শেহতীয়া আপডেটঃ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০২৩ বৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা ২০২৩ বৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই বিভিন্ন ক্ষেত্ৰৰ যশস্বী ব্যক্তিসকলক এই সন্মানসমূহ প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত উপ ৰাষ্ট্ৰপতিয়ে কয় যে, অত্যন্ত নিৰ্ভৰযোগ্যতা আৰু স্বচ্ছতা ৰক্ষা কৰি এই সন্মানৰ বাবে বিশিষ্ট ব্যক্তিসকলক বাছনি কৰাটো প্রশংসাযোগ্য। এই বঁটাৰ বাবে কেইবাগৰাকীও মহিলা নিৰ্বাচিত হোৱাটোৱেই মহিলা সবলীকৰণৰ কথাকে প্ৰতিফলিত কৰে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে সমগ্ৰ দেশৰ ভিতৰতে উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি প্ৰদৰ্শন কৰিছে বুলি তেওঁ মন্তব্য কৰে। নিজৰ ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দেশক সৰ্বতোপ্ৰকাৰে আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত অৰ্থনৈতিক ৰাষ্ট্ৰীয়তাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভোকেল ফৰ লোকেল বাণীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতে অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে চলোৱা চেষ্টাই অদূৰ ভৱিষ্যতে সুফল দিয়াটো নিশ্চিত। তেওঁ কয় যে, দেশৰ পৰা কেঁচামাল নিয়মিতভাৱে ৰপ্তানিয়ে দেশখনৰ এই সামগ্ৰীসমূহত মূল্য সংযোজনৰ ক্ষেত্ৰত অপাৰগতা আৰু অন্য ৰাষ্ট্ৰৰ দক্ষতাকহে প্ৰতিপন্ন কৰে। এই ক্ষেত্ৰত অসমৰ চহকী সম্পদসমূহৰ সদ্যৱহাৰৰ দ্বাৰা আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে, ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ ন্যায়, কলা-সংস্কৃতি, ক্রীড়া, জনসেৱা, স্বাস্থ্য, শিক্ষা, উদ্যমিতা, উদ্যোগ, কৃষি, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ আদিৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতি স্বৰূপে প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে। এইবাৰ অসম বৈভৱ বঁটা সর্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ আগবঢ়োৱা হৈছে। একেদৰে অসম সৌৰভ বঁটা ড°কিষণ চন্দ নৌৰিয়াল, এলভিছ আলী হাজৰিকা, হিমা দাস আৰু নাদিৰাম দেউৰীক প্ৰদান কৰা হৈছে। ৰঞ্জিত কুমাৰ গগৈ, পাৰ্বতী বৰুৱা, দেৱজিৎ চাংমাই, দ্রোণ ভূঞা, নীলম দত্ত, অনুপম ডেকা, সৌম্যদ্বীপ দত্ত, বসন্ত চিৰিং ফুকন, মানেন্দ্ৰ ডেকা, মীনাক্ষী চেতিয়া, পখিলা লেকথেপি, টেনজিং বদোচা, নির্মল দে, জেচিন কুম্বাং পাৱ, মেৰী হাছাঁ, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তাক ২০২৩ বৰ্ষৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.