ৰাজ্যৰ প্ৰতিটো নতুন বিধানসভা সমষ্টিত অহা ১৬-২৫ জানুৱাৰীলৈ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

ৰাজ্যৰ প্ৰতিটো নতুন বিধানসভা সমষ্টিত অহা ১৬-২৫ জানুৱাৰীলৈ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

গুৱাহাটীৰ ১৫ জানুৱাৰী :

খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে অভিলাষী পদক্ষেপ লৈছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি বৰ্ষটোত অহা ১৬ ৰ পৰা ২৫ জানুৱাৰীলৈ প্ৰতিটো নতুন বিধানসভা সমষ্টিত আনুষ্ঠানিকভাবে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। সেই উদ্দেশ্যে ৩৭ নম্বৰ জালুকবাৰী, ৪৭ নম্বৰ মাজবাট, ৯৭ নম্বৰ নাজিৰা, ১০০ নম্বৰ যোৰহাট আৰু ১০৪ নম্বৰ দেৰগাঁও নতুন বিধানসভা সমষ্টিত ৰেচন কার্ড বিতৰণৰ আন আনুষ্ঠানিক কার্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইফালে ১৬ জানুৱাৰীত কাছাৰ জিলাত ৰেচন কাৰ্ড শুভাৰম্ভ কৰিম মন্ত্ৰী পৰিমল শুক্লবৈদ্য তাৰ লগতে ১৯ জানুৱাৰীত কাছাৰৰ জিলাৰ অভিভাৱক মন্ত্ৰী আৰু বিধান সভাৰ উপাধ্যক্ষ নোমল মমিনে।
জিলা খনত ২ লাখ ১৪ হাজাৰ দৰিদ্ৰ লোকক ৰেচন কাৰ্ড বিতৰণ কৰিব।
আনবোৰ সমষ্টিত বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকিব। চৰকাৰে মুঠ ১০ লাখ ৭৩হাজাৰ ৪৮৯খন ৰেচন কাৰ্ড বিতৰণ কৰিব। ইয়াৰ ফলত নতুন হিতাধিকাৰীৰ সংখ্যা ৪২লাখ ৮৫ হাজাৰ ৭৪৫গৰাকী হ’ব বুলি জানিবলৈ পোৱা গৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.