শেহতীয়া আপডেটঃ

শ্বেৰমানৰ নেতৃত্বত কংগ্ৰেছৰ মিঞাকৰণ অভিযান, ইছলামীয় আগ্রাসনৰ নেতৃত্বত ভূপেন বৰা, গৌৰৱ গগৈ

■ “ছয় বছৰীয়া অসম আন্দোলনৰ সময়ত ৮৫৫ জন তেজাল অসমীয়া যুৱক-যুৱতীক গুলীয়াই শহীদ কৰা কংগ্ৰেছ দলে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ বীৰ-বীৰাংগনা সকলক অৱমাননা কৰাতাে কোনাে ডাঙৰ কথা নহয়। অসমৰ জাতীয় আন্দোলনৰ নেতৃত্ববহন কৰি জীৱন আহুতি দিয়া বীৰ
শহীদ দয়ানাথ শৰ্মাক ঘাতক বুলি বর্ণনা কৰি কংগ্ৰেছ দলে অসম আৰু অসমীয়াৰ স্বাভিমানক অৱমাননা কৰিছে” এই মন্তব্য বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমক ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ উপস্থিতিত প্রদান কৰা বিবৃতিত মুখপাত্র শৰ্মাই এনেদৰে অভিযােগ তুলি কয় যে বর্তমান সময়ত অসমীয়া বিৰােধী শক্তি ক্রমে কংগ্ৰেছ, এ আই ইউ ডি এফ, পি এফ আই আৰু বামপন্থী দলসমূহে একলগ হৈ মিলি গােপন এজেণ্ডাৰ আধাৰত কামকাজ কৰি আছে। অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনাৰ ক্ষেত্ৰত পি এফ আই বর্তমান সময়ত কংগ্ৰেছৰ বিশ্বস্ত সহযােগী বুলিও বিজেপিৰ মুখপাত্ৰজনে মন্তব্য কৰে।

কংগ্ৰেছ দলে অসম আৰু অসমীয়াৰ কণ্ঠ ৰােধ কৰিবৰ বাবে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ সময়ত জনসাধাৰণৰ ওপৰত অবর্ণনীয় নির্যাতন নমাই আনিছিল। ছয় বছৰীয়া আন্দোলনৰ সময়তাে ভাৰতীয় জনতা পার্টিয়ে অসমীয়া ৰাইজৰ সুৰত সুৰ মিলাই কংগ্ৰেছ দলে জাপি দিয়া ১৯৮৩ চনৰ অবৈধ নির্বাচন বর্জন কৰাৰ লগতে সমগ্ৰ দেশত অসম আন্দোলনৰ সপক্ষে ব্যাপক জনমত গঠন কৰাত আগভাগ লৈছিল। অসম আন্দোলনৰ সময়ত প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীকে ধৰি বিজেপিৰ শীর্ষ নেতৃত্বই গ্রহণ কৰা ভূমিকাৰ ভূয়সী প্রশংসা কৰি দলটোৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু দেৱান ধ্ৰুৱ জ্যোতি মৰলে কয় -“বিজেপি দল শাসনত থকাৰ সময়ত শ্বেৰমান আলীৰ নিচিনা কংগ্ৰেছী মিঞা নেতাক অসমীয়াৰ বৰ ঘৰত অতপালি চলােৱাত অনুমতি দিয়া নহ’ব”।

উল্লেখযােগ্য যে কংগ্ৰেছ দলে অসমৰ আৰ্থ-সামাজিক ৰাজনৈতিক সমস্যা সমূহক সদায় আইনী দৃষ্টিকোণেৰে চোৱাৰ বাবে অসমৰ কোনাে সমস্যাৰে তেওঁলােকে সমাধান সূত্র দিব পৰা নাছিল।
কংগ্ৰেছৰ দিনতেই নগাওঁ আৰক্ষী থানাৰ চৌহদত অসমীয়া ডেকা ল’ৰাক হাত-ভৰি বান্ধি গুলীয়াই হত্যা কৰি টায়াৰৰ জুইত জ্বলাই দিয়া হৈছিল। এনেদৰে নির্মমভাৱে অসমীয়া ডেকাক হত্যা কৰা কংগ্ৰেছ দলৰ নেতা শ্বেৰমান আলীয়ে জাতীয় শহীদ দয়ানাথ শৰ্মাক অৱমাননা কৰাটো তেনেই স্বাভাৱিক কথা।

বর্তমান সময়ত কংগ্ৰেছ দলে আৰৱীয় আগ্রাসনৰ স্থানীয় পৃষ্ঠাপােষক হিচাপে কাম কৰি আছে বুলি অভিযােগ তুলি বিজেপিৰ মুখপাত্ৰজনে কয় যে অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত আৰৱীয় সংস্কৃতিৰ বিস্তাৰৰ জৰিয়তে ইছলামীয় আগ্রাসনক প্ৰভাৱী কৰি তােলাৰ বাবে শ্বেৰমান আলীহতে কাম কৰি আছে।

আৰৱীয় পৃষ্ঠপােষকতাত পৰিচালিত কংগ্ৰেছ দলৰ মিঞা নেতা শ্বেৰমান আলী হ’ল ইছলামীয় আগ্রাসনৰ স্থানীয় সেনাপতি।
এইক্ষেত্ৰত পৰিতাপৰ বিষয় হ’ল শ্বেৰমান আলীৰ দৰে মিঞা নেতাক কংগ্ৰেছৰ থলুৱা নেতা ভূপেন বৰা,ৰিপুন বৰা, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াই পৃষ্ঠপােষকতা কৰি আহিছে। এই থলুৱা নেতাসকলৰ আশীর্বাদতেই শ্বেৰমানহ’ত আজি কংগ্ৰেছত উঠি ৰজা বহি ৰজা।

কংগ্ৰেছত থকা থলুৱা নেতাৰ মেৰুদণ্ডহীনতাৰ বাবেই সমগ্ৰ দলটোৰেই মিঞাকৰণ হৈছে বুলি কটাক্ষ কৰি বিজেপিৰ মুখপাত্রজনে কয় যে, এনে কাৰণতেই কংগ্ৰেছ দলে প্ৰতিটো খুজতেই অসমীয়া বিৰােধী স্থিতি গ্ৰহণ কৰি আহিছে।
কংগ্ৰেছ দলৰ বাবে মিঞাৰ আগ্রাসনক সুৰক্ষিত আৰু শক্তিশালী কৰাততাহে মূল বিষয় হৈ পৰা বুলি অভিযােগ কৰি বিজেপিৰ মুখপাত্র শমা আৰু মৰলে কয় যে এনে কাৰণতেই কংগ্ৰেছৰ এজেণ্ডাত অসম আৰু অসমীয়াৰ অস্তিত্বৰ বিষয়টো তেনেই গৌন হৈ পৰে।

অসমীয়াৰ স্বাভিমানত আঘাত সনা কাম শ্বেৰমান আলীয়ে প্ৰথমবাৰৰ বাবে কৰা নাই। ইয়াৰ পূর্বেও কংগ্ৰেছ বিধায়ক শ্বেৰ্মান আলীয়ে কেইবাবাৰাে অসম আৰু অসমীয়াক হেয় জ্ঞান কৰি অপমানিত কৰা বিবৃতি কেইবাবাৰাে দিছিল যদিও কংগ্ৰেছ দলে তেওঁৰ বিৰুদ্ধে কোনাে ধৰণৰ অনুশাসনমূলক ব্যৱস্থা লােৱা নাই।

কংগ্ৰেছৰ এই স্থিতিয়েই স্পষ্ট কৰে যে শ্বেৰমান আলীয়ে আচলতে দলৰ শীর্ষ নেতৃত্বৰ নির্দেশ মর্মেই অসমীয়া বিৰােধী বক্তব্য আগবঢ়াই আহিছে। যােৱা বিধানসভা নির্বাচনৰ পূর্বে শ্বেৰমান আলীয়ে কলাক্ষেত্ৰৰ চৌহদত মিঞা মিউজিয়াম সংযােজন কৰাৰ দাবী তুলিছিল। সেই সময়ত আশা কৰা হৈছিল যে কংগ্ৰেছে বিধানসভা নির্বাচনত শ্বেৰমান আলীক দলীয় প্রার্থী হিচাপে মনােনীত নকৰে। কিন্তু দাড়ি, টুপী, লুঙী আৰু বােখৰ চৰকাৰ বনাম বুলি হুংকাৰ মৰা এ আই ইউ ডি এফৰ মিত্র কংগ্ৰেছে শ্বেৰমান আলীক ৰঙা দলিছা পাৰি দলীয় প্রার্থী কৰাৰ লগতে বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নির্বাচিত কৰাই বিধানসভালৈ আনে।সেয়েহে শ্বেৰমান আলীৰ সকলাে বক্তব্যৰ আঁৰত অসম প্রদেশ কংগ্ৰেছ কমিটিৰ শীর্ষ নেতা ভূপেন বৰা, ৰিপুন বৰা, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ সম্পূর্ণ সমর্থন আৰু সহযােগ আছে বুলি বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰলে মত পােষণ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.