শেহতীয়া আপডেটঃ

গৱেষণা ভিত্তিক গ্ৰন্থ ‘বিহু নামত উদ্ভিদ’ 🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

গৱেষণা ভিত্তিক গ্ৰন্থ ‘বিহু নামত উদ্ভিদ’
🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

‘শৈশৱতে ধেমালিতে’, ‘মোৰ জীৱন সুঁতিৰ এপিয়লা’, ‘জেং বিহুৰ আঁতিগুৰি’, ‘ভাষা আৰু পাঠ্যক্ৰমৰ যোগাযোগ’ আদি মানসম্পন্ন গ্ৰন্থৰ জৰিয়তে, ইতিমধ্যেই অসমৰ বিদ্বৎ সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা জ্যোৎস্না বৰগোহাঁইৰ এখন গৱেষণা ভিত্তিক গ্ৰন্থ হ’ল ‘বিহু নামত উদ্ভিদ’ । এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল- ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ডাঃ ৰবীন্দ্ৰ মোহন শর্মা চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১ । গ্রন্থখনত মুঠ ২২০ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৩০০ টকা। গ্রন্থখনৰ প্রথম প্রকাশ ডিচেম্বৰ, ২০২২ আৰু বেটুপাতৰ শিল্পী হোমেন শইকীয়া ।

গ্রন্থখনৰ ‘কৰাপাট’ত ড° প্রদীপ নেওগে এইদৰে উল্লেখ কৰিছে –“… গ্ৰন্থখনত বিহুনামৰ ফাকিসমূহত উল্লেখ থকা উদ্ভিদবিলাকক চাৰিটা প্ৰকাৰত বিভক্ত কৰি চাৰিটা অধ্যায়ত প্রণালীবদ্ধভাবে উপস্থাপন কৰা হৈছে- ‘বিহুনামত তৃণ জাতীয় উদ্ভিদ’, ‘বিহুনামত গুল্মজাতীয় উদ্ভিদ’, ‘বিহুনামত বৃক্ষজাতীয় উদ্ভিদ’ আৰু ‘বিহুনামত লতাজাতীয় উদ্ভিদ’। প্রতিটো অধ্যায়তে পাঠকে নির্দিষ্ট প্ৰকাৰৰ উদ্ভিদৰ উল্লেখ থকা বিহুনামবিলাক পোৱাৰ উপৰিও সিবিলাকত উল্লেখ থকা উদ্ভিদ একোটাৰ পৰিচয়, বৈজ্ঞানিক নাম, বিভিন্ন দিশৰ প্রয়োগ, বিশেষ ঔষধি গুণ, আৰু কৃষ্টি-লোকাচাৰ-লোকবিশ্বাস সম্বন্ধিত তথ্যাদি জানিব পাৰিব। গ্রন্থখনত প্রয়োজনসাপেক্ষে উদ্ভিদ একোটাৰ ৰোপণ আৰু পৰিচৰ্যা বিষয়ক চমু আভাসো সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰা হৈছে। বিহুনামত উল্লেখ থকা প্রায় সকলোখিনি উদ্ভিদ বিশেষ ঔষধি গুণেৰে সমৃদ্ধ বুলি উল্লেখ কৰি লেখিকাই সিবিলাক ব্যৱহাৰিক দিশত গুৰুত্ব দি উপস্থাপন কৰিবলৈ যত্ন কৰিছে। গ্ৰন্থখনত উল্লিখিত তথ্যাদি শুদ্ধ আৰু সঠিকভাবে দাঙি ধৰাৰ ক্ষেত্ৰত লেখিকাই বেচ সাৱধানতা অবলম্বন কৰাটো আন এক উল্লেখনীয় দিশ। প্রয়োজনসাপেক্ষে উদ্ধৃতি আৰু তথ্য-উৎস সন্নিবিষ্ট কৰা হৈছে। উল্লিখিত সকলোখিনি দিশ সামৰি লোৱাৰ বাবে আৰু উপস্থাপনত বৈজ্ঞানিক পদ্ধতিৰ গইনা লোৱাৰ বাবে উপযোগিতাৰ দৃষ্টিকোণৰ পৰা গ্ৰন্থখন হৈ পৰিছে বিশেষ গুৰত্বপূৰ্ণ আৰু উপাদেয় – অসমীয়া লোকসাহিত্যলৈ এক অনবদ্য অবদান। গ্ৰন্থখনৰ পৰা কেৱল নৱ- প্রজন্মই নহয় প্রবীণসকলেও নজনা কথা জানিব পাৰিব বুলি আশা কৰিব পাৰি।…’’

বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিতা লেখিকাগৰাকী জ্যোৎস্না বৰগোহাঁয়ে “প্রাক্-কথন” অধ্যায়টোত অধ্যয়নৰ প্রয়োজনীয়তা; অধ্যয়নৰ উদ্দেশ্যে; অধ্যয়নৰ পৰিসৰ আৰু পদ্ধতি; আৰু বিষয়ৰ পৰিচয়ৰ বিষয়ে আলোচনা আগবঢ়াইছে।

এই গ্রন্থখনত থকা প্রবন্ধবোৰ হ’ল – বিহুনামত তৃণজাতীয় উদ্ভিদ, বিহুনামত গুল্মজাতীয় উদ্ভিদ, বিহুনামত বৃক্ষজাতীয় উদ্ভিদ আৰু বিহুনামত লতাজাতীয় উদ্ভিদ। বিহুনামত উল্লেখ থকা উদ্ভিদবিলাকৰ বিষয়ে আলোচনা কৰোতে উদ্ভিদবিলাকৰ বৈজ্ঞানিক নামো সংযোজন কৰিছে।

●‘বিহুনামত তৃণজাতীয় উদ্ভিদ’ অধ্যায়টোত ইকৰা, উলু, কচু, কলগছ, কপৌফুল,কুঁহিয়াৰ,কেতেকী ফুল, কৌপাত,খাগৰি, খুতৰা, টেঙেচী, ঢেকীয়া, তংলতি, তৰাগছ, তিল, দল, ধান, নল, নহৰু/পনৰু, পদুম, পুণী, বাবৰি, বাঁহ, বিৰিণা,বিলাহী,বিহলঙনী,বেলিফুল, মৰাপাট,মাটিমাহ,মেগেলা, লফাশাক, লাই, শেলাই বা শেলুৱৈ, সৰণ খেৰ, সৰিয়হ , হালধি আদি তৃণজাতীয় উদ্ভিদৰ নাম বিহুনামত উল্লেখ থকাৰ বিষয়ে আলোচনা কৰিছে। বিহুনামত ব্যৱহাৰ হোৱা ‘ধান’ৰ বিষয়ে গ্রন্থখনত উল্লেখ থকা এটা উদাহৰণ হৈছে-

        আগফাল শুৱনি        কাকিনী তামোলে
               পাছফাল শুৱনি পাণ,
       পথাৰে পথাৰে          বিচাৰি আছিলোঁ
             ক’তে দাই আছিলা ধান।

●‘বিহুনামত গুল্মজাতীয় উদ্ভিদ’ অধ্যায়টোত ইন্দ্রজিৎ মালতী, এৰাগছ,কপাহ,কমলাটেঙা(সুমথিৰা),খৰিকাজাঁই, গোলাপ, চকলা টেঙা, জৰা টেঙা, জলকীয়া,জেতুকা, ডালিম, তগৰ, তুলসী, দীঘলতি, নগাটেঙা,নেমুটেঙা, ফুটকলা,বগৰী,বেঙেনা, ভেকুৰি, মাখিয়তী, লেটেকু, সিজু আদি গুল্মজাতীয় উদ্ভিদৰ বিহুনামত উল্লেখ থকাৰ বিষয়ে আলোচনা কৰিছে বিহুনামত ব্যৱহাৰ হোৱা ‘ডালিম’ৰ বিষয়ে গ্রন্থখনত উল্লেখ থকা এটা উদাহৰণ হৈছে-

        দেখিবলৈ শুৱনি        ক’লাকৈ জাৰনি
                  চিৰিলি চিৰিলি পাত,
      দেখিবলৈ শুৱনি        তোমাৰ গাল দুখনি
               ডালিমৰ গুটি যেন দাঁত।

● ‘বিহুনামত বৃক্ষজাতীয় উদ্ভিদ’ অধ্যায়টোত অমৰা, অৰ্জুন, আম, আমলখি, আঁহত, উৰিয়াম, এজাৰ, ঔটেঙা, কঁঠাল, কৰদৈ, চতিয়না, চম্পাফুল, চাম, চেৱাগছ, চোম, জৰী, জামুক, ডালচেনি, ডিমৰু, তামোল,তেঁতেলী, থেকেৰা, থেৰেজু, নাহৰ, পনিয়ল, বকুল,বৰগছ, বৰ্হমথুৰি,বাখৰবেঙেনা, বেল, মদাৰ, মেজাংকৰি, লং(লংগুটি),শিমলু আদি বৃক্ষজাতীয় উদ্ভিদৰ বিহুনামত উল্লেখ থকাৰ বিষয়ে আলোচনা কৰিছে। বিহুনামত ব্যৱহাৰ হোৱা ‘তামোল’ৰ বিষয়ে গ্রন্থখনত উল্লেখ থকা এটা উদাহৰণ হৈছে-
           আগবাৰী শুৱনি         কাকিনি তামোলে
                    পাছবাৰী শুৱনি পাণ
        বৰেঘৰ শুৱনি           জীয়ৰী ছোৱালী
                 ওলিয়াই দিবলে টান।

‘বিহুনামত লতাজাতীয় উদ্ভিদ’ অধ্যায়টোত উৰহী, কলমৌ, কুঞ্জলতা, কেৰেলা, কোমোৰা, ঘিলা, ছিঁৰাল,জাতিলাউ, জালুক, জিকা, তিয়ঁহ, টুবুকী লতা, দুবৰি বন, নিলাজী বন, পাণ, বেত, ভেবেলী লতা, ৰঙালাউ আদি লতাজাতীয় উদ্ভিদৰ বিহুনামত উল্লেখ থকাৰ বিষয়ে আলোচনা কৰিছে। বিহুনামত ব্যৱহাৰ হোৱা ‘কোমোৰা’ৰ বিষয়ে গ্রন্থখনত উল্লেখ থকা এটা উদাহৰণ হৈছে-
       চালত মলঙিলে            চালেদৈ কোমোৰা
             টেকেলিত মলঙে গুঁৰ
     ব’হাগৰ বিহুতে           গা মলঙিলে
               শুনি বিনন্দীয়া সুৰ।

‘বিহু নামত উদ্ভিদ’ৰ বাবে সহায় লোৱা বাৰখন গ্রন্থ আৰু বুদ্ধেশ্বৰ কোঁৱৰ(ধেমাজি), ড° অন্নজ্যোতি গগৈ(ধেমাজি), ভৰত সন্দিকৈ(ডিব্ৰুগড়), মনেশ্বৰ সন্দিকৈ(ধেমাজি) আদি ব্যক্তিৰ নাম গ্রন্থখনত উল্লেখ কৰিছে। গ্রন্থখনৰ শেষত তৃণজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, বৃক্ষজাতীয় উদ্ভিদ আৰু লতাজাতীয় উদ্ভিদৰ ৰঙীন ফটো সন্নিবিষ্ট কৰিছে। এনেকুৱা এখন গ্রন্থ অসমীয়া সাহিত্যলৈ উপহাৰ দিয়া বাবে জ্যোৎস্না বৰগোহাঁইক ধন্যবাদ জনাইছোঁ।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.