ হ’ল পিএম-কিষাণ নিধিৰ পৰিপূৰ্ণতা অভিযান

বিশ্বনাথত আজিৰে পৰা আৰম্ভ হ’ল পিএম-কিষাণ নিধিৰ পৰিপূৰ্ণতা অভিযান

বিশ্বনাথ চাৰিআলি, ১৩জুন, : বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত আজি পৰা ১৫ জুনলৈ জিলা খনৰ ৯ টা কৃষি চক্ৰৰ অন্তৰ্গত গাওঁ পঞ্চায়তত কৃষি বিভাগে গ্ৰহণ কৰা ‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি’ আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ বিশাল সহযোগিতামূলক শিবিৰৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে কৃষক ৰাইজলৈ ২ হাজাৰ টকাকৈ তিনিটা কিস্তিত বছৰি মুঠ ৬ হেজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় আহিছে। আগন্তুক সময়ত এই সুবিধাৰ পৰা যাতে কোনো যোগ্য কৃষক অসুবিধাৰ সন্মুখীন নহয়, সেই উদ্দেশ্যেৰে শিবিৰত বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকি কৃষকৰ ই-কে ৱাই চি, ভূমি তথ্য সং যোজন, বেংক একাউণ্টত আধাৰ সংযোজনকে আদি কৰি এই আঁচনিৰ সকলো সমস্যা সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইতিমধ্যে এই শিবিৰৰ প্ৰচাৰৰ উদ্দেশ্যে সকলো গাঁও পঞ্চায়তক সামৰি মাইক যোগে ঘোষনা,পষ্টাৰিং, ইত্যাদি কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। বিশ্বনাথ জিলা কৃষি বিষয়া দিব্যজ্যোতি ফুকনে এজনো যোগ্য হিতাধিকাৰী কৃষক যাতে বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই শিবিৰ সমূহত যোগদান কৰিবলৈ কৃষক সকলক আহ্বান জনাইছে। ইয়াৰ বাবে হিতাধিকাৰী সকলে শিবিৰলৈ আহোঁতে নিজৰ আধাৰ কাৰ্ড, বেংকৰ পাচবুক আৰু নিজৰ মোবাইল ফোনটো লগত লৈ আহিব লাগিব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.