Sunday, May 25, 2025
27 C
Guwahati

বিজ্ঞান শাখাত তৃতীয় স্হানপ্ৰাপ্ত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াক বিশ্বনাথ প্ৰশাসনৰ অভিনন্দন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিজ্ঞান শাখাত তৃতীয় স্হানপ্ৰাপ্ত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াক বিশ্বনাথ প্ৰশাসনৰ অভিনন্দন

 

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া হোৱাৰ প্ৰৱল ইচ্ছা কৃতী ছাত্ৰী গৰাকীৰ

 

বিশ্বনাথ চাৰিআলি, ৭ জুন: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই অনা বিশ্বনাথৰ মেধাৱী ছাত্ৰী প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াক আজি বিশ্বনাথ প্ৰশাসনে অভিনন্দন জ্ঞাপন কৰে। অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানী আৰু বিশ্বনাথৰ সহকাৰী আয়ুক্ত কংকনা শইকীয়াই কালি সন্ধিয়া কৃতী ছাত্ৰী প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াক বিশ্বনাথ চাৰিআলিৰ নগাঁৱৰ বাসগৃহত গৈ শৰাই আৰু গামোচাৰে বিশ্বনাথ প্ৰশাসনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে, নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৪৭৯ নম্বৰেৰে অসমৰ ভিতৰত তৃতীয় স্থান (বিজ্ঞান শাখা) লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। বিশ্বনাথক গৌৰৱান্বিত কৰা মেধাৱী ছাত্ৰী প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই ভৱিষ্যতে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এগৰাকী বিষয়া হোৱাৰ প্ৰৱল ইচ্ছা মনতে পুহি ৰাখিছে আৰু সদ্যহতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়ন কৰিব বুলি জানিবলৈ দিছে। বিশ্বনাথ চাৰিআলিৰ নগাঁও নিৱাসী শিক্ষক দম্পতী সর্বানন্দ শ‍ইকীয়া আৰু আল্পনা শইকীয়াৰ একমাত্ৰ কন্যা তথা মেধাৱী ছাত্ৰী প্ৰাৰ্থনা প্ৰিয়মৰ এই সফলতাত বিশ্বনাথবাসী বাৰুকৈয়ে উৎফুল্লিত হৈছে।
উল্লেখ্য যে প্ৰাৰ্থনাই দৈনিক হিচাপত কোনো সময় বান্ধি অধ্যয়ন কৰা নাছিল যদিও যিকণ সময় অধ্যয়ন কৰিছিল সেয়া মনপুতি আৰু একান্ত মনেৰে অধ্যয়ন কৰিছিল বুলি সদৰী কৰে। ঘৰুৱা টিউচনৰ কোনো ব্যৱস্থা নোলোৱাকৈ অধ্যয়ন কৰা প্ৰাৰ্থনাই ইংৰাজীত ৯১, অসমীয়াত ৯৬, পৰিসংখ্যা বিভাগত ৯৭, গণিতত ১০০, পদাৰ্থ বিজ্ঞানত ৯৫ আৰু ৰসায়ন বিজ্ঞানত ৯৩ লাভ কৰে। তেওঁৰ এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃৰ লগতে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ দিলীপ বৰা আৰু পূৰ্বতে তেওঁ অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলৰ শলাগ লয়।
বিশ্বনাথবাসী শিক্ষানুৰাগী ৰাইজৰ লগতে বিশ্বনাথ প্ৰশাসনে প্ৰাৰ্থনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে যেন তেওঁ শৈক্ষিক ক্ষেত্ৰখনত সফলতাৰে আগুৱাই যাব পাৰে তাৰেই কামনা কৰিছে।

- Advertisement -

Hot this week

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds