কি সমস্যাত পৰিছে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক, ইনষ্টাগ্ৰাম? হঠাৎ বন্ধ হ’ব নেকি!

■ এটা সামাজিক মাধ্যম হঠাৎ বন্ধ হৈ যোৱাটো কোনো ডাঙৰ কথা নহয়। অতীতত তেনে ঘটনাৰ বহু উদাহৰণ আছে। এসময়ত জনপ্ৰিয়তা অৰ্জন কৰা অৰকুট, ৰকেত টক, গুগল প্লাছ ইত্যাদি হঠাৎ বন্ধ হৈ গৈছিল। বৰ্তমান তেনে ঘটনাই হবলৈ গৈ আছে নেকি ফেচবুক, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যম। ইয়াক লৈ বহু ব্যৱহাৰকাৰীৰ মাজত চৰ্চা চলিছে।

যোৱা কেইটামান দিনৰ আগতে হঠাৎ প্ৰায় ৬ ঘণ্টা ধৰি বিকল হৈ গৈছিল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ। তাৰ পিছত তেওঁলোকৰ সমস্যাৰ বিষয়ে ফেচবুকে ব্যৱহাৰকাৰীৰ ওচৰত ক্ষমা বিচাৰিছিল। লগতে বহু কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল ফেচবুক। ঠিক একে ঘটনাৰে আকৌ পুনৰাবৃত্তি ঘটিল ফেচবুক কোম্পানীৰ। ফেচবুকৰ মালিকানাধীন ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ আৰু ৱৰ্কস্পেচ আকৌ হঠাৎ বিকল হৈ পৰিল।

ফেচবুকৰ মালিকানাধীন ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ আৰু ৱৰ্কস্পেচে একে সপ্তাহতে আকৌ এবাৰ বিকল হৈ পৰিছে। যাৰ বাবে ফেচবুকে এপটোৰ গ্ৰাহক আৰু ব্যৱহাৰকাৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে।

ডাউনডিটেক্টৰৰ দ্বাৰা যিকোনো এপ্লিকেচনৰ সমস্যাক ট্ৰেক কৰা হয়। ডাউনডিটেক্টৰে দেখুৱাইছে যে গ্ৰাহকসকলে ফেচবুকৰ মালিকানাধীন ফটো শ্বেয়াৰিং এপ্লিকেচন ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ আৰু হোৱাটছএপ ব্যৱহাৰ কৰাত সমস্যাৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত ব্যৱহাৰকাৰীয়ে বহুতো অভিযোগ দাখিল কৰা অব্যাহত ৰাখিছে। তাৰ পিছত, এক বিবৃতিত ফেচবুকে কয়, “যোৱা কেইঘণ্টামানত আমাৰ এপ্লিকেচন ব্যৱহাৰ কৰিবলৈ সক্ষম নোহোৱা যিকোনো ব্যক্তিৰ বাবে আমি আন্তৰিকতাৰে দুঃখিত। ‘

শেহতীয়াকৈ হোৱা সমস্যাৰ সময়ত, কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ইনষ্টাগ্ৰাম ফীড লোড কৰিবলৈ অক্ষম হৈছিল আৰু আন কিছুমানে ফেচবুক মেচেঞ্জাৰত বাৰ্তা প্ৰেৰণ কৰিব পৰা নাই। এই সপ্তাহত দ্বিতীয়বাৰৰ বাবে সেৱা ব্যাহত হোৱাৰ বিষয়ে ফেচবুকক লৈ বহুত মিম বনোৱা হৈছে। এই মিমসমূহ বহুলভাৱে টুইটাৰত শ্বেয়াৰ কৰা হৈছে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘ফেচবুকে সপ্তাহত মাত্ৰ তিনিদিন কাম কৰা দেখা গৈছে। কোম্পানীটো সোমবাৰে আৰু শুক্ৰবাৰে বন্ধ আছে?’ আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘ইনষ্টাগ্ৰামত কি হৈ আছে?’ এজন ব্যৱহাৰকাৰীয়ে কাৰ্টুন চৰিত্ৰ বাৰ্ট ছিম্পছনৰ এখন ফটো টুইট কৰি ফেচবুকক উদ্দেশ্য কৰি টেগ কৰিছে। তেওঁ লিখিছে, ‘৪ দিন হোৱা নাই আৰু পুনৰ একেই সমস্যাত ফেচবুক, ফেচবুক মেচেঞ্জাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ!’

ইফালে, ইনষ্টাগ্ৰামে তেওঁলোকৰ ব্যৱহাৰকাৰীসকলক ধৈৰ্যৰ বাবে ধন্যবাদ জনাইছে। ইফালে, ফেচবুকৰ মতে, শুক্ৰবাৰৰ ডাউন আউটেজ সোমবাৰৰ সমস্যাৰ সৈতে সম্পৰ্কিত নাছিল। ইয়াৰ পূৰ্বে সোমবাৰে ফেচবুক, ফেচবুক মেচেঞ্জাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ প্ৰায় ৭ ঘণ্টাৰ বাবে ‘ডাউন’ হৈ আছিল।

About অশ্বিনী কুমাৰ গগৈ, মুখ্য সম্পাদক, অসম খবৰ 23 Articles
All India Radio- RNU-GHY Web Digital Specialist at Asom Khobor(Chief Editor) Digital Editor NotunSomoy.

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.