গুজৰাটৰ মাণ্ডৱি বন্দৰত ৰাৱালপিৰ লাইটহাউছৰ শুভ উদ্বোধন কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ

আজাদী কা অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি সমগ্ৰ ভাৰতত ৭৫ টা লাইটহাউছ পর্যটনস্থলীহিচাপে গঢ় দিয়া হ’ব- সােণােৱাল
■ গুজৰাট: কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি গুজৰাটৰ মাণ্ডৱি বন্দৰত ৰাৱালপিৰ লাইটহাউছৰ শুভ উদ্বোধন কৰে।

১৯৩৬ চনত নির্মিত মাণ্ডৱিৰ এই ঐতিহাসিক ৰাৱালপিৰ লাইটহাউছটো বন্দৰ চহৰখনৰ বাবে এক গুৰুত্বপূর্ণ অংশ। বিভিন্নধৰণৰ সা-সামগ্রী আমদানি, ৰপ্তানিৰ বাবে অতিশয় গুৰুত্বপূর্ণ এই লাইটহাউছে জাহাজ পৰিবহণত সংশ্লিষ্ট কর্তৃপক্ষ আৰু নাবিকসকলক যথেষ্ট সহায় কৰি আহিছে আৰু বৰটোলৈ বা বন্দৰটোৰ পৰা সুচল যাতায়াত নিশ্চিত কৰিছে।

সেয়েহে ইয়াৰ সেৱা উন্নত কৰিবলৈ ৩১.৫ মিটাৰ উচ্চতাৰ নতুন লাইটহাউছ টাৱাৰ নিৰ্মাণ কৰা হৈছে- সর্বানন্দ সােণােৱালে এনেদৰে উল্লেখ কৰে। তদুপৰি তেখেতে কয় যে-আজাদী কা অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি সমগ্র ভাৰতত ৭৫ টা লাইটহাউছ পর্যটনস্থলী হিচাপে গঢ় দিয়া হ’ব। ৰাৱালপিৰ লাইটহাউছটো তাৰে এটি অন্যতম।

দ্বাৰকা, ভেৰাভল আৰু গােপনাথৰ লাইটহাউছসমূহ এই বছৰৰ ভিতৰতে সম্পূর্ণ কৰা হ’ব আৰু গুজৰাটত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে আৰু ১৭ টা লাইটহাউছ উন্নত কৰা হ’ব।

আজি উদ্বোধন কৰা ৰাৱালপিৰ লাউটহাউছে মাণ্ডৱি বন্দৰৰ গুণগত মান উন্নত কৰাৰ উপৰিও সমগ্র অঞ্চলটোৰ পর্যটন ক্ষেত্ৰক গতিশীলতা প্রদান কৰিব বুলি সােণােৱালে লগতে উল্লেখ কৰে।
পৰিদর্শনকালত কেন্দ্রীয় মন্ত্রীগৰাকীক সংগ দিয়ে স্থানীয় সাংসদ বিনােদ চাৱড়া, বিধায়ক বীৰেন্দ্ৰসিং জাডেজা, লাইটহাউছ আৰু লাইটশ্বিপ সঞ্চালকালয়ৰ সঞ্চালক প্রধান এন মুৰুগনণ্ডম, দীনদয়াল বন্দৰ ন্যাসৰ অধ্যক্ষ সঞ্জয় মেহতা প্ৰমুখ্যে পদাধিকাৰীগণ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে l

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.