31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    “দিঠকত হেৰাল সপোন”ৰ পৰিচালক পংকজ পল্লৱ শৰ্মালৈ ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড ২০২১

    ● অসমীয়া গ্ৰাম্য সমাজৰ জীৱনক লৈ নিৰ্মাণ কৰা “দিঠকত হেৰাল সপোন” কথাছবিখন পৰিচালনা কৰি সংস্কৃতিৰ পূজাৰী খ্যাত পঙ্কজ পল্লৱ শৰ্মাই লাভ কৰিছে ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড ২০২১। পাঞ্জাৱ লুধিয়ানাৰ কাইটচ প্ৰডাকচনে আগবঢ়াইছে এই বিশেষ বঁটা।

    বঁটা প্ৰাপ্ত পৰিচালক পঙ্কজ পল্লৱ শৰ্মাক দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাৱত উষ্ণ আদৰণি জনোৱা হয়। সাংবাদিক অজন্তা চৌধুুৰীয়ে পৰিচালনা কৰা আদৰণি অনুষ্ঠানত পৰিচালক গৰাকীক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় কামৰূপ জিলা সাংবাদিক সংস্থাৰ সম্পাদক তৰণী চৰন কলিতা, জয়ন্ত কুমাৰ শৰ্মা আৰু ধ্ৰুব জ্যোতি ডেকাই। নিজৰ ভাষনত তৰণী চৰন কলিতাই পঙ্কজ পল্লৱ শৰ্মাক স্বাগতম জনাই ন ন কাম কৰি যাবলৈ শুভেচ্ছা জনায়।

    ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা পঙ্কজ পল্লৱ শৰ্মাক ৰঙিয়াৰ গৌৰৱ আখ্যা দি সাংবাদিক জয়ন্ত কুমাৰ শৰ্মাই মুক্তি পাবলগীয়া পঙ্কজ পল্লৱ শৰ্মাৰ পৰিচালনা আৰু অজিত বৰ্মনৰ প্ৰয়োজনাত “দিঠকত হেৰাল সপোন” ছবিখন উপভোগ কৰিবলৈ আহ্বান জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি পৰিচালকগৰাকীয়ে কয় “বঁটা- বাহনে নিজ কৰ্মক্ষেত্ৰত নতুন উদ্যমেৰে কাম কৰাৰ বাবে উৎসাহ যোগায়।” প্ৰসঙ্গক্ৰমে “সমতা সাহিত্য একাডেমী আগবঢ়োৱা কলা-নাট্য ৰাষ্ট্ৰীয় বঁটা২০১২, মুনলাইট মিডিয়া পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই।

    লকডাউনৰ সময়চোৱাত বিভিন্ন সমস্যাৰ আঁত ধৰি ইংৰাজী, অসমীয়া , হিন্দী ভাষাত প্ৰায় ষোল্লখনৰো অধিক চুটি ছবি নিৰ্মাণ কৰি এক অভিলেখ সৃষ্টি কৰিছে । সুদক্ষ পৰিচালক পংকজ পল্লব শৰ্মাৰ প্ৰতিখন চুটি ছবি দৰ্শকে আকোঁৱালি লোৱা পৰিলক্ষিত হৈছে। তাৰে ভিতৰত অভিনেতা পৰিচালক পংকজ পল্লব শৰ্মাৰ কাহিনী, চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰে অক্টোপাছ (হিন্দী), ভেঞ্চাৰ শিক্ষকৰ বিলৈ, ৰান্ধনীৰ বিলৈ, অধ্যয়ন কৰো আহক, কৰ’না, নলবৰীয়া ফুলাম জাপি ( ইংৰাজী), বেলশৰ দেৱালয় (ইংৰাজী ), বালিসত্র দা টুৰিজিম স্পট অব আসাম (ইংৰাজী ), চাইলেন্ট কিলাৰ, প্ৰাইভেট শিক্ষা, বাৰিষা, ধৰ্ষীতা ভনী অন্যতম। এই ছবি সমূহৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ সমস্যা ৰাইজৰ আগত উপস্থাপন কৰা দেখা গৈছে। তাৰোপৰি পংকজ পল্লব শৰ্মাই চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা কৰা অন্য চুটিছবি কেইখন হৈছে ৰজী ভট্টৰ “পতি ধৰ্ম” , তিলক বৈশ্যৰ “ইচ্ছামৃত্যু কিমান গ্ৰহনযোগ্য”, ৰুদ্ৰকান্ত শৰ্মাৰ “অভিশপ্ত বাৰ্থডে”, আৰু এম মহিবুৰ ৰহমানৰ কাহিনীৰে “চাৰপ্ৰাইজ”।

    অভিনয় শিক্ষাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান সংগীত স্কুল অৱ ড্ৰামাৰ নিবেদন আৰু জয়ন্তজিত কলিতাৰ প্ৰযোজনাত নিৰ্মিত প্ৰতিখন ছবি ইতিমধ্যে দৰ্শকৰ মাজত আলোড়ন সৃষ্টি কৰিছে আনহাতে বহুচৰ্চিত চুটিছবি অক্টোপাছে ৰাষ্টীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে।

    এই চুটিছবি সমূহৰ দ্বাৰা অভিনেতা পৰিচালক পংকজ পল্লৱ শৰ্মাই অসমৰ বিভিন্ন ঠাইৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতীক এখন মঞ্চ দিবলৈ চেষ্টা কৰিছে। তাৰোপৰি কম সময়ৰ ভিতৰত ইমান কেইখন জনপ্ৰিয় চুটিছবি ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি “দি চাইলেন্ট কিলাৰ” নামৰ ৱেব চিৰিজ এখন পৰিচালনা কৰি ড্ৰাগছৰ বিৰুদ্ধে সাংস্কৃতিক প্ৰতিবাদ কৰি আছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.