শেহতীয়া আপডেটঃ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ জিলা প্ৰশাসনৰ ক্ষীপ্ৰতাৰে প্রস্তুতি

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ বেছি দিন নাই৷ ৰঙালী বিহুৰ পিছতে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন৷ প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচন সুকলমে সমাপন হোৱাৰ বাবে জিলা প্ৰশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিবলগীয়া হৈছে। বিশেষকৈ উজনি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে৷ এই উদ্দেশ্যে আদি তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। শুভংকৰ মুকলি কৰি তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথি বাইদেউসকলে সেৱা আগবঢ়াব। ‘আপোনাৰ এটা ভোটৰ অধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’ এই শ্ল’গান গাঁৱে-ভূঞে বিয়পাবলৈ আহ্বান তেওঁ আহ্বান জনাই। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

উল্লেখযোগ্য যে নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে ভোটাৰক সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহৰ মাজৰ পৰা প্ৰতিখন গাঁও আৰু পৌৰসভা ৱাৰ্ডত সাৰথি বাইদেউ নামাকৰণেৰে একোগৰাকীকৈ স্বেচ্ছাসেৱী প্রতিনিধি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু ডুমডুমাৰ পৌৰসভাসমূহত ৪৩ গৰাকী আৰু গাঁও পঞ্চায়তসমূহত মুঠ ৩৮৩ গৰাকী সাৰথি বাইদেউক নিযুক্তি দিয়া হ’ব। তিনিচুকীয়াৰ শদিয়া আৰু মাৰ্ঘেৰিটা মহকুমাতো সাৰথি বাইদেউ নিযুক্তি দিয়া হ’ব। তেওঁলোকে নিজ অঞ্চলৰ ভোটদাতাৰ ভোটদান সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ লগতে ৮৫ বছৰ ঊৰ্ধৰ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলক ভোটদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.