ধুবুৰী জিলাৰ বিলাসীপাৰাত শুক্ৰবাৰে পুৱা এখন বাহন সহ ১২ টা অবৈধ উন্নত জাতৰ গৰু জব্দ

ধুবুৰী জিলাৰ বিলাসীপাৰাত শুক্ৰবাৰে পুৱা এখন বাহন সহ ১২ টা অবৈধ উন্নত জাতৰ গৰু জব্দ

বিলাসীপাৰা, ১৫ ছেপ্টেম্বৰউল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ থানাৰ অন্তৰ্গত খেৱাৰ চৰ অঞ্চলৰ পৰা ৰাইজ আৰু আৰক্ষীয়ে ১২ টা উন্নত জাতৰ গৰু আৰু এখন বাহন জব্দ কৰি বিলাসীপাৰা থানালৈ লৈ আনে । ঘটনাৰ বিবৰণী মতে বিলাসীপাৰা অঞ্চলৰ পৰা গোৱালেৰ চৰলৈ AS 17 C 6069 নম্বৰৰ বাহনখন গৈ থকাত ৰাইজৰ সন্দেহ হোৱাত বাহন খন ৰখাবলৈ কয় ।যদিও পিছত চালক জনে বাহন খন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম বুলি জানিব পৰা গৈছে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তালাচী কৰাত ১২ টা উন্নত জাতৰ অবৈধ ভাবে সৰবৰাহ কৰা গৰু আৰু বাহন খন থানালৈ লৈ আনে ।

বিলাসীপাৰা ৰ পৰা আলী আজাত ইছলামৰ প্ৰতিবেদন

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.