শেহতীয়া আপডেটঃ

বিহালী প্ৰেছ ক্লাবৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বিহালী প্ৰেছ ক্লাবৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

দিগন্ত কুমাৰ দাস বেদেতী,১ জানুৱাৰীঃ বিহালীৰ নাচবৰস্থিত বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত আজি বিহালী প্ৰেছ ক্লাবৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনযোৰাকৈ উদযাপন কৰা হয় ।
পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি দীপক শৰ্মাই ।
স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ঊষা ঘিমিৰেই ।
তাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতা আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । আকস্মিক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিবেচিত হয় ক্ৰমে ঋতুস্মিতা হাজৰিকা, ডিম্পী মাহাতু আৰু যুটীয়াভাৱে অঞ্জুমণি ওৰাং আৰু বিস্মিতা দেৱী ।
চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিবেচিত হয় ক্ৰমে নিকিতা তেলেঙা, পিণ্টু তেলেঙা আৰু আকাশী ওৰাং ।
বিচাৰক হিচাপে উপস্থিত থাকে দীপক শৰ্মা, দিলীপ তেলেঙা আৰু দিগন্ত কুমাৰ দাস । পৰিচালনা কৰে অম্লান কাশ্যপ চাহা, কৰণ শইকীয়া, ত্ৰিদিৱ দাস আৰু খগেন মটকে ।
দুপৰীয়াৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাই । সভাৰ আঁ‌ত ধৰে সম্পাদক শ্ৰীমন্ত দাস আৰু প্ৰাক্তন সম্পাদক দিগন্ত কুমাৰ দাসে ।
আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে বিশ্বনাথ চাৰিআলিৰ সমাজকৰ্মী দিলীপ কাকতীয়ে । তেখেতে নিজৰ বক্তব্য প্ৰসঙ্গত ‘সাংবাদিক সকলে নীতি-আদৰ্শ বজাই ৰাখি, সত্য-নিষ্ঠ, যুক্তিসিদ্ধ, সমাজৰ উপকাৰী হোৱাকৈ বাতৰি পৰিৱেশন কৰিব লাগে বুলি কৈ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা অটুত ৰাখিবলৈকো আহ্বান জনায় ।
আন এগৰাকী অতিথি, প্ৰতিমা বৰুৱা পাণ্ডে বঁ‌টা প্ৰাপক বিনোদ খনালেও নিজৰ বক্তব্যত “বিহালীৰ সাংবাদিকে সদায় দহৰ উপকাৰী, সমাজৰ হিতসাধন কৰা, সত্যৰ ওপৰত প্ৰতিষ্ঠিত সংবাদ পৰিৱেশন কৰাটো আমি বিচাৰো আৰু তেতিয়াহে সাংবাদিকৰ দায়বদ্ধতা পৰিষ্কাৰ ৰূপত ফুটি উঠিব আৰু নতুন দিগন্তৰ সূচনা হ’ব” বুলি উল্লেখ কৰে ।
বিহালীৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজ সচেতন ব্যক্তি নিৰঞ্জন দাসেও বক্তব্য ৰাখি “সংবাদ সদায় নিৰপেক্ষ, নিঃস্বাৰ্থ ৰূপত পৰিৱেশন কৰিব লাগে, কিন্তু কাৰোবাক তোষামোদ কৰা, ভালৰি বোলোৱা, সমাজৰ বা অঞ্চলটোৰ অনিষ্টকৰ বাতৰি যুগুত কৰা বা প্ৰকাশ কৰাটো নিবিচাৰো ।
সুস্থ গণতন্ত্ৰৰ প্ৰতিষ্ঠাত এগৰাকী সাংবাদিকৰ যথেষ্ট ভূমিকা থাকে, যিটো আদৰণীয় ” বুলি কয় ।


সভাত বিহালীৰ সমাজ জীৱনলৈ যথেষ্ট বৰঙনি আগবঢ়োৱা, নিঃস্বাৰ্থ সমাজ সেৱী জয় কুমাৰ সুতাৰক আনুষ্ঠানিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি জয় কুমাৰ সুতাৰে বিহালী প্ৰেছ ক্লাৱৰ বিভিন্ন সমাজমুখী পদক্ষেপক ভূয়সী প্ৰশংসা কৰি “মোৰ দৰে এজন সাধাৰণ ব্যক্তিক এনেধৰণে সম্বৰ্দ্ধনা জ্ঞাপন কৰাটোত মই অতি আচৰিত হৈছোঁ” বুলি উল্লেখ কৰি “সাংবাদিকে সমাজ গঠনত বহু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে” বুলিও কয় । ৰাজহুৱা একাষাৰত অৱসৰপ্ৰাপ্ত শিক্ষক কীৰ্তি গোস্বামীয়ে বক্তব্য ৰাখি ‘সমাজ পৰিৱৰ্তনত সাংবাদিকে বহুখিনি বৰঙণি আগবঢ়াব পাৰে আৰু প্ৰকৃত সাংবাদিক সদায় সমাজৰ প্ৰতি দায়িত্বশীল, নীতিবোধ সম্পন্ন আৰু নিঃস্বাৰ্থ হৈ সেৱা আগবঢ়োৱা ব্যক্তি হ’ব লাগে’ বুলি কয় ।
পূৱ বিহালী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰতাপ ৰয়ে নিজৰ বক্তব্যত ‘সাংবাদিক এজন সমাজৰ অতন্দ্ৰ প্ৰহৰী হ’ব লাগে, যাতে সমাজৰ কিবা উপকাৰ হয়’ বুলিও কয় ।
কাৰ্যসূচীৰ মাজত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ বিতৰণ কৰা হয় । এই কাৰ্যসূচী পৰিচালনা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাসে । বিমলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলপ্ৰসাদ ভট্টৰায়ে সভাখন সামগ্ৰিক পৰিচালনাত সহযোগিতা আগবঢ়ায় ।
সভাত বিহালী প্ৰেছ ক্লাৱৰ প্ৰাক্তন উপসভাপতি ঘনশ্যাম বৰাল, বিশ্বনাথ জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সম্বৰ্দ্ধনা জনোৱা বিহালী প্ৰেছ ক্লাৱৰ পত্ৰিকা সম্পাদক তথা প্ৰাক্তন সহকাৰী সম্পাদক ৰোহিণী কৌড়িণ্যক সম্বৰ্ধনা জনোৱা হয় ।

 

সভাত প্ৰাক্তন ছাত্ৰ নেতা অমৰজ্যোতি ফুকন, অধীৰ সৰকাৰ, সমাজকৰ্মী দিলীপ তেলেঙা, মঃ আলি হুছেইন, গণেশ বৰা, সাহিত্যিক পেন্সনাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীকান্ত শৰ্মাকে ধৰি কে’বাগৰাকীও গণ্যমান্য লোকে অংশগ্ৰহণ কৰে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.