শেহতীয়া আপডেটঃ

বালিভোজ আৰু গৰীৱৰ জীঁয়া যাতনাৰ এখন ন-অঁকা ছবি ৷

বালিভোজ আৰু গৰীৱৰ জীঁয়া যাতনাৰ
এখন ন-অঁকা ছবি ৷

নিৰ্ঝৰণীৰ নিটাল বালিয়ৰি দুপাৰত
শুভ্ৰ শীতৰ বৰ্ষণ পিন্ধা
এজাক প্ৰেমিকৰ অভিৰতি
ৰ’দৰ ৰঙখেদি বহিছেহি নিতৌ ৷

ভোগ খেদা এখন মহাৰণ চলিছে
সহস্ৰজনৰ তৃপ্তিৰ এমোকোৰা হাঁহিৰে
উপচি পৰিছে উপত্যকাৰ জীপাল দুপাৰ ৷
আৰু
উপকণ্ঠত ভোকৰ যাতনাই দহা গতিহীন ময় কলমলাই থকা পৃথিৱী এখনৰ নীল কল্লোল

শ্ৰমিক চুবুৰিলৈ ভোকৰ সূৰ্যটো নামি অহাৰ সময়ত
বালিচৰত ভোগৰ অগাদেৱা
ব্যঞ্জনৰ সুমধুৰ স্বাদৰ গোন্ধ ৷

পানী যুৱলীত লাগি থকা প্ৰাচীনতম শীতলতাই শিহৰিত কৰা দুভৰিৰ শব্দত
অৰণ্যখনৰ সলাজ চাৱঁনিবোৰ
চকুৱে চকুৱে বাগৰি
ওঁঠে ওঁঠে বগাই বুকুৱেদি শিপাই
চুইচছেহি শীতল প্ৰদেশ ৷

ভোক আৰু ভোগৰ দুটি কক্ষপথত
ঘূৰ্ণনৰত দুখন পৃথিৱী ৷
সাৰ্বজনীন প্ৰাত্যহিক
শব্দবোৰৰ কি যে অহিনকুল সমন্ধ !
অৰণ্যৰ বুকুত ঠেকা খাই হৈছেহি
ফুল আৰু শিল ৷৷

ফুলৰ উচ্ছল হাঁহিত
শীতৰ দুপৰীয়াটোত
পাৰঘাটলৈ নামি আহিছে
জীৱন জীয়াঢল ৷
আৰু
শিলৰ বোবা বেদনাত
ঝঞ্চামত্ত অৰণ্য এখন গজি উঠিছে ,
ধুঁৱলি ৰ’দে আঁকে হৃদয়ত অস্থিৰতাৰ
এসুঁতি তৃষিতা নিৰ্ঝৰ ৷

নিৰঞ্জন দাস ⁄ৰাংছালী ⁄বিহালী

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.