31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    এন ই ফ’কাচ গ্ল’ৰী এৱাৰ্ড অনুষ্ঠান সফল সামৰণি

    এন ই ফ’কাচ গ্ল’ৰী এৱাৰ্ড অনুষ্ঠান সফল সামৰণি :

    অসম খবৰ ডিস্ক ১৩ আগষ্ট :

    অসমৰ ডিজিটেল নিউজ পৰ্টেলৰ সমূহৰ ভিতৰত অন্যতম  ডিজিটেল নিউজ পৰ্টেল  এন ই ফ’কাচ । উল্লেখযোগ্য যে
    এন ই ফ’কাচে প্ৰতি বছৰে উদযাপন কৰি অহাৰ দৰে এইবাৰো এন ই ফ’কাচে উদযাপন কৰিলে এন ই ফ’কাচ গ্ল’ৰী এৱাৰ্ড।
    এইবাৰ এন ই ফ’কাচ গ্ল’ৰী এৱাৰ্ড লাভ কৰিলে লেখক সমাজ সচেতক নৱজিৎ দেউৰী,শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগ,সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উদ্যমী ধ্ৰুৱজ্যোতি বৰা। আনহাতে, এন ই ফ’কাচৰ বঁটা লাভ কৰে ৰাজ্যৰ সাহিত্য, সংস্কৃতি ৰাজনীতি, ব্যৱসায়ৰ লগত জৰিত ১১ জনকৈ ব্যক্তিয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেখেত সকলে বঁটা গ্ৰহণ কৰে। এন ই ফ’কাচৰ গ্ল’ৰী বঁটাত আছে এখন গামোছা,চেলেং, এখন স্মাৰক আৰু এটা ট্ৰফি। আনহাতে এন ই ফ’কাচৰ বঁটাত আছে গামোছা, জাপি,মানপত্ৰ আৰু ট্ৰফি। এন ই ফ’কাচৰ বঁটা লাভ কৰে ব্যৱসায়ী কৰিষ্মা বেগম,লেখক লক্ষী প্ৰসাদ ডেকা,দিলিপ দাস, অলকা বুজৰ বৰুৱা,উষামণি শইকীয়া,ছাজন ভূঞা, শুক্লেশ্বৰ নাথ, বাসন্তী দুৱাৰা কলিতা, দিনমণি ভাণ্ডাৰ কায়স্থ, সুশান্ত বিশ্বাস, যুগান্ত দাস। আনহাতে অহা ১৫ আগষ্টত ডিজিটেল নিউজ পৰ্টেল Nefocus য়ে অষ্টম বৰ্ষত ভৰি দিব
    বৰ্ষপুৰ্তিৰ প্ৰাকক্ষণত প্ৰতি বছৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিকNefocus গ্ল’ৰী এৱাৰ্ডে সন্মানিত কৰি আহিছে।

    প্ৰায় শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শিত হয়। স্মৃৰ্তব্য যে ২০১৬ চনৰ ১৫ আগষ্টত যুৱ সাংবাদিক সংগীতা শইকীয়াৰ প্ৰচেষ্টাত Nefocus.com য়ে জন্ম লাভ কৰি বিভিন্ন ক্ষেত্ৰৰ খনলৈ বৰঙণি আগবঢ়োৱা ব্যক্তি সকলক জনসাধাৰণক চিনাকি কৰি এখন মঞ্চ দিবলৈ চেষ্টা কৰি আহিছে এন ই ফ’কাচে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.