শেহতীয়া আপডেটঃ

এশ শতাংশ উত্তীৰ্ণৰে  অৰিয়েন্ট ফ্লাৱাৰ চিনিয়ৰ চেকেণ্ডৰী স্কুল ::

সন্তোষজনক ফলাফল : ৩০ জন দৰিদ্ৰ ছাত্ৰ-ছাত্রীক বিনামূলীয়া শিক্ষা দান ::

 বিশ্বনাথ চাৰিআলি ২৮ জুন ::

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে সন্তোষজনক ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিশ্বনাথ চাৰিআলিৰ অন্যতম এখন আগশাৰীৰ শিক্ষানুষ্ঠান অৰিয়েন্ট ফ্ৰাৱাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ।

বিশ্বনাথ চাৰিআলি উত্তৰ প্ৰান্তৰ উচ্চ শিক্ষাৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান অৰিয়েন্ট ফ্লাৱাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সন্তোষজনক ফলাফলে এক আশাৰ বতৰা কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চলটোলৈ। অৰিয়েন্ট ফ্লাৱাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰিচালন সঞ্চালিকা আৰু অধ্যক্ষা মীনা দেৱীৰ লগতে সমূহ শিক্ষক-শিক্ষয়ত্ৰীৰ অশেষ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ বলত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফলত যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে শিক্ষানুষ্ঠানখনে।
এশ শতাংশ উত্তীৰ্ণৰে সফলতা অৰ্জন কৰিছে শিক্ষানুষ্ঠানখনৰ কলা আৰু বানিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলে ।
উল্লেখযোগ্য যে পূৰ্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তুলনাত বহুত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে এই পৰীক্ষাত।
মহাবিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ অশেষ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ বলত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয় ফলাফলত বহু কেইজন পৰীক্ষাৰ্থীয়ে ষ্টাৰ আৰু ডিচিংছন নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
সেই অনুসৰি মোহন জ্যোতি শৰ্মাই গণিতত ৯৬, পৰিসংখ্যা বিজ্ঞানত ৯৪ , অসমীয়াত ৯৪, অৰ্থনীতিত ৮৬, আৰু ইংৰাজীত ৮৪ নম্বৰ সহ (৯১% ),আকাঙখীতা মহন্তই (৮৯%), পুনম দেবীয়ে (৮৭%২), ৰাজশ্ৰী গোস্বামীয়ে ৮৯ % আৰু আদিতি শইকীয়াই (৮৫%) নম্বৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা লগতে আন বহ কেইজনে ষ্টাৰ আৰু ডিচিংছন নম্বৰ পাবলৈ সক্ষম হয়।

আনহাতে বিগত ২০১৯ বৰ্ষৰ মহামাৰী কভিড-১৯ সময়ত আৰ্থিক ভাৱে দৰিদ্ৰ ৫৯ জন ছাত্র-ছাত্রী ভিতৰত অতি পিছ পৰা দৰিদ্ৰ ৩০ জনকৈ ছাত্র-ছাত্ৰীক অৰিয়েন্ট ফ্লাৱাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ কতৃপক্ষকই সম্পূৰ্ণ বিনামূলীয়াকৈ দুটা বছৰ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰি এক পোহৰ বাদ মুকলি কৰি দিয়ে পৰীক্ষাৰ্থী সকলক ।

মহাবিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ অশেষ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ বলত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক
বিদ্যালয় খনৰ এই সাফল্যত যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে অঞ্চলটোৰ বৌদ্ধিক মহলে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.