Sunday, May 25, 2025
27 C
Guwahati

গৱেষণা ভিত্তিক গ্ৰন্থ ‘বিহু নামত উদ্ভিদ’ 🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গৱেষণা ভিত্তিক গ্ৰন্থ ‘বিহু নামত উদ্ভিদ’
🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

‘শৈশৱতে ধেমালিতে’, ‘মোৰ জীৱন সুঁতিৰ এপিয়লা’, ‘জেং বিহুৰ আঁতিগুৰি’, ‘ভাষা আৰু পাঠ্যক্ৰমৰ যোগাযোগ’ আদি মানসম্পন্ন গ্ৰন্থৰ জৰিয়তে, ইতিমধ্যেই অসমৰ বিদ্বৎ সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা জ্যোৎস্না বৰগোহাঁইৰ এখন গৱেষণা ভিত্তিক গ্ৰন্থ হ’ল ‘বিহু নামত উদ্ভিদ’ । এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল- ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ডাঃ ৰবীন্দ্ৰ মোহন শর্মা চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১ । গ্রন্থখনত মুঠ ২২০ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৩০০ টকা। গ্রন্থখনৰ প্রথম প্রকাশ ডিচেম্বৰ, ২০২২ আৰু বেটুপাতৰ শিল্পী হোমেন শইকীয়া ।

গ্রন্থখনৰ ‘কৰাপাট’ত ড° প্রদীপ নেওগে এইদৰে উল্লেখ কৰিছে –“… গ্ৰন্থখনত বিহুনামৰ ফাকিসমূহত উল্লেখ থকা উদ্ভিদবিলাকক চাৰিটা প্ৰকাৰত বিভক্ত কৰি চাৰিটা অধ্যায়ত প্রণালীবদ্ধভাবে উপস্থাপন কৰা হৈছে- ‘বিহুনামত তৃণ জাতীয় উদ্ভিদ’, ‘বিহুনামত গুল্মজাতীয় উদ্ভিদ’, ‘বিহুনামত বৃক্ষজাতীয় উদ্ভিদ’ আৰু ‘বিহুনামত লতাজাতীয় উদ্ভিদ’। প্রতিটো অধ্যায়তে পাঠকে নির্দিষ্ট প্ৰকাৰৰ উদ্ভিদৰ উল্লেখ থকা বিহুনামবিলাক পোৱাৰ উপৰিও সিবিলাকত উল্লেখ থকা উদ্ভিদ একোটাৰ পৰিচয়, বৈজ্ঞানিক নাম, বিভিন্ন দিশৰ প্রয়োগ, বিশেষ ঔষধি গুণ, আৰু কৃষ্টি-লোকাচাৰ-লোকবিশ্বাস সম্বন্ধিত তথ্যাদি জানিব পাৰিব। গ্রন্থখনত প্রয়োজনসাপেক্ষে উদ্ভিদ একোটাৰ ৰোপণ আৰু পৰিচৰ্যা বিষয়ক চমু আভাসো সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰা হৈছে। বিহুনামত উল্লেখ থকা প্রায় সকলোখিনি উদ্ভিদ বিশেষ ঔষধি গুণেৰে সমৃদ্ধ বুলি উল্লেখ কৰি লেখিকাই সিবিলাক ব্যৱহাৰিক দিশত গুৰুত্ব দি উপস্থাপন কৰিবলৈ যত্ন কৰিছে। গ্ৰন্থখনত উল্লিখিত তথ্যাদি শুদ্ধ আৰু সঠিকভাবে দাঙি ধৰাৰ ক্ষেত্ৰত লেখিকাই বেচ সাৱধানতা অবলম্বন কৰাটো আন এক উল্লেখনীয় দিশ। প্রয়োজনসাপেক্ষে উদ্ধৃতি আৰু তথ্য-উৎস সন্নিবিষ্ট কৰা হৈছে। উল্লিখিত সকলোখিনি দিশ সামৰি লোৱাৰ বাবে আৰু উপস্থাপনত বৈজ্ঞানিক পদ্ধতিৰ গইনা লোৱাৰ বাবে উপযোগিতাৰ দৃষ্টিকোণৰ পৰা গ্ৰন্থখন হৈ পৰিছে বিশেষ গুৰত্বপূৰ্ণ আৰু উপাদেয় – অসমীয়া লোকসাহিত্যলৈ এক অনবদ্য অবদান। গ্ৰন্থখনৰ পৰা কেৱল নৱ- প্রজন্মই নহয় প্রবীণসকলেও নজনা কথা জানিব পাৰিব বুলি আশা কৰিব পাৰি।…’’

বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিতা লেখিকাগৰাকী জ্যোৎস্না বৰগোহাঁয়ে “প্রাক্-কথন” অধ্যায়টোত অধ্যয়নৰ প্রয়োজনীয়তা; অধ্যয়নৰ উদ্দেশ্যে; অধ্যয়নৰ পৰিসৰ আৰু পদ্ধতি; আৰু বিষয়ৰ পৰিচয়ৰ বিষয়ে আলোচনা আগবঢ়াইছে।

এই গ্রন্থখনত থকা প্রবন্ধবোৰ হ’ল – বিহুনামত তৃণজাতীয় উদ্ভিদ, বিহুনামত গুল্মজাতীয় উদ্ভিদ, বিহুনামত বৃক্ষজাতীয় উদ্ভিদ আৰু বিহুনামত লতাজাতীয় উদ্ভিদ। বিহুনামত উল্লেখ থকা উদ্ভিদবিলাকৰ বিষয়ে আলোচনা কৰোতে উদ্ভিদবিলাকৰ বৈজ্ঞানিক নামো সংযোজন কৰিছে।

●‘বিহুনামত তৃণজাতীয় উদ্ভিদ’ অধ্যায়টোত ইকৰা, উলু, কচু, কলগছ, কপৌফুল,কুঁহিয়াৰ,কেতেকী ফুল, কৌপাত,খাগৰি, খুতৰা, টেঙেচী, ঢেকীয়া, তংলতি, তৰাগছ, তিল, দল, ধান, নল, নহৰু/পনৰু, পদুম, পুণী, বাবৰি, বাঁহ, বিৰিণা,বিলাহী,বিহলঙনী,বেলিফুল, মৰাপাট,মাটিমাহ,মেগেলা, লফাশাক, লাই, শেলাই বা শেলুৱৈ, সৰণ খেৰ, সৰিয়হ , হালধি আদি তৃণজাতীয় উদ্ভিদৰ নাম বিহুনামত উল্লেখ থকাৰ বিষয়ে আলোচনা কৰিছে। বিহুনামত ব্যৱহাৰ হোৱা ‘ধান’ৰ বিষয়ে গ্রন্থখনত উল্লেখ থকা এটা উদাহৰণ হৈছে-

        আগফাল শুৱনি        কাকিনী তামোলে
               পাছফাল শুৱনি পাণ,
       পথাৰে পথাৰে          বিচাৰি আছিলোঁ
             ক’তে দাই আছিলা ধান।

●‘বিহুনামত গুল্মজাতীয় উদ্ভিদ’ অধ্যায়টোত ইন্দ্রজিৎ মালতী, এৰাগছ,কপাহ,কমলাটেঙা(সুমথিৰা),খৰিকাজাঁই, গোলাপ, চকলা টেঙা, জৰা টেঙা, জলকীয়া,জেতুকা, ডালিম, তগৰ, তুলসী, দীঘলতি, নগাটেঙা,নেমুটেঙা, ফুটকলা,বগৰী,বেঙেনা, ভেকুৰি, মাখিয়তী, লেটেকু, সিজু আদি গুল্মজাতীয় উদ্ভিদৰ বিহুনামত উল্লেখ থকাৰ বিষয়ে আলোচনা কৰিছে বিহুনামত ব্যৱহাৰ হোৱা ‘ডালিম’ৰ বিষয়ে গ্রন্থখনত উল্লেখ থকা এটা উদাহৰণ হৈছে-

        দেখিবলৈ শুৱনি        ক’লাকৈ জাৰনি
                  চিৰিলি চিৰিলি পাত,
      দেখিবলৈ শুৱনি        তোমাৰ গাল দুখনি
               ডালিমৰ গুটি যেন দাঁত।

● ‘বিহুনামত বৃক্ষজাতীয় উদ্ভিদ’ অধ্যায়টোত অমৰা, অৰ্জুন, আম, আমলখি, আঁহত, উৰিয়াম, এজাৰ, ঔটেঙা, কঁঠাল, কৰদৈ, চতিয়না, চম্পাফুল, চাম, চেৱাগছ, চোম, জৰী, জামুক, ডালচেনি, ডিমৰু, তামোল,তেঁতেলী, থেকেৰা, থেৰেজু, নাহৰ, পনিয়ল, বকুল,বৰগছ, বৰ্হমথুৰি,বাখৰবেঙেনা, বেল, মদাৰ, মেজাংকৰি, লং(লংগুটি),শিমলু আদি বৃক্ষজাতীয় উদ্ভিদৰ বিহুনামত উল্লেখ থকাৰ বিষয়ে আলোচনা কৰিছে। বিহুনামত ব্যৱহাৰ হোৱা ‘তামোল’ৰ বিষয়ে গ্রন্থখনত উল্লেখ থকা এটা উদাহৰণ হৈছে-
           আগবাৰী শুৱনি         কাকিনি তামোলে
                    পাছবাৰী শুৱনি পাণ
        বৰেঘৰ শুৱনি           জীয়ৰী ছোৱালী
                 ওলিয়াই দিবলে টান।

‘বিহুনামত লতাজাতীয় উদ্ভিদ’ অধ্যায়টোত উৰহী, কলমৌ, কুঞ্জলতা, কেৰেলা, কোমোৰা, ঘিলা, ছিঁৰাল,জাতিলাউ, জালুক, জিকা, তিয়ঁহ, টুবুকী লতা, দুবৰি বন, নিলাজী বন, পাণ, বেত, ভেবেলী লতা, ৰঙালাউ আদি লতাজাতীয় উদ্ভিদৰ বিহুনামত উল্লেখ থকাৰ বিষয়ে আলোচনা কৰিছে। বিহুনামত ব্যৱহাৰ হোৱা ‘কোমোৰা’ৰ বিষয়ে গ্রন্থখনত উল্লেখ থকা এটা উদাহৰণ হৈছে-
       চালত মলঙিলে            চালেদৈ কোমোৰা
             টেকেলিত মলঙে গুঁৰ
     ব’হাগৰ বিহুতে           গা মলঙিলে
               শুনি বিনন্দীয়া সুৰ।

‘বিহু নামত উদ্ভিদ’ৰ বাবে সহায় লোৱা বাৰখন গ্রন্থ আৰু বুদ্ধেশ্বৰ কোঁৱৰ(ধেমাজি), ড° অন্নজ্যোতি গগৈ(ধেমাজি), ভৰত সন্দিকৈ(ডিব্ৰুগড়), মনেশ্বৰ সন্দিকৈ(ধেমাজি) আদি ব্যক্তিৰ নাম গ্রন্থখনত উল্লেখ কৰিছে। গ্রন্থখনৰ শেষত তৃণজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, বৃক্ষজাতীয় উদ্ভিদ আৰু লতাজাতীয় উদ্ভিদৰ ৰঙীন ফটো সন্নিবিষ্ট কৰিছে। এনেকুৱা এখন গ্রন্থ অসমীয়া সাহিত্যলৈ উপহাৰ দিয়া বাবে জ্যোৎস্না বৰগোহাঁইক ধন্যবাদ জনাইছোঁ।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

- Advertisement -

Hot this week

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds